
06/03/2025
অসমৰ শিক্ষক-কৰ্মচাৰীসকলক NPS আৰু UPSৰ পৰিৱৰ্তে OPS দিব লাগে বুলি বিধানসভাত দাবী উত্থাপন কৰি আহিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। অসমৰ শিক্ষক-কৰ্মচাৰীসকলৰ সমস্যাসমূহ আৰু প্ৰশ্নসমূহো বিধায়ক হিচাপে অখিল গগৈয়ে বিধানসভাত উত্থাপন কৰি আছে। আজি অসমৰ শিক্ষক-কৰ্মচাৰীসকলৰ এটা প্ৰতিনিধি দলে অখিল গগৈৰ বাসগৃহত আহি বিধায়ক গৰাকীক সাক্ষাৎ কৰে আৰু বিধানসভাত অসমৰ শিক্ষক-কৰ্মচাৰীসকলৰ হৈ মাত মতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।