DEMOW News

DEMOW News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DEMOW News, Media/News Company, Sibsagar.

(সত্য,শুদ্ধ,নিৰপেক্ষ বাতৰি)
আপোনালোকৰ অঞ্চলৰ সভা- সমিতি, শোভাযাত্ৰা ,ধৰ্ণা,প্ৰতিবাদ আদিৰ বাতৰিৰ লগতে গাওঁখনৰ যোগাত্মক বা-বাতৰি ভিডিঅ' কৰি আমালৈ প্ৰেৰণ কৰক।

👉 8474085926
(Call & WhatsApp No)

সাম্প্ৰতিক সময়ত শিৱসাগৰ জিলাত অব্যাহত থকা প্ৰচণ্ড শীতৰ বতৰৰ পৰিপ্ৰেক্ষিতত তথা  শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ...
31/12/2025

সাম্প্ৰতিক সময়ত শিৱসাগৰ জিলাত অব্যাহত থকা প্ৰচণ্ড শীতৰ বতৰৰ পৰিপ্ৰেক্ষিতত তথা শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত ১ জানুৱাৰী, ২০২৬ৰ পৰা ৬ জানুৱাৰী, ২০২৬ তাৰিখলৈ জিলাখনৰ সমূহ চৰকাৰী, প্ৰাদেশিকৃত, আৰু ব্যক্তিগত প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় খোলাৰ সময় পুৱা ৯:৩০ বজা কৰা হৈছে। অৱশ্যে, বিদ্যালয় ছুটিৰ সময় অপৰিবৰ্তিত থাকিব। শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত মহোদয়ৰ অনুমোদন সাপেক্ষে আজি এই আদেশ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জাৰি কৰিছে। উক্ত আদেশ তাৎক্ষণিক ভাৱে সমগ্ৰ জিলাতে বলবৎ হ'ব।

31/12/2025

শিৱসাগৰ যুৱ দ’লত অনুষ্ঠিত “লাইট কেমেৰা একচন অসমৰ” Dance ৰ চিজন—3 উদ্ধোধন কৰে সমাজসেৱক লাচিত গগৈয়ে ৷

30/12/2025

সদৌ টাই আহোম ছাত্ৰ সন্থা ৩৬ তম্ কেন্দ্ৰীয় শ্বহীদ দিৱসত ২০২৫ বৰ্ষৰ ডামচাও ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সমন্বয় বঁটাতো অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক প্ৰদান কৰা হয়।

30/12/2025

অসম গণ পৰিষদ ডিমৌ বিধান সভা সমষ্টিৰ উদোগত আজি ডিমৌৰ সাংবাদিকৰে সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।

30/12/2025

সদাব্যস্ত ডিমৌ নগৰৰ পৰিৱেশ ..........

30/12/2025

ডিমৌ শিক্ষাখন্ডৰ থাওৰা ক মন্ডল সমল কেন্দ্ৰৰ অৰ্ন্তগত ৯১৪ নং থাওৰা জামুগুৰি প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত হৈছে শিশুমেলা।

কম দিনৰ ভিতৰতে আপোনালোকৰ মৰম,আৰ্শীবাদে "DEMOW News"ক আগবাঢ়ি যোৱাত উৎসাহিত কৰিছে ।এই ক্ষণত আপোনাক/আপোনালোকক আমি শ্ৰদ্ধা জ...
29/12/2025

কম দিনৰ ভিতৰতে আপোনালোকৰ মৰম,আৰ্শীবাদে "DEMOW News"ক আগবাঢ়ি যোৱাত উৎসাহিত কৰিছে ।এই ক্ষণত আপোনাক/আপোনালোকক আমি শ্ৰদ্ধা জনাইছো । যি সকল মাননীয় ফেচবুক একাউন্টৰ গৰাকী আমাৰ সৈতে বৰ্তমানলৈকে সংযুক্ত হোৱা নাই তেওঁলোকে নিজৰ ফেচবুক একাউন্টত গৈ DEMOW News টাইপ কৰি Like বা Follow কৰিব পাৰিব ।তেতিয়া বিনামূলীয়াকৈ লাভ কৰিব অসমৰ যি কোনো প্ৰান্তৰ লগতে ডিমৌ অঞ্চলৰ জৰুৰী বা-বাতৰি,অসমৰ ভিণ্ণ প্ৰান্তৰ ভিণ্ণ প্ৰতিভা আৰু জনপ্ৰিয় শিল্পীৰ গীতৰ শৰাই ।

DEMOW NEWS লৈ বা-বাতৰি,বিজ্ঞাপন,গীত,নৃত্য,দিহানাম,বিয়ানাম, ৰস-ৰচনাৰ ভিডিঅ' আদি 8474085926 Whattapp নম্বৰত প্ৰেৰণ কৰিব পাৰিব ।

সেৱাৰে .......
"DEMOW News" কৰ্তৃপক্ষ ।।…….

জুনিয়ৰ আন্ত জিলা ভলীবল প্ৰতিযোগিতাত ছোৱালী চেম্পিয়ন শিৱসাগৰ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰি মহাবিদ্যালয়ৰ খেল...
29/12/2025

জুনিয়ৰ আন্ত জিলা ভলীবল প্ৰতিযোগিতাত ছোৱালী চেম্পিয়ন শিৱসাগৰ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰি মহাবিদ্যালয়ৰ খেলপথাৰত যোৱা ২৭/১২/২০২৫ তাৰিখৰ পৰা চলি থকা সদৌ অসম আন্ত: জিলা ভলীবল প্ৰতিযোগিতাত ছোৱালী শাখাত শিৱসাগৰ দলটিয়ে চুড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিছে। ফাইনেল খেলত দলটিয়ে শক্তিশালী ডিব্ৰুগড় জিলা দলক পোনপটীয়া ২৫-১১,২৫-১৯ ,২৫-১৩ ছেটৰ ব্যবধানত পৰাভূত কৰে। উল্লেখযোগ্য যে শিৱসাগৰ ছোৱালী দলটোৱে এই অভিযানত মাত্ৰ এটা ছেট হেৰুৱাই বুলি ক্ৰীয়া সংগঠক মুকুট গগৈয়ে জানিবলৈ দিছে।

29/12/2025

ডিমৌত দৰিদ্ৰ কৃষকৰ কৃষি ভূমিত জেচিবিৰ হাতোৰা

ভূ-মাফিয়াৰ বিৰুদ্ধে সৰৱ আছা

29/12/2025

চতুৰ্থ বাৰ্ষিক বকতা চেলেঞ্জ ট্ৰফীৰ খিতাপ জয় এফ চি চি বকতাৰ। পাঁচ সহস্ৰাধিকে উপভোগ কৰিলে তীব্ৰ প্ৰতিদ্বন্দ্বীতামূলক খেলখন।।

পোনপ্ৰথমবাৰৰ বাবে ডিমৌক প্ৰতিনিধিত্ব কৰি সম্পূৰ্ণ স্থানীয় শিশু শিল্পীসকলক লৈ ডিমৌ সন্মিলিত শিল্পী সমাজে যোৰহাট জিলাৰ তি...
29/12/2025

পোনপ্ৰথমবাৰৰ বাবে ডিমৌক প্ৰতিনিধিত্ব কৰি সম্পূৰ্ণ স্থানীয় শিশু শিল্পীসকলক লৈ ডিমৌ সন্মিলিত শিল্পী সমাজে যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলাত আয়োজন কৰা সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ সাজ-সজ্জা, শংকৰ মাধৱ সম্ভাৱনা বঁটা ক্ৰমে ৰম্ভাৰ চৰিত্ৰত সঞ্চিতা কলিতা আৰু কলিৰ চৰিত্ৰত ময়ূখ দত্তই পুৰস্কাৰ লাভ কৰে। ডিমৌ অঞ্চলৰ উদীয়মান এই শিশু শিল্পীসকলৰ জয়যাত্ৰা অব্যাহত থাকক।

ডিমৌত থলুৱা গাহৰি পালকৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদানগাহৰি মাংসৰ সমূহীয়া মূল্য নিৰ্দ্ধাৰণৰ দাবী
29/12/2025

ডিমৌত থলুৱা গাহৰি পালকৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান

গাহৰি মাংসৰ সমূহীয়া মূল্য নিৰ্দ্ধাৰণৰ দাবী

Address

Sibsagar
785662

Telephone

+918474085926

Website

Alerts

Be the first to know and let us send you an email when DEMOW News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DEMOW News:

Share