FOCUS Live

FOCUS Live "ফ'কাছ লাইভ"
WhatsApp No.- 93658 03376

"পানীত ডুবি মৃ*ত্যু হৈছিল জুবিন গাৰ্গৰ" পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃ*ত্যুৰ প্ৰমাণপত্ৰ।
21/09/2025

"পানীত ডুবি মৃ*ত্যু হৈছিল জুবিন গাৰ্গৰ"

পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃ*ত্যুৰ প্ৰমাণপত্ৰ।

21/09/2025

ডিমৌ অঞ্চলৰ সমূহ ৰাইজ, দ'ল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, প্ৰতিখন সমাজৰ উদ্যোগত শিল্পী জুবিন গাৰ্গৰ প্ৰতিছব্বিত মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পদযাত্রাৰ আয়োজন।

20/09/2025

শিৱসাগৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।

চহৰৰ দ'লমুখ চাৰিআলিস্থিত ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শিৱসাগৰবাসী ৰাইজে "জুবিন গাৰ্গ অমৰ হওঁক" শীৰ্ষক বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে জনতাৰ শিল্পীগৰাকীলৈ জনাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতেই উপস্থিত অগণন ৰাইজে জুবিন গাৰ্গৰ "মায়াবিনী" গীতটি পৰিবেশন কৰি মৰমৰ শিল্পীগৰাকীৰ মনৰ ইচ্ছা পুনৰ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।

20/09/2025

ডিমৌ মাৰৱাড়ী সমাজৰ তৰফৰ পৰা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কণ্ঠশিল্পী বিজয় বিশালৰ মায়বিনী পৰিৱেশন...

20/09/2025

ডিমৌৰ ডিখাৰী তিনিআলি যুৱ সমাজে ডিখাৰী তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি, ধূপ জ্বলাই হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

19/09/2025

Mayabini ratir bukut || zubeen new assamese songMayabini ratir bukut Dekha palu tumar sobi Dhora dila gopone ahi Hiyar konot Tumi je mor xukan monot Niyorore...

19/09/2025

শিৱসাগৰ চাৰি যুৱকৰ পদক জয়। উৎফুল্লিত পৰিয়ালবৰ্গ তথা অঞ্চলবাসী ৰাইজ।

৩৬ সংখ্যক বিদ্যা ভাৰতী ৰাষ্টীয় টাই কোৱানডো প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ সিংহদ্বাৰ টাই কোৱানডো একাডেমীৰ চাৰি প্ৰশিক্ষাৰ্থীৰ এই সাফল্য।

যোৱা ১১ ছেপ্টেম্বৰ পৰা ঝাৰখণ্ড অনুষ্ঠিত হোৱা ৩৬ সংখ্যক বিদ্যা ভাৰতী নেশ্যনেল স্কুল গেমছ্ প্ৰতিযোগিতাত সিংহদ্বাৰ টাই কোৱানডো একাডেমীৰ পৰা ৪ জন খেলুৱৈ প্ৰতিনিধিত্ব কৰি ৩ গৰাকী খেলুৱৈ হিৰক জ্যোতি চিৰিং ফুকন (সোনৰ পদক), প্ৰাণজিৎ কোঁৱৰ (সোণ), শিৰোমনি কোঁৱৰ ( সোণ )আৰু লক্ষ্যৰাজ বৰুৱা (ব্ৰঞ্জ)ৰ পদক লাভ কৰি শিৱসাগৰ তথা সিংহদ্বাৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিব বাবে সক্ষম হয়।

19/09/2025

শিৱসাগৰত যমুনাৰ অবৈধ বেদখল উচ্ছেদ নকৰিলে সদৌ তাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰবাসীক লগত লৈ নিজাববীয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ হুংকাৰ।

জিলা প্ৰশাসন তথা চৰকাৰক আজি সন্ধ্যা পাঁচ বজালৈকে শেষ সময়সীমা বান্ধি দিলে সদৌ তাই আহোম ছাত্ৰ সন্থাই।

শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ (বসন্ত গোট) সংবাদমেল।

06/09/2025

শিৱসাগৰত CAAৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অগ্নিশিখা সমদল।

২০২৪ চনৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰিবলৈ ৬ টা ধৰ্মাৱলম্বীৰ বিদেশী লোকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ বাবে " কা" ৰ অধীনত আৱেদন কৰিব পাৰিব বুলি ভাৰত চৰকাৰে শেহতীয়াকৈ জাৰি কৰা অধিসূচনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি সন্ধিয়া জোঁৰ সমদল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

01/09/2025

ডিমৌৰ ভীমপোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত অঘটন। পাঠদান চলি থকা সময়তে বিকত চিঞৰ মাৰি মূৰ্চা গ'ল ৬ গৰাকীকৈ ছাত্ৰী। ফলত বিদ্যালয় খনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে শিক্ষাৰ্থীসকলৰ মাজত।

শিৱসাগৰ জিলাৰ ডিমৌৰ ভীমপোৱা হাইস্কুলত আজি এক হুৱা দুৱা পৰিবেশৰ সৃষ্টি হয়। নৱম শ্ৰেণীত পাঠদান চলি থকাৰ মাজতে ছয় গৰাকীকৈ ছাত্ৰী মূৰ্চা যায়। যাৰ ফলত শ্ৰেণী কোঠাত থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আতংকৰ পৰিবেশ সৃষ্টি হয়। পিছত একাংশ ছাত্ৰ আৰু অভিভাৱকৰ তৎপৰতাত আটাইকে ডিমৌ আৰ্দশ চিকিৎসালয়ত ভৰ্ত্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে। ইয়াৰে এগৰাকী ছাত্ৰীক উণ্ণত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক প্ৰেৰণ কৰে।

ইপিনে, কি কাৰণে ছাত্ৰী কেইগৰাকী অচেতন হৈ পৰিল সেয়া জানিব পৰা হোৱা নাই যদিও এগৰাকী ছাত্ৰী মানসিক ভাৱে অসুস্থ হৈ পৰাত সেই দৃশ্য প্ৰত্যক্ষ কৰি আন কেইগৰাকী ছাত্ৰী অচেতন হৈ পৰিল বুলি প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰিছে।

31/08/2025

শিৱসাগৰ জিলাৰ ডিমৌ কাষৰীয়া বকতা পুনিবিলৰ জীয়ৰী ৰিম্পী বুঢ়াগোহাঁয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন শিতানত তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে সমগ্ৰ ভাৰতবৰ্ষলৈ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ সোণৰ পদক জয়লাভ কৰি আজি নিজ গাঁও বকতা পুনিবিলত উপস্থিত হোৱা ৰিম্পীক স্থানীয় ৰাইজ তথা দল সংগঠতে বাইক ৰেলি কৰি গাঁৱলৈ আদৰি অনাৰ লগতে সুদক্ষ খেলুৱৈ গৰাকীক উষ্ম আদৰণি জনায়।

আমেৰিকাৰ আলাবামা বাৰ্মিংহামত অনুষ্ঠিত হোৱা World Police & Fire Games 2025 ত বকতা পুনিবিলৰ বৰ্তমান আসাম ৰাইফলছত নাগালেণ্ডত কৰ্মৰত এথলীট ৰিম্পীয়ে তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰি অসমৰ লগতে অঞ্চলটোলৈ এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ৰিম্পীৰ এই সফলতাত উৎফুল্লিত পৰিয়ালবৰ্গ তথা গাঁৱবাসী ৰাইজ।

আজি ডামচাও প্ৰেমানন্দ বুঢ়াগোহাঁই সমন্বয় ক্ষেত্ৰত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ বকতাৰ উদ্যোগত, পুনিবিল বাসীৰ অতিথ্যত তথা বকতাবাসীৰ সহযোগত তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰা বিশ্বজয়ী এথলীট ৰিম্পী বুঢ়াগোহাঁইক উৎসাহিত কৰাৰ অৰ্থে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়।

30/08/2025

ডিমৌত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান, বাল্য বিবাহ আৰু গৰ্ভৱতী কিশোৰীৰ সামাজিক সমস্যা সন্দৰ্ভত সজাগতা সভা সম্পন্ন।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত, ডিমৌ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত তথা স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান, বাল্য বিবাহ আৰু গৰ্ভৱতী কিশোৰীৰ সামাজিক সমস্যা সন্দৰ্ভত আজি শিৱসাগৰ জিলাৰ ডিমৌ স্থিত জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত এক সজাগতা সভা অনুষ্ঠিত হয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি অতিৰিক্ত জিলা আয়ুক্ত (সমাজ কল্যাণ) লুকুমণি বড়াই তেওঁৰ বক্তব্যত গৰ্ভৱতী তথা প্ৰসূতি মাতৃৰ লগতে শিশুৰ বাবে স্বাস্থ্য তথা চিকিৎসা সেৱাৰ লগতে পৰিপুষ্টিৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ-সচেতন থকাটো নিতান্তই অপৰিহাৰ্য বুলি উল্লেখ কৰে। গৰ্ভৱতী মহিলাৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্যাভ্যাস, স্বাস্থ্যৰ যতন তথা নিয়মীয়া স্বাস্থ্য পৰীক্ষা সম্পৰ্কে তৃণমূল পৰ্যায়ত অসকৰ্মিসকলক সজাগতা বৃদ্ধিৰ পদক্ষেপ অব্যাহত ৰাখিবলৈও তেওঁ আহ্বান জনায়। নিজ বক্তব্যত তেওঁ বাল্য বিবাহ আৰু কিশোৰী অৱস্থাত গৰ্ভধাৰণৰ ভয়াবহতাৰ বিষয়েও অবগত কৰে। আনহাতে সমাজত বৰ্ধিত ধঁপাত বা অন্যান্য মাদক দ্ৰৱ্য সেৱনৰ প্ৰাদুৰ্ভাৱ দূৰীকৰণৰ দিশতো সকলোকে আগবাঢ়ি আহিবলৈ তেওঁ উৎসাহিত কৰে।

আজিৰ অনুষ্ঠানত আদৰণি বক্তব্য আগবঢ়ায় ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা সহকাৰী আয়ুক্ত কে. এন. চন্দনা জাহ্নবীয়ে।

আজিৰ অনুষ্ঠানত আলোচ্য বিষয়বস্তুসমূহৰ আধাৰত নিৰ্মিত কেইবাখনো দৃশ্য-শ্ৰাৱ্য প্ৰস্তুতি পৰিবেশন কৰা হয়।

বিভিন্ন বিভাগৰ আমন্ত্ৰিত সমল ব্যক্তিসকলে আজিৰ সজাগতা সভাত আলোচ্য বিষয়সমূহৰ ওপৰত অভিজ্ঞতাপুষ্ট অবলোকন দাঙি ধৰে।আনহাতে অনুষ্ঠানৰ অংশস্বৰূপে কেইবাগৰাকী আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, কৃষিসখীয়ে কৰ্মক্ষেত্ৰত অৰ্জন কৰা নিজ নিজ অভিজ্ঞতা তথা ভাৱ ব্যক্ত কৰে। লগতে স্থানীয় চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলৰ সহযোগিতাত এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষণ শিবিৰৰো আয়োজন কৰা হয়।

আজিৰ অনুষ্ঠানত ডিমৌ সম-জিলাৰ সহকাৰী আয়ুক্ত পৰিস্মিতা দিহিঙ্গীয়া, ডিমৌ পৌৰসভাৰ কাৰ্যবাহী বিষয়া মৃত্যুঞ্জয় ভৰালী, জিলা শিশু সুৰক্ষা বিষয়া ডঃ বিকাশ ৰঞ্জন কোঁৱৰ, ডিমৌ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিছাদু চিংফু, ডিমৌ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উদয় দত্ত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ডিমৌৰ খণ্ড প্ৰকল্প প্ৰবন্ধক মনোজ বৰুৱা, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ ৰূপম বৰকাকতি, ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বিজিত বড়া প্ৰমুখ্যে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, স্থানীয় ছাত্ৰ সংগঠনৰ প্ৰতিনিধি বৰ্গ, সংবাদসেৱী, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, কৃষিসখী, জীৱিকা সখী, গৰ্ভৱতী মহিলা আৰু গৰিষ্ঠসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Address

Sibsagar
785662

Telephone

+916000273076

Website

Alerts

Be the first to know and let us send you an email when FOCUS Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to FOCUS Live:

Share