Amarjit Rabha

Amarjit Rabha // youtuber// Ex president ARSU TAC
https://youtube.com/?si=W-HSESdBs-4a2RGf

""Gurkha edition""new variant Royal enfieldclassic 350
19/08/2026

""Gurkha edition""
new variant Royal enfield
classic 350






14/08/2026
06/08/2026

মাত্ৰ ৫৫ হাজাৰ টকাৰ বিনিময়ত এখন বাহন // ৯ টকাৰ বিনিময়ত ৯০ কিঃমিঃ // আপোনাকো প্ৰয়োজন হৈছে নেকি এনেকুৱা এখন বাহন // সবিশেষ জানিবলৈ চাওঁক সম্পূ্ৰ্ণ ভিডিঅ’




"যি কামেই মোৰ চিনাকি,যি মোৰ অস্তিত্বৰ শিপা,সেই কামেই মোৰ পৰম সত্য,মোৰ জীৱনৰ উজ্জ্বল শিখা।।প্ৰতি পল, প্ৰতিটো ক্ষণএই কৰ্তব...
29/07/2026


"যি কামেই মোৰ চিনাকি,
যি মোৰ অস্তিত্বৰ শিপা,
সেই কামেই মোৰ পৰম সত্য,
মোৰ জীৱনৰ উজ্জ্বল শিখা।।
প্ৰতি পল, প্ৰতিটো ক্ষণ
এই কৰ্তব্যৰ বাবেই মই বদ্ধপৰিকৰ,
কাৰণ হৃদয়েৰে ভালপাওঁ মোৰ এই বৃত্তিক—
ইয়েই মোৰ সপোন, মোৰ বুকুৰ স্বাভিমানৰ ঘৰ।।

হয়তো ভুল মোৰেই আছিল,
যিদিনা তোমাৰ আগত উজাৰি দিছিলো মোৰ সত্তা,
কৈছিলো মোৰ সাংবাদিকতাৰ কথা,
সত্যৰ বাবে যুঁজা এক অসীম সংগ্ৰামৰ গাথা।।
ভাবিছিলো তুমি বুজি পাবা
মোৰ এই ত্যাগ আৰু হেঁপাহৰ অৰ্থ,
কিন্তু মোৰ সেই পৱিত্ৰ নিষ্ঠাক তুমি তাচ্ছিল্য কৰিলা,
কৰিলা মোৰ কৰ্মক তুচ্ছ আৰু ব্যৰ্থ।।

সাংবাদিকতা মাথোঁ এক বৃত্তি নহয়,
ই মোৰ বুকুত জ্বলি থকা এক মেজি,
তুমি অৱহেলা কৰা এই কলমটোতেই
লুকাই আছে মোৰ পৰিচয়ৰ সঁচা চাবি।।
তুমি তাচ্ছিল্য কৰিলেও মোৰ বাট সলনি নহয়,
মোৰ সত্যৰ সন্ধান সদায় চলি থাকিব,
প্ৰেম হয়তো অভিমানত আঁতৰি যাব—
কিন্তু মোৰ পৰিচয় সদায় মূৰ তুলি জিলিকিব।।

"প্ৰকৃতিৰ নিৰ্জন, শীতল এক শান্ত কোলাত,চুবুৰীয়া ৰাজ্য অৰুণাচলৰ নীলিম পাহাৰৰ দেশত।।উখ-উখ পৰ্বতৰ মূৰত মেঘ-কুঁৱলীৰ মেলা,প্ৰক...
26/07/2026

"প্ৰকৃতিৰ নিৰ্জন, শীতল এক শান্ত কোলাত,
চুবুৰীয়া ৰাজ্য অৰুণাচলৰ নীলিম পাহাৰৰ দেশত।।
উখ-উখ পৰ্বতৰ মূৰত মেঘ-কুঁৱলীৰ মেলা,
প্ৰকৃতিয়ে পাতিছে যেন অপূৰ্ব ৰূপৰ খেলা।।
পাহাৰৰ ঢালবোৰত উপচি পৰে সেউজীয়াৰ ঢৌ,
বতাহে কঢ়িয়াই আনে পাহাৰী ফুলৰ মৌ।।
পাহাৰৰ বুকু ফালি নামি অহা নিজৰা-নদী,
বৈ যায় অবাৰিত সুৰৰ অজান গীতি সাজি।।

"এছিলা সহজ হাঁহি,চকুত অগণন আশাৰ পাপৰি;কিন্তু কোনে বুজে সেই হাঁহিৰ আঁৰতলুকাই থকা বিষাদৰ নিৰৱ নদী।।
20/07/2026

"এছিলা সহজ হাঁহি,
চকুত অগণন আশাৰ পাপৰি;
কিন্তু কোনে বুজে সেই হাঁহিৰ আঁৰত
লুকাই থকা বিষাদৰ নিৰৱ নদী।।

13/07/2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি আকি (Book of world Record ত) নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা উদীয়মান চিত্ৰ শিল্পী, ভাতৃ প্ৰতিম হৃষীকেশ শইকীয়ালৈ আন্তৰিক শুভকামনা।।
এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে অসমীয়াৰ হৃদ স্পন্দন শিল্পী গৰাকীৰ একহাজাৰতকৈ অধিক জনপ্ৰিয় গীতৰ কলিৰে অংকন কৰিছিল সকলোৰে প্ৰিয় শিল্পী গৰাকীৰ প্ৰতিচ্ছবি।।
কোনো ধৰণৰ উন্নত মানৰ ৰং বা ব্ৰাছ ব্যৱহাৰৰ পৰিৱৰ্তে সাধাৰণ কলমৰে অংকন কৰিছিল ছবিখন , যিখন ছবিয়ে চলিত বৰ্ষৰ জুন মাহত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছিল যা'ৰ বাবে টংলাৰ হৃষীকেশ শইকীয়াৰ এই ফটোখনে (Book of world Record)ত স্থান পাবলৈ সক্ষম হৈছে সেয়েহে উদীয়মান চিত্ৰ শিল্পী হৃষীকেশলৈ মোৰ ফালৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।


"সকলো আছে— সময়ৰ সোঁতত বৈ থকাঅসংখ্য সম্পৰ্কৰ নামাৱলী,অথচ নিশাৰ নিৰ্জনতাত এই হৃদয়খনেবৰ অসহায়ভাৱে বিচাৰে নিজক, এক অকলশৰীয...
12/07/2026

"সকলো আছে— সময়ৰ সোঁতত বৈ থকা
অসংখ্য সম্পৰ্কৰ নামাৱলী,
অথচ নিশাৰ নিৰ্জনতাত এই হৃদয়খনে
বৰ অসহায়ভাৱে বিচাৰে নিজক, এক অকলশৰীয়া বাট।
জীৱনৰ এই খলা-বমা যুঁজৰ পথত,
খোজবোৰ কিজানি ভুলকৈ পৰে,
উজুটি খাই পৰিম নেকি? নে হেৰুৱাই পেলাম
নিজৰ পৰিচয়, এই পৰিপূৰ্ণতাৰ ভাও ধৰা চহৰত?
চৌপাশৰ কোলাহলৰ মাজতো এই নিথৰুৱা অনুভৱ,
যেন এক অচিনাকী দ্বীপত আবদ্ধ মোৰ সত্তা।
সকলো থকাৰ পাছতো, হেৰুৱাৰ ভয়ত কঁপা
মই এক অকলশৰীয়া পথচাৰী,
নিজৰ সৈতেই নিজৰ, এই অন্তহীন যুঁজ।।

কংলেণ্ড ওৱাটাৰ পাৰ্ক   //"ওদালগুৰি জিলাৰ ডিমাকুছি শুক্লাই নৈৰ পাৰত নতুনকৈ গঢ় লৈ উঠা কংলেণ্ড ওৱাটাৰ পাৰ্কে এতিয়া দেশী - ব...
08/07/2026

কংলেণ্ড ওৱাটাৰ পাৰ্ক //
"ওদালগুৰি জিলাৰ ডিমাকুছি শুক্লাই নৈৰ পাৰত নতুনকৈ গঢ় লৈ উঠা কংলেণ্ড ওৱাটাৰ পাৰ্কে এতিয়া দেশী - বিদেশী সকলো পৰ্যটককে মাতিছে হাত বাউলি।।
ভূটান পাহাৰৰ পৰা বৈ অহা শুক্লাই নৈৰ মোহনাত অৱস্থিত এই ওৱাটাৰ পাৰ্ক খনৰ নান্দনিক সৌন্দৰ্যই আপোনাকো কৰিব পাৰে মোহিত।। জুলাই মাহৰ গৰমে দহা গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি দৈনিক শ 'শ লোকৰ আগমন হৈছে পাৰ্কখনত জলকেলি কৰিবলৈ।। স্থানীয় ব্যৱসায়ী শুকুৰাম বড়োৰ তত্ত্বাৱধানত গঢ় লৈ উঠা এই ওৱাটাৰ এণ্ড ৰেষ্টুৰেণ্ট খনত , খেল - ধেমালিৰ পৰা মনোৰঞ্জনলৈ, খোৱা লোৱাৰ পৰা প্ৰাকৃতিক সৌন্দৰ্য উপভোগলৈ সকলো শ্ৰেণীৰ লোকে মনৰ অৱসাদ আঁতৰাই অনাবিল প্ৰশান্তি লভিবলৈ সকলোখিনি সম্ভাৰেই উপলব্ধ এই পাৰ্কখনত।। গতিকে আপুনি আহিব পাৰে ইয়ালৈ পৰিয়ালৰ সৈতে আহি এটা দিন নিজকে বিলীন কৰি দিয়ক সৌন্দৰ্যৰ মাজত প্ৰাণ ভৰি উপভোগ কৰক জীৱনৰ মাদকতা।।

Address

Darogakhat
Tangla

Alerts

Be the first to know and let us send you an email when Amarjit Rabha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share