Voice of Sorbhog

Voice of Sorbhog ভৌগোলিকভাৱে সৰভোগ 26°30′N 90°52′E / 26.50°N 90.87°E ত অৱস্থিত৷ Twitter Handle:

13/05/2025

যোৱাকালি ND24 ৰ পৰ্যবেক্ষণ অনুষ্ঠানত সৰভোগৰ ভাৰতীয় জনতা পাৰ্টি, চকচকা মণ্ডলৰ কথা এনেদৰে উল্লেখ কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় Ranjeet Kumar Dass ডাঙৰীয়াই।

যোৱাকালি নিশা ভৱানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত চকচকা মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ জিলা পৰিষদৰ এগৰাকী নিৰ্বাচিত প্ৰাৰ্থী আৰ...
13/05/2025

যোৱাকালি নিশা ভৱানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত চকচকা মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ জিলা পৰিষদৰ এগৰাকী নিৰ্বাচিত প্ৰাৰ্থী আৰু ৬ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যাক আদৰণি জনাই অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় Ranjeet Kumar Dass ডাঙৰীয়াই।

চকচকা বজাৰ সাৰ্ব্বজনীন ৰাস মহোৎসৱস্থলিত উপস্থিত হৈ প্ৰভূ ৰাধাকৃষ্ণৰ ওচৰত আশীৰ্বাদ লয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় R...
17/11/2024

চকচকা বজাৰ সাৰ্ব্বজনীন ৰাস মহোৎসৱস্থলিত উপস্থিত হৈ প্ৰভূ ৰাধাকৃষ্ণৰ ওচৰত আশীৰ্বাদ লয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় Ranjeet Kumar Dass দেৱে |

৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা চকচকা বজাৰ সাৰ্ব্বজনীন ৰাস মহোৎসৱত আজি তৃতীয় দিনৰ কাৰ্যসূচীমতে ৰাতিপুৱা মাংগলিক অনুষ্ঠান আৰু চিত্ৰাংকন প্ৰতিযোগীতা দুয়োটা কাৰ্যসূচীতে মন্ত্ৰী মহোদয় উপস্থিত হৈ ৰাইজৰ লগতে উদযাপন সমিতিক উৎসাহ আগবঢ়ায় |

আবেলি ৪ বজাৰ পৰা টিহুৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ওজাপালি প্ৰদৰ্শন আৰু নিশা ৮ বজাৰ পৰা নৃত্য প্ৰতিযোগীতাৰ চুড়ান্ত পৰ্ব অনুষ্ঠিত হ'ব | সমূহ কাৰ্য্যসূচীতে সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল |

৪৪ সংখ্যক পশ্চিম খাৰিজা বিজনী আঞ্চলিক ৰাস মহোৎসৱৰ সম্পূৰ্ণ কাৰ্যসূচী.......
02/11/2024

৪৪ সংখ্যক পশ্চিম খাৰিজা বিজনী আঞ্চলিক ৰাস মহোৎসৱৰ সম্পূৰ্ণ কাৰ্যসূচী.......

19/10/2024

মহাৰজত জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে লাৱদাংগুৰী বজাৰ শ্ৰীশ্ৰী শ্যামা পূজা পৰিচালনা সমিতিৰ আমন্ত্ৰণ মৰ্মে সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপ(৭ নবেম্বৰ) । সমূহ ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজকে ৷

 মহিলাৰ নামত ঘৰৰ ৰেচন কাৰ্ড হোৱাৰ পিছতে ঘৰত এটা বিদ্যুতৰ মিটাৰ বক্স লগাইছিল। সেয়া আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ (BPL) বাবে আ...
21/08/2024



মহিলাৰ নামত ঘৰৰ ৰেচন কাৰ্ড হোৱাৰ পিছতে ঘৰত এটা বিদ্যুতৰ মিটাৰ বক্স লগাইছিল। সেয়া আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ (BPL) বাবে আছিল। আমাৰ গাঁৱৰ সকলোৰে ঘৰে ঘৰে এইদৰেই বিদ্যুতৰ মিটাৰ বক্স অহা। চাকৰিয়ালসকলে নিজাকৈ ক্ৰয় কৰি আনিছিল মিটাৰবোৰ। ইয়াৰ পিছৰে পৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালবোৰে মাহৰ অন্তত অহা বিলখন পৰিশোধ কৰিছিল। আমাৰ ঘৰতো তেনেকৈয়ে সকলো চলি আছিল।

কিন্তু, কোন চৰকাৰী বিষয়াৰ মগজুত এই কীটটো সোমালে নাজানো। এতিয়া গাঁৱৰ Below Proverty Lineৰ সকলো মিটাৰ নোহোৱা হ'ল। ঘৰে ঘৰে সহজ-সৰল গাঁৱৰ মানুহবোৰক "এয়া নিয়ম কৰিছে" বুলি কৈ Smart Meter লগাই থৈ আহিল কোনোবা ঠিকাদাৰ পাৰ্টীয়ে।

পূৰ্বে মাহে ২০০ টকা দিবলৈ অসুবিধা হোৱা মানুহবোৰে মাহে ৪০০ ৰিচাৰ্জ কৰিবই বা কেনেকৈ তাকেই ভাৱিছো। মন্ত্ৰী-বিধায়ক, পঞ্চায়ত সভাপতি আদিবোৰ ধনী হৈ গৈয়ে থাকে। অৰ্থহীন হৈ গৈ থাকো আমাৰ দৰে BPL Smart Meter থকাবোৰ।

ইমান ভয়ংকৰ কথাবোৰ সকলোৱে দেখাকৈ অথচ কোনেও মাত নামাতে।
Follow for follow
Aasu Moran Utpal Sarma

ডিঙিত গামোচা লৈ যোগাসন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ # # # # # # # # # # # # # # # # # # # # # # # # # # # # # # # # #কাশ...
21/06/2024

ডিঙিত গামোচা লৈ যোগাসন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
# # # # # # # # # # # # # # # # # # # # # # # # # # # # # # # # #

কাশ্মীৰত আয়োজিত যোগ দিৱস উদযাপনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজীয়া পাৰি,জাপিসমৃদ্ধ সেউজ ফুল বছা এখন গামোচা পিন্ধিলে,এয়া সঁচাকৈয়ে অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে-আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে পুনৰ আমাৰ গামোচাখনক বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিলে৷

সৰভোগ পৌৰসভা এলেকাৰ ৰাইজক কৃত্ৰিম বানৰ পৰা সকাহ দিবলৈ পৌৰসভা কৰ্মচাৰীৰ চেষ্টাঃকৃত্ৰিম বানৰ পৰা সৰভোগ যোৱা কেইদিন ধৰি নেৰ...
16/06/2024

সৰভোগ পৌৰসভা এলেকাৰ ৰাইজক কৃত্ৰিম বানৰ পৰা সকাহ দিবলৈ পৌৰসভা কৰ্মচাৰীৰ চেষ্টাঃ

কৃত্ৰিম বানৰ পৰা সৰভোগ যোৱা কেইদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সৰভোগ পৌৰসভা এলেকাৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছে,তাৰে পৰিপ্ৰেক্ষিতত ৰাইজক কৃত্ৰিম বানৰ পৰা সকাহ দিবলৈ আজি ৰাতিপুৱাৰ পৰা সৰভোগ পৌৰ সভাৰ এটা দ’লে বৰষুণক নেওচি নিজৰ কাৰ্য সমাপন কৰি আছে৷

Voice of Sorbhog

#সৰভোগপৌৰসভা

অসমৰ পৰা খোজকাঢ়ি বদ্ৰীনাথলৈ যাত্ৰাঃঅসমৰ পৰা খোজকাঢ়ি বদ্ৰীনাথলৈ যাত্ৰা দুগৰাকী যুৱক আৰু এজনী যুৱতীৰ,যুৱক দুজন ক্ৰমে উত্তৰ...
13/06/2024

অসমৰ পৰা খোজকাঢ়ি বদ্ৰীনাথলৈ যাত্ৰাঃ

অসমৰ পৰা খোজকাঢ়ি বদ্ৰীনাথলৈ যাত্ৰা দুগৰাকী যুৱক আৰু এজনী যুৱতীৰ,যুৱক দুজন ক্ৰমে উত্তৰ লক্ষীমপুৰৰ ঘিলামাৰাৰ জিণ্টু বৰুৱা,নলবাৰীৰ পংকজ ডেকা আৰু ধেমাজী গোগামুখৰ দিপীকা চুতীয়া,এই তিনিজনীয়া দলটোয়ে খোজকাঢ়ি বদ্ৰীনাথৰ লগতে কেদাৰনাথ,নেপাল আৰু বৃন্দাবনলৈ যাব,আজি এই দলটো আবেলি সৰভোগৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত উপস্থিত হৈ প্ৰভুৰ চৰণত সেৱা লৈ পুনৰ যাত্ৰা আৰম্ভ কৰে৷

31/05/2024

Address

Sorbhog Main Road
Sorbhog
781317

Website

Alerts

Be the first to know and let us send you an email when Voice of Sorbhog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Voice of Sorbhog:

Share