Barnagar Live

Barnagar Live Assamese News Portal, it's based on news of Politics, Bollywood, Sports, Entertainment, State, World, Education

সকলো দৰ্শক , চিনেমাহলৰ মালিক/ কৰ্তৃপক্ষলৈ অনুৰোধ—     সকলোৰে মুখে মুখে গুঞ্জৰিত প্ৰাৰ্থনা সংগীতটোৰে আৰম্ভ কৰা হওক  #ৰৈ  ...
29/10/2025

সকলো দৰ্শক , চিনেমাহলৰ মালিক/ কৰ্তৃপক্ষলৈ অনুৰোধ—
সকলোৰে মুখে মুখে গুঞ্জৰিত প্ৰাৰ্থনা সংগীতটোৰে আৰম্ভ কৰা হওক #ৰৈ #ৰৈ #বিনালে

প্ৰতিটো চিনেমা হলত সমবেত দৰ্শকে “ মায়াবিনী ৰাতিৰ বুকুত ” সমস্বৰে গাওক ৷ ৰূপালী পৰ্দাত জুবিন অভিনীত শেষৰখন চিনেমা এয়া ! গতিকে জুবিন সংগীতেৰে আৰম্ভ কৰা হওক প্ৰতিটো দৰ্শনী ৷ এয়া কেৱল শ্ৰদ্ধাঞ্জলিয়েই নহয়, পৃথিৱীৰ সাংস্কৃতিক ইতিহাসত এক বিৰল দৃষ্টান্ত হৈ ৰ’ব ৷

এইখন আমাৰ বাবে কেৱল চিনেমা নহয় বা বৌদ্ধিক আলোচনাৰ বিষয়ো নহয় এই চিনেমা ৷ গতিকে ৰিভিউ লিখিবলৈ গৈ কাহিনী লিখাৰ দৰে কাম কোনেও যাতে নকৰে ৷ প্ৰতিজন অসমীয়াই চাব এই চিনেমা , কাৰণ ঘৰৰ ল’ৰাটোক শেষবাৰৰ বাবে জীৱন্ত ৰূপত চাবলৈ কাৰনো হেঁপাহ জগা নাই অথচ বুকুত কঠিন শিল এচটা বান্ধিয়েই চাব লাগিব ৷
অনুগ্ৰহ কৰি এইখন চিনেমাৰ তুলনা কোনো বলীউড , হলীউডৰ বিগ বাজেট চিনেমাৰ সৈতে তুলনা নকৰিব। কিমান ইনকাম হ’ল , কিমান কোটিৰ টিকেট বিক্ৰী হ’ল এইবোৰ জনাবলৈয়ো প্ৰয়োজন নাই। বৰ্তমান সেইবোৰ আমাৰ কাৰণে , প্ৰতিজন অসমীয়াৰ বাবে গৌণ বিষয়।

আৰু প্ৰতিগৰাকী শ্ৰদ্ধাৰ দৰ্শকলৈ অনুৰোধ — অনুগ্ৰহ কৰি চিনেমা হলত মোবাইলেৰে ভিডিঅ’ কৰি সামাজিক মাধ্যমত ক্লীপ এৰি নিদিব ৷ এইটো কৰিলে জুবিন গাৰ্গক অশ্ৰদ্ধা কৰা হ’ব কাৰণ তেওঁ এইবোৰ কাম খুৱেই বেয়া পাইছিল।

( জুবিন গাৰ্গে অসমলৈ এৰি যোৱা হাতৰ আখৰ কেইটা 💔 )
উৎস :- দ্বীপ ৰাজৰ ৱাল ৷

29/10/2025

ইতিমধ্যে ৩.৯ মিলিয়ন হৈ গ'ল !!! আমাৰ লক্ষ্য হ'ব লাগিব অপৰিসীম ৷ তেন্তে পলম নকৰি আটাইয়ে লিখক...

29/10/2025

কান্দি কান্দি ঈশ্বৰ পুত্ৰৰ চিতাভস্ম বিসর্জন পত্নী গৰিমা শইকীয়া গাৰ্গৰ

#ন্যায়

পৃথিৱীত ২৪ ঘন্টাই খোলা থকা সমাধিবোৰ ....√ গ্ৰেফ্ৰাইয়াৰ্ছ কিৰ্কইয়াৰ্ড , এডিনবাৰ্গ  , স্কটলেণ্ড √ এভাৰগ্ৰীণ চিমেটাৰী , ফ্ল...
29/10/2025

পৃথিৱীত ২৪ ঘন্টাই খোলা থকা সমাধিবোৰ ....

√ গ্ৰেফ্ৰাইয়াৰ্ছ কিৰ্কইয়াৰ্ড , এডিনবাৰ্গ , স্কটলেণ্ড
√ এভাৰগ্ৰীণ চিমেটাৰী , ফ্লৰিডা , আমেৰিকা
√ পোষ্টফলছ এভাৰগ্ৰীণ চিমেটাৰী , আমেৰিকা
√ মৰ্ণিংছাইড চিমেটাৰী , স্কটলেণ্ড
√ ছেফিল্ড জেনেৰেল চিমেটাৰী , আমেৰিকা
√ ল’কাষ্ট হিল চিমেটাৰী , আমেৰিকা
√ ফৰ্টৰাইলি চিমেটাৰী , আমেৰিকা
√ ভিক্সবাৰ্গ নেচনেল মিলিটেৰী পাৰ্ক , মিছিছিপি , আমেৰিকা
√ নেভেল মনুমেন্ট , জিব্ৰাল্টৰ
√ লেকভিউ হ’লি চাইল্ডহ’ম চিমেটাৰী , আমেৰিকা
√ কিমব’ল চিমেটাৰী , নেব্ৰাস্কা , আমেৰিকা
√ অ’ৰেমচিটি চিমেটাৰী , আমেৰিকা
√ নিউটাউন চিমেটাৰী , আমেৰিকা
√ গ্ৰীণউড পৌৰ চিমেটাৰী , আমেৰিকা
√ লীডভিল আইৰিচ মাইনাৰ্ছ মেমোৰিয়েল , কলৰাড’ , আমেৰিকা

আমাৰ অসমৰ ‘জুবিন ক্ষেত্ৰ‘ চিৰকালৰ বাবে ২৪ ঘন্টাই খোলা থাকক ....

(Ranjit Dhamala ক অশেষ ধন্যবাদ)

(সামাজিক মাধ্যমৰ পৰা সংগৃহীত ৷

28/10/2025

ন্যায় নোপোৱালৈ লিখি থাকক, কৈ থাকক-

28/10/2025

বৰপেটা জিলাৰ পাকাবেতবাৰী-দঙৰকুছি পথৰ সংযোগী কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে বিজেপি চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ |

28/10/2025

📌 কিমান যে ফুৰ্তিত আছিল সাগৰতলিলৈ যোৱাৰ আগদিনালৈকে আমাৰ প্ৰাণৰ শিল্পীজন !!!

28/10/2025

📌 "যতেই নাহৰ গছ থাকিব, তাতেই জুবিন গাৰ্গ থাকিব " ...গৰিমা শইকীয়া গাৰ্গ ৷

28/10/2025

📌 এইয়া জুবিনৰ বাবেই সম্ভৱ ৷ জুবিনক্ষেত্ৰত ইছলাম ধৰ্মাৱলম্বী লোকে হৰিনামত চাপৰি বজাই সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে ৷

28/10/2025

"অগপৰ চিন্তন বৈথকৰ পিছত মুখ্যমন্ত্ৰীৰ বক্তব্য বিজেপিয়ে নিজৰ শিপাডাল এৰি নিদিয়ে "...ইমানৰ পিছতো অগপ সভাপতি অতুল বৰা নিশ্চ...
27/10/2025

"অগপৰ চিন্তন বৈথকৰ পিছত মুখ্যমন্ত্ৰীৰ বক্তব্য বিজেপিয়ে নিজৰ শিপাডাল এৰি নিদিয়ে "...ইমানৰ পিছতো অগপ সভাপতি অতুল বৰা নিশ্চুপ ৷ নে অগপৰ কোনো নিজস্বতা নোহোৱা হৈ গ'ল !!!

27/10/2025

📌 জুবিনৰ প্ৰতি অনুৰাগীৰ যে নিস্বাৰ্থ প্ৰেম- মৰম আছে, সেই কথা এই দৃশ্যই সহজে প্ৰতীয়মান কৰে !!! নিশা পিঠিত কেচুৱা বান্ধি জুবিনক্ষেত্ৰ পৰিস্কাৰ কৰাত ব্যস্ত এগৰাকী মাতৃ ৷

Address

Sorbhog
781317

Alerts

Be the first to know and let us send you an email when Barnagar Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barnagar Live:

Share

Category