Ranjan riyan Dutta

Ranjan riyan Dutta CEO, Director & Founder Of SRD Presents Pvt. Ltd.

আমি যি কাম কৰোঁ, তাৰ মূল উদ্দেশ্য হ’ব লাগে নিজৰ বিবেকৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱা। সৎভাৱে কাম কৰিলে কেৱল বাহ্যিক সফলতাই নহ...
16/07/2025

আমি যি কাম কৰোঁ, তাৰ মূল উদ্দেশ্য হ’ব লাগে নিজৰ বিবেকৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱা। সৎভাৱে কাম কৰিলে কেৱল বাহ্যিক সফলতাই নহয়, আভ্যন্তৰীণ শান্তি আৰু তৃপ্তিও লাভ কৰা যায়। প্ৰকৃত সফলতা তেতিয়াহে সম্ভৱ যেতিয়া আমি নিজৰ মূল্যবোধ আৰু নীতিৰ প্ৰতি অটল থাকোঁ।

15/07/2025
এটা বিয়াৰ অনুষ্ঠানত এগৰাকী ভদ্ৰ মহিলা উজুটি খাই পৰি গ’ল । লগে লগে উঠি থিয় হৈ তেওঁ ক’লে যে সকলো ঠিকেই আছে , আৰু তেওঁ ইটা...
14/07/2025

এটা বিয়াৰ অনুষ্ঠানত এগৰাকী ভদ্ৰ মহিলা উজুটি খাই পৰি গ’ল । লগে লগে উঠি থিয় হৈ তেওঁ ক’লে যে সকলো ঠিকেই আছে , আৰু তেওঁ ইটাৰ টুকুৰা এটাত ভৰিতো লাগি উজুতি খালে বুলি জনালে । কোনোবাই এম্বুলেঞ্চ অনাৰ কথা ক’লে যদিও তেওঁ মান্তি নহ'ল আৰু নিজকে সম্পূৰ্ণ সুস্থ বুলি জনালে।

সকলো ঠিকঠাক কৰি, পৰিস্কাৰ কৰি
তেওঁ অনুষ্ঠানটিত যথেষ্ট সময় উপস্থিত থাকিল । কিন্তু তাৰ পিছৰ দিনা তেওঁৰ স্বামীৰ মুখেৰে গম পোৱা গ’ল যে মহিলা গৰাকী হাস্পতালত আছে । আৰু সন্ধ্যা ছয় মান বজাত তেওঁৰ মৃত্যু ঘটে !

মূলতে, আচলতে যিটো ঘটনা ঘটিছিল,
সেইটো হ’ল, অনুষ্ঠান চলি থকাৰ
সময়তে তেওঁৰ প্ৰেচাৰষ্টোকত আক্ৰান্ত হৈছিল । তাত কোনোবাই জনা হেতেন কেনেকৈ ষ্ট্ৰোক চিনাক্ত কৰা সম্ভৱ, তেতিয়া হয়তো মহিলা গৰাকী আজি জীৱীত থাকিল হেতেন ।

এজন মস্তিষ্ক বিশেষজ্ঞই কৈছিল, যদি
এজন ষ্ট্ৰোক আক্ৰান্ত ৰোগীক ষ্ট্ৰোক
হোৱাৰ তিনি ঘন্টাৰ ভিতৰত হাস্পতাললৈ
লৈ যোৱা হয়, তেন্তে তেওঁক সম্পূর্ণভাবে সুস্থ অবস্থাত ঘুৰাই পোৱা সম্ভৱ । কেৱল
আমি জানিব লাগিব যে কেনেদৰে ষ্ট্ৰোক
চিনাক্ত কৰা যায়, আৰু জানিব লাগিব
চিনাক্তকৰণৰ পিছত কিমান সময়ৰ ভিতৰত ৰোগীক হাস্পতালত ভৰ্তি কৰিব লাগে ।

এতিয়া কথা হ’ল #ষ্ট্ৰোক কেনেদৰে চিনাক্ত কৰিব...?

িনিটা_উপায়ঃ-
S, T আৰু R...প্ৰথম তিনিটা আখৰ ।

S – Smile ৷
ৰোগীক হাঁহিবলৈ দিয়ক ।

T – Talk ৷
ৰোগীক আপোনাৰ লগে লগে এটা বাক্য ক’বলৈ দিয়ক ।
উদাহৰণঃ “আজিৰ দিনটো বহুত সুন্দৰ ।”

R – Raise hands ৷
ৰোগীক একেলগে দুইখন হাত ওপৰলৈ তুলি ধৰিবলৈ দিয়ক ।

ইয়াৰ যিকোনো এটাতে যদি ৰোগীৰ
সমস্যা বা কষ্ট হয়, দেৰি নকৰি তৎক্ষণাত তেওঁক হাস্পতাললৈ লৈ যাওক আৰু
চিকিৎসকক সমস্যাটো খুলি কওক ।

চিনাক্তকৰণৰ আৰু এটা উপায় হৈছে,
ৰোগীক তেওঁৰ জিভা খন বাহিৰলৈ উলিয়াবলৈ দিয়ক । যদি তেওঁৰ জিভাখন মুখৰ ভিতৰতে ভাঁজ হৈ থাকে, অথবা যদি বেঁকা হৈ যিকোনো এফালে পৰি যায়, সেইটোও ষ্ট্ৰোকৰ লক্ষণ ৷ তৎক্ষণাল তেওঁক হাস্পতাললৈ নিনিলে অথন্তৰ হ’ব পাৰে ।

এজন খ্যাতনামা হৃদৰোগ বিশেষজ্ঞই কৈছিল, যদি আমি সকলোৱে এই সহজ কৌশলবোৰ জানি থওঁ, তেতিয়া আমি যিকোনো এজনৰ হ’লেও জীৱনটো ৰক্ষা কৰিবলৈ সক্ষম হ’ম ।

এতিয়া আপুনি শিকিলে,
আৰু
লগতে আপোনাৰ বন্ধু আৰু প্রিয়জনকো শিকাই ৰাখক ৷
অন্ততঃ কাৰোবাৰ জীৱনটো বচোৱাত সহায় হ'ব ।





14/04/2025










Successfully completed the Advanced Management Development Programme on Digital Marketing, Organized by The Indian Insti...
25/03/2025

Successfully completed the Advanced Management Development Programme on Digital Marketing, Organized by The Indian Institute Of Entrepreneurship, at Lalmati, Guwahati.

19/03/2025










18/03/2025










17/03/2025










16/03/2025










15/03/2025










Address

Sibsagar
785661

Telephone

+918134889416

Website

http://www.artisticacademy.in/, http://www.themegabazaar.co.in/

Alerts

Be the first to know and let us send you an email when Ranjan riyan Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ranjan riyan Dutta:

Share