12/04/2026
*বিহু পালেহিয়েই | বিহুক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক উচাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে | আপোন অসমীয়াৰ ৰঙালী বিহুৰ সমান্তৰালকৈ বড়োবড়োসকলৰো আৰম্ভ হ'ব ৰংজালী বৈশাগু | ৰংজালী বৈশাগুক লৈ ইতিমধ্যে খাম, চিফুং, চেৰজাৰ শব্দত মুখৰিত হৈছে ওদালগুৰি জিলাৰ ওৰাং অঞ্চল | ওৰাং অঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্দ্যোগত ওৰাঙৰ গেলাবিলস্থিত সুজিত নাৰ্জাৰী প্রেক্ষাগৃহত ১০ দিনীয়াকৈ অনুষ্ঠিত হয় বাগুৰুম্বা নৃত্যৰ কর্মশালা | নিখিল বড়ো ছাত্র সন্থা ওৰাং আঞ্চলিকৰ অন্তৰ্গত প্রায় ২০ খন গাঁৱৰ প্রায় শতাধিক যুৱক যুৱতীয়ে ভাগ লয় এই কর্মশালাত | জ্যেষ্ঠ সাংস্কৃতিক কর্মী যোগেন চন্দ্র বসুমতাৰীয়ে প্রশিক্ষক হিচাপে উপস্থিত থাকি যুৱক যুৱতী সকলক বাগুৰুম্বাৰ প্রশিক্ষণ প্রদান কৰে |*