22/03/2023
আজিৰ তেজপুৰ একাডেমীত শোণিতপুৰ জিলা বিহু কৃষ্টি পৰিষদৰ উদ্যোগত তৃতীয় বার্ষিক বিহুনাচ আৰু ঢোল বাদন কৰ্মশালাৰ শুভাৰম্ভণী কৰা হয়। কেন্দ্ৰীয় উপ-সভাপতি নৰহৰি চুতীয়া দেৱ আৰু সুৰেণ বৰুৱা দেৱে বন্তি প্ৰজ্বলন কৰি এফাকি ঘোষাৰে কৰ্মশালাৰ আৰম্ভণি কৰা হয় জিলা সম্পাদক উত্তম কুমাৰ দাসে আতঁ ধৰা আজিৰ অনুষ্ঠানটিত উপস্থিত থাকে ভাৰপ্ৰাপ্ত সভাপতি পৰেশ পটঙ্গীয়া, উপ-সভাপতি মুকুল চুতীয়া, সাংস্কৃতিক সম্পাদক ৰজনী বৰা, ৰাজীৱ দাস, মৌচুমী শৰ্মা, মনিকা ডেকা, সহঃসম্পাদক তৰুণ দাস, ৰাজেন বৰা, ক্ষীৰমাই বৰা, দিপেন শইকীয়া, সাংগঠনিক সম্পাদক অনুপ অসমীয়া, নমী হাজৰিকা, মামু বায়ন, মুনমী বৈশ্য,যতীন্দ্ৰনাথ শইকীয়া,ৰাজীৱ শৰ্মা,বৰ ঢুলীয়া গোলাপ বৰা, দেৱজিৎ লাহন, জয়ন্ত বৰা, প্ৰশিক্ষক নিলাক্ষী বৰুৱা আৰু বহুকেইজন শুভাকাংক্ষী। স্বাস্থ্যজনিত কাৰণত চিকিৎসাধীন হৈ থকাৰ বাবে সভাপতি মোহন বৰাদেৱ আজি উপস্থিত থাকিব নোৱাৰিলে যদিও ফোনযোগে খবৰ লোৱাত সভাপতিলৈ ধন্যবাদ জনালোঁ। সকলোৰে সহযোগিতা কামনা কৰিলোঁ।