NE Times

NE Times Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NE Times, Media/News Company, charaideo, Sonari.

সদায় সত্য, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য সংবাদ আপোনালোকৰ আগত সম্পূৰ্ণ সত্যতাৰে আগবঢ়াওঁ। কোনো প্ৰকাৰৰ বিকৃতি বা পক্ষপাত নোহোৱাকৈ, সমাজৰ বাস্তৱ সত্য আপোনালোকলৈ উপস্থাপন কৰাই আমাৰ মূল লক্ষ্য।”

28/08/2026

⭕তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই লিছাং গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা ।
⭕চাৰি পাষণ্ডৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী ।
⭕ঘটনা মিমাংসাৰ নামত এটা ছাত্ৰ সংগঠনৰ নেতা-নেত্ৰীয়ে মিলি সৰকালে এক লাখ টকা ! সংগঠনটোৰ ৭ জনক নিলম্বন ।
🔘পলাতক আটাইকেইজন ।

25/08/2026

নিশা জাগুনৰ লাকলা টকৌপানী গাঁৱত সংঘটিত হল মানৱ সমাজক লজ্জানত কৰা ঘটনা।।

নিজৰ পিতৃৰ কামনাৰ বলি হল 5 বছৰীয়া কন্যা শিশু।।

লম্পট পিতৃৰ নাম অজয় মাৰ্ডি বুলি জানিব পৰা গৈছে।।

পত্নীৰ অভিযোগ মতে নিশা ভাঙৰ নিচাত মাতাল হৈ শিশু কন্যাক ধর্ষণ কৰা বুলি মন্তব্য।।

ইতিমধ্যে ঘটনাস্থলীত জাগুন আৰক্ষী উপস্থিত হৈ লম্পট অজয় মাৰ্ডিক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।।।

20/08/2026
20/08/2026

♦️চৰাইদেউ জিলাৰ বৰপাত্ৰ চাহ বাগিছাত সংঘটিত হৈছে এক গা নোম শিয়ৰি যোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ।
♦️ এটি ৫ বছৰীয়া কণমানি বাগিছাৰ মাজত
ধ/ৰ্ষ/ণ কৰি হত্যাৰ সন্দেহ।

♦️চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিছাত নৃ/শংস
হ/ত্যা/কা/ণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।।

♦️ঘৰত খেলি থকা অৱস্থাৰ পৰা যোৱা সোমবাৰে সন্ধানহীন হোৱা ক/ন্যা শিশুটি বাগিছাৰ মাজত
উ/লং/গ অৱস্থাত উদ্ধাৰ কৰা হয় ।

♦️ঘটনা সন্দৰ্ভত ইতিমধ্যে মানৱ টপ্ন আৰু জ্যোচতিন কেৰ্কেটা নামৰ দুজন যুৱকক আটক কৰে।

23/07/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) শিৱসাগৰ জিলা সমিতিৰ সজাতি দলে চন্তক আৰু বিহুবৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি সহায়-সহযোগিতা আগবঢ়ায়। সংগঠনটোৱে বানপীড়িত পৰিয়ালসমূহক প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰাৰ লগতে চৰকাৰক ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে শীঘ্ৰে উপযুক্ত সাহায্য, পুনৰ্বাসন আৰু ক্ষতিপূৰণ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লগতে বান পৰিস্থিতিৰ স্থায়ী সমাধানৰ বাবে কার্যকৰী পদক্ষেপ লোৱাৰ আহ্বান জনায়।

23/07/2026

শিৱসাগৰ জিলাৰ চন্তক আৰু বিহোবৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজে বানপানীৰ ফলত সন্মুখীন হোৱা দুৰ্ভোগৰ কথা ব্যক্ত কৰি কয় যে, ঘৰ-বাৰী, খেতি-পথাৰ, পশুধন আদি ব্যাপক ক্ষতিগ্ৰস্ত হৈছে।

22/07/2026

গোৰ্খা উন্নয়ন পৰিষদ অসমৰ প্ৰশংসনীয় পদক্ষেপ। পৰিষদৰ সভাপতি প্ৰেম তামাংৰ নেতৃত্বত শিৱসাগৰ জিলাৰ চন্তক আৰু বিহুবৰ অঞ্চলৰ বানাক্ৰান্ত লোকসকলৰ মাজত অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। এই মানবীয় পদক্ষেপত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে পৰিষদৰ এই সহায়মূলক কাৰ্যক আদৰণি জনায়।

22/07/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) শিৱসাগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ শৰ্মাৰ নেতৃত্বত আৰু কেন্দ্ৰীয় সমিতিৰ মেগাজিন সম্পাদক চন্দন শৰ্মাৰ উপস্থিতিত চন্তক আৰু বিহুবৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। বানৰ দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দি সংগঠনটোৱে মানৱীয় দায়িত্ববোধৰ পৰিচয় দাঙি ধৰি সহায়ৰ হাত আগবঢ়ায়। এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাই কৃতজ্ঞতা প্ৰকাশ কৰে।

21/07/2026

সোণাৰি চহৰ বানৰ কবলৰ পৰা কিছু সকাহ, জনজীৱন সামান্য স্বাভাৱিক
চৰাইদেউ জিলাৰ সোণাৰি চহৰত যোৱা কেইদিনমান ধৰি হোৱা প্ৰবল বৰষুণ আৰু বানপানীৰ ফলত সৃষ্টি হোৱা দুৰ্ভোগৰ মাজতে কিছু সকাহৰ পৰিৱেশ দেখা গৈছে। পানীৰ স্তৰ ধীৰে ধীৰে হ্ৰাস পোৱাত চহৰখনৰ জনজীৱন সামান্য স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে।

20/07/2026

| দিখৌ নৈৰ বলীয়া বানত শিৱসাগৰত ভয়ংকৰ পৰিস্থিতি
দিখৌ নৈৰ বাঢ়নী পানীয়ে শিৱসাগৰ জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ বিহুবৰ আৰু নাজিৰা অঞ্চলৰ পৰা থানামুখলৈকে বিস্তৃত এলেকা বানপানীত প্লাৱিত হৈ পৰিছে। বহু ঘৰ-বাৰী, পথ-ঘাট আৰু কৃষিভূমি পানীৰ তলত ডুব যোৱাত সাধাৰণ ৰাইজৰ জীৱন-যাপন ব্যাহত হৈছে।
বানাক্ৰান্ত লোকসকলে অভিযোগ কৰিছে যে এতিয়ালৈকে প্ৰশাসনৰ পৰা পৰ্যাপ্ত সহায়-সহযোগিতা লাভ কৰা নাই। খাদ্য, বিশুদ্ধ খোৱাপানী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত বহু পৰিয়াল কঠিন সময়ৰ সন্মুখীন হৈছে।
স্থানীয় ৰাইজে অতি শীঘ্ৰে উদ্ধাৰ আৰু সাহায্য ব্যৱস্থা জোৰদাৰ কৰাৰ দাবী জনাইছে। পৰিস্থিতি অধিক সংকটজনক হোৱাৰ আশংকাত অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি হৈছে।

Address

Charaideo
Sonari

Website

Alerts

Be the first to know and let us send you an email when NE Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share