24/12/2024
পঞ্চায়ত নিৰ্বাচন আহি আছে। গতিকে, সম্ভাৱ্য প্ৰাৰ্থী আৰু ৰাইজৰ জ্ঞাতাৰ্থে.......
গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ প্ৰাৰ্থীৰ অৰ্হতা ও যোগ্যতা:
ভাৰতীয় সংবিধানৰ ৭৩ তম সংশোধনী জৰিয়তে ২৪.০৪.১৯৯৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পঞ্চায়তে সাংবিধানিক মৰ্যাদা লাভ কৰে। সেই অনুসৰি, অসমত ০৬.০৫.১৯৯৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ The Assam Panchayat Act, 1994 আৰু The Assam Panchayat (Constitution) Rules, 1995 প্ৰনয়ন হয়। The Act, 1994 আৰু The Rules, 1995 পৰৱৰ্তী সময়ত কেইবাবাৰো সংশোধন হয়।
প্ৰাৰ্থীৰ বয়স:
(১) গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স ২১ বছৰ হ'ব লাগিব। [Article 243F of the Constitution read with Section 111 (1) (j) of the Act, 1994]
বাল্য বিবাহ:
(২) প্ৰাৰ্থী/প্ৰাৰ্থীৰ স্বামী/প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব। [Section 111 (2) (f) of the Act, 1994];
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা:
(৩) গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য/সদস্যা পদৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী ৰাজ্য চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বোৰ্ড নাইবা পৰিষদৰ পৰা মেট্ৰিক (H.S.L.C) অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। [Section 111 (2) (b) of the Act, 1994];
(৪) গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য/সদস্যা পদৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা, বিশেষ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী দশম শ্ৰেণী (Class-X) লৈকে পঢ়া হ'ব লাগিব। [Section 111 (2) (b) of the Act, 1994];
(৫) আঞ্চলিক পঞ্চায়ত সদস্য/সদস্যা পদৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী ৰাজ্য চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বোৰ্ড নাইবা পৰিষদৰ পৰা উচ্চতৰ মাধ্যমিক (H.S.S.L.C) অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। [Section 111 (2) (c) of the Act, 1994];
(৬) আঞ্চলিক পঞ্চায়ত সদস্য/সদস্যা পদৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা, বিশেষ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী ৰাজ্য চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বোৰ্ড নাইবা পৰিষদৰ পৰা মেট্ৰিক (H.S.L.C) অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। [Section 111 (2) (c) of the Act, 1994];
(৭) জিলা পৰিষদ সদস্য/সদস্যা পদৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী ৰাজ্য চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বোৰ্ড নাইবা পৰিষদৰ পৰা উচ্চতৰ মাধ্যমিক (H.S.S.L.C) অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। [Section 111 (2) (c) of the Act, 1994];
(৮) জিলা পৰিষদ সদস্য/সদস্যা পদৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা, বিশেষ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী ৰাজ্য চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বোৰ্ড নাইবা পৰিষদৰ পৰা মেট্ৰিক (H.S.L.C) অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। [Section 111 (2) (c) of the Act, 1994];
প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান:
(৯) ১৯.০৩.২০১৮ তাৰিখৰ আগত একক বা একাধিক স্বামী/স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব পাৰিব। ১৯.০৩.২০১৮ তাৰিখৰ পিছত একক বা একাধিক স্বামী/স্ত্ৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব। [Section 111 (2) (a) of the Act, 1994 read with Rule 62 (1) (a) of the Rules 1995];
(১০) ১৯.০৩.২০১৮ তাৰিখৰ পিছৰ পৰা জয়ী হোৱা প্ৰাৰ্থীয়ে বিবাহ বিচ্ছেদ কৰিলে, বিচ্ছেদ হোৱা পত্নীয়ে পুনৰ বিবাহপাশত আৱদ্ধ নোহোৱাকৈ বিচ্ছেদৰ তাৰিখৰ পৰা ৯ মাহৰ ভিতৰত তৃতীয় সন্তান জন্ম দিলে জয়ী হোৱা প্ৰাৰ্থী অযোগ্য হ'ব। [Rule 62 (1) (c) of the Rules, 1995];
(১১) ১৯.০৩.২০১৮ তাৰিখৰ পিছত জন্মগ্ৰহণ কৰা দ্বিতীয় সন্তান জমজ শিশু হ'লে প্ৰাৰ্থী অযোগ্য বিবেচিত নহ'ব। [Rule 62 (1) (d) of the Rules, 1995];
(১২) ১৯.০৩.২০১৮ তাৰিখৰ পিছত জন্মগ্ৰহণ কৰা প্ৰথম সন্তান একাধিক শিশু হ'লে প্ৰাৰ্থী অযোগ্য বিবেচিত নহ'ব। [Rule 62 (1) (e) of the Rules, 1995];
প্ৰাৰ্থীৰ অন্যান্য যোগ্যতা:
(১৩) নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যাক্তি, বৰ্খাস্ত হোৱা তাৰিখৰ পৰা পাঁচ বছৰ পাৰ নহ'লে অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (b) of the Act, 1994];
(১৪) দেউলিয়া ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (c) of the Act, 1994];
(১৫) The Legal Parctioner Act মতে টাউট বুলি ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (d) of the Act, 1994];
(১৬) চৰকাৰী, চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নাইবা চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত অধিষ্ঠিত ব্যক্তি অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (e) of the Act, 1994];
(১৭) গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পৰা পাৰিশ্রমিক লাভ কৰা ব্যক্তি অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (e) of the Act, 1994];
(১৮) গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ চুক্তিবদ্ধ ঠিকাদাৰ অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (e) of the Act, 1994];
(১৯) The Representation of People Act, 1951 ৰ Section 135 নাইবা Section 136 (2) (a) মতে দোষী সাব্যস্ত হোৱা ব্যাক্তি দোষী সাব্যস্ত হোৱা তাৰিখৰ পৰা চাৰি বছৰ পাৰ নহ'লে অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (f) of the Act, 1994];
(২০) Corrupt Practice ৰ বাবে নিৰ্বাচন বাতিল হোৱা ব্যাক্তি বাতিল হোৱা তাৰিখৰ পৰা চাৰি বছৰ পাৰ নহ'লে অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (f) of the Act, 1994];
(২১) The Panchayat Act, 1994 আৰু Rules মতে পৰিশোধ কৰিবলগীয়া কৰ, মাছুল আদিৰ ক্ষেত্ৰত বাকিদাৰ ব্যক্তি অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (g) of the Act, 1994];
(২২) সমবায় সমিতিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা ব্যক্তি অযোগ্য বিবেচিত হ'ব। [Section 111 (1) (g) of the Act, 1994];
(২৩) নিজৰ বাসস্থানত কাৰ্যকৰ ছেনিটাৰী শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ'ব। [Section 111 (2) (e) of the Act, 1994];
প্ৰাৰ্থীৰ শপতনামা:
(২৪) প্ৰাৰ্থীয়ে মনোনয়ন প্ৰ-পত্ৰৰ লগত শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ সত্যয়িত প্ৰতিলিপি জমা দিব লাগিব। শিক্ষাগত অৰ্হতাৰ আছল প্ৰমাণপত্ৰ দেখাব লাগিব। [Rule 62 (2) of the Rules 1995];
(২৫) প্ৰাৰ্থীয়ে মনোনয়ন প্ৰ-পত্ৰৰ লগত দাখিল কৰা শপতনামাত নিজৰ বাসস্থানত কাৰ্যকৰ ছেনিটাৰী শৌচালয় থকা বুলি উল্লেখ থাকিব লাগিব। [Section 111 (2) (e) of the Act, 1994 read with Rule 62 (3) (a) of the Rules 1995];
ভোটাধিকাৰ:
(২৬) কোনো ব্যক্তি একাধিক গাওঁ পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব। [Rule 5 of the Rules, 1995];
(২৭) কোনো ব্যক্তিয়ে একাধিক গাওঁ পঞ্চায়ত অথবা একাধিক জিলা পৰিষদত ভোটাধিকাৰ প্ৰয়োগ কৰিব নোৱাৰিব। [Rule 13 (2) of the Rules, 1995];
পঞ্চায়তৰ কাৰ্যকাল:
(২৮) গাওঁ পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা পাঁচ বছৰ। [Article 243E of the Constitution read with Section 7 of the Act, 1994];
(২৯) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা পাঁচ বছৰ। [Article 243E of the Constitution read with Section 35 of the Act, 1994];
(৩০) জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা পাঁচ বছৰ। [Article 243E of the Constitution read with Section 68 of the Act, 1994];
দলত্যাগ বিৰোধী পদক্ষেপ:
(৩১) দলীয় প্ৰতীকত নিৰ্বাচিত হোৱা জিলা পৰিষদৰ সদস্য/সদস্যাই নিজ ইচ্ছাৰে সেই দলত্যাগ কৰিলে অযোগ্য ঘোষিত হ'ব। [Section 111 (3) (i) (a) of the Act, 1994];
(৩২) দলীয় প্ৰতীকত নিৰ্বাচিত হোৱা জিলা পৰিষদ সদস্য/সদস্যাৰ সেই দলৰ ৫০% ৰ কম সদস্য/সদস্যাই দলত্যাগ কৰি অন্য দলত যোগদান কৰিলে অযোগ্য ঘোষিত হ'ব। [Section 111 (3) (i) (b) of the Act, 1994];
(৩৩) দলীয় প্ৰতীকত নিৰ্বাচিত হোৱা জিলা পৰিষদৰ সদস্য/সদস্যাই নিজা দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে সভাপতি, উপ-সভাপতি ও স্থায়ী কমিটীৰ সদস্য নিৰ্বাচনত আৰু অনাস্থা প্ৰক্ৰিয়াত ভোটদান কৰিলে নাইবা ভোটদানৰ পৰা বিৰত থাকিলে অযোগ্য ঘোষিত হ'ব। [Section 111 (3) (i) (c) of the Act, 1994];
অন্যান্য:
(৩৪) আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীয়ে দলীয় প্ৰতীক ব্যৱহাৰ কৰিব পাৰিব। [Section 127EE of the Act, 1994];