22/10/2025
শিৱসাগৰত ১৩-১৬ নৱেম্বৰ লৈকে আধ্যাত্মিক যুৱ সন্মিলন: সামৰণি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ পৃষ্ঠপোষকতাত ২০১০ চনৰ ৩০ এপ্ৰিলত স্থাপন হোৱা আধ্যাত্মিক যুৱ সন্মিলন চমুকৈ 'আয়ুসে অহা ১৩- ১৬ নৱেম্বৰলৈকে চাৰিদিনীয়াকৈ আধ্যাত্মিক যুৱ সন্মিলন ২০২৫ ৰ আয়োজন কৰা হৈছে।
৪৫ বছৰৰ অনুৰ্দ্ধৰ যুৱক যুৱতীক শাৰীৰিক, নৈতিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰা হবএই চাৰিদিনীয়া আৱাসিক কৰ্মশালাৰ যোগেদি। আয়ুসে ষোল্ল বছৰীয়া যাত্ৰা পথত বৰ্তমানলৈকে অসমৰ বিভিন্ন জিলাত ষোল্লখনকৈ কৰ্মশালা অনুষ্ঠিত কৰি বৰ্তমানলৈকে প্ৰায় ৩৩ হাজাৰমান যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিছে। যোৰহাট, মাজুলীৰ পৰা আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়লৈকে হোৱা কৰ্মশালাৰ যোগেদি প্রাত: প্ৰাৰ্থনা, সুস্থ শৰীৰ আৰু মনৰ বাবে যোগ প্রাণায়াম, নপ্ৰজন্মৰ মানসিক একাগ্রতা বৃদ্ধিৰ বাবে ধ্যান ধাৰণাৰ সত্ৰ, গীতাৰ আধ্যাত্ম দৰ্শন, নৈতি চৰিত্ৰ গঠনৰ সত্ৰ, আধুনিক বিজ্ঞানৰ উপজীব্য যথাৰ্থ ব্যৱহাৰ, নাৰীৰ স্বাস্থ্যজনিত সমস্যা আৰু সমাধ লোক সংস্কৃতিৰ দক্ষতা বৃদ্ধিৰ কচৰ আদিৰ শিক্ষা প্ৰদান কৰি আহিছে।
উল্লেখযোগ্য ২০২৩ চনৰ জুনমাহত মাজুলীৰ জেংৰাইমুখত ২৩ শ মহিলাৰ চাৰিদিনীয়া আৱাসিক কৰ্মশালা অনুষ্ঠিত কৰাৰ পিছত এইবাৰ অহা ১৩,১৪,১৫ আৰু ১৬ নৱেম্বৰত (২০২৫) শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰাগ চলিহা খেলপথাৰত তিনি হাজাৰ মহিলাৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰথম দিনৰ কায্যসুচিত স্বৰ্গদেউ জয়ধ্বজ সিংহ ক্ষেত্ৰ উদ্বোধনৰ পাছতেই
অভিজ্ঞ প্রশিক্ষকৰ দ্বাৰা
প্ৰশিক্ষণ শিবিৰ উদ্বোধন,স্মৃতি গ্ৰন্থ উন্মোচন, ব্ৰহ্ম বন্দনা,যোগ প্ৰণায়ম, কৰ্মশালাত যোগ প্ৰশিক্ষক, ধ্যান ধাৰণাৰ প্ৰশিক্ষক, গীতাৰ আধ্যাত্মক দৰ্শনৰ ওপৰত শ্ৰীশ্রীদক্ষিণপাটীয় সত্ৰাধিকাৰকে প্ৰমুখ্য কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ( AIMS) চিকিৎসক, অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া, জাতীয় সংগঠনৰ প্ৰতিনিধিৰ আদি সমল ব্যক্তি সকলে অংশ গ্রহণ কৰিব ৷
সামগ্রিকভাবে কৰ্মশালাখনিত অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী বিধায়কৰ উপৰিও ১৬ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা সমাপন সমাৰোহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। অনুষ্ঠানটোৰ সন্দৰ্ভত
আজি শিৱসাগৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত মহিলা সকলক কৰ্মশালাত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাইজৰ সহযোগিতা তথা উপস্থিতি ঐকান্তিকতাৰে কামনা কৰিছে আধ্যাত্মিক যুৱ সন্মিলনৰ সভাপতি শ্ৰী শ্ৰী দক্ষিণপাতীয় সত্ৰাধিকাৰ গোস্বামীয়ে। আজিৰ সংবাদমেলত যুৱ সন্মিলনৰ কায্যকৰি সভাপতি ঘন গগৈ,প্ৰধান সম্পাদক মন ৰাজগুৰু,সম্পাদক প্ৰদূন্য দত্ত,উপদেষ্টা ডঃ প্ৰকাশ কটকী,বুধিন মিশ্ৰ, উপ সভাপতি পৱন বৰঠাকুৰ,পুলিন শৰ্মা উপস্থিত থাকে।