CNN_TezpurLive

CNN_TezpurLive Get the News as it breaks.. Now keep yourself updated with the latest News & Information in 24hrs.

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিধায়ক ৰাজেন বৰঠাকুৰে৷ নিশা ১০.২৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিধায়ক বৰঠাকুৰে৷ Times চিকিৎস...
10/12/2019

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিধায়ক ৰাজেন বৰঠাকুৰে৷ নিশা ১০.২৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিধায়ক বৰঠাকুৰে৷ Times চিকিৎসালয় কৰ্তৃপক্ষ আৰু শোণিতপুৰ জিলা উপায়ুক্তৰ আনুষ্ঠানিক ঘোষণা৷ বহু চেষ্টা কৰিও চিকিৎসকৰ দলে প্ৰাণ বচাব নোৱাৰিলে বিধায়ক বৰঠাকুৰৰ৷

 #তেজপুৰত  #জাফা'ৰ জিলা সমিতি গঠন৷ #সাংবাদিকৰ নিৰাপত্তাৰ স্বাৰ্থত আপোচহীন স্হিতি গ্ৰহণৰ সিদ্ধান্ত৷ৰাজ্যৰ সাংবাদিক সংগঠন ...
23/11/2019

#তেজপুৰত #জাফা'ৰ জিলা সমিতি গঠন৷
#সাংবাদিকৰ নিৰাপত্তাৰ স্বাৰ্থত আপোচহীন স্হিতি গ্ৰহণৰ সিদ্ধান্ত৷

ৰাজ্যৰ সাংবাদিক সংগঠন সমূহৰ ভিতৰত অন্যতম জাৰ্ণেলিষ্ট ফেডাৰেচন অব আসাম চমুকৈ 'জাফা'ৰ শোণিতপুৰ জিলা সমিতিখন আজি আনুষ্ঠানিকভাৱে পুণঃগঠন কৰা হয়৷ তেজপুৰ সাহিত্য সভা ভৱনত শনিবাৰে তেজপুৰৰ লগতে শোণিতপুৰ জিলাৰ একাধিক সাংবাদিক তথা সংবাদকৰ্মীৰ উপস্হিতিত অনুষ্ঠিত হয় এখন সাধাৰণ সভা৷ সাংবাদিক হেমন্ত কুমাৰ নাথৰ আহ্বানত অনুষ্ঠিত আজিৰ এই সভাত সভাপতিত্ব কৰে তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক কুস্মাকাৰ উপাধ্যায়ে৷ আজিৰ এই সভাতে পূৰ্বতে গঠিত জাফাৰ শোণিতপুৰ জিলা সমিতিখন ন-পুৰণি সাংবাদিক তথা সংবাদকৰ্মীৰ উপস্হিতিত পুণঃগঠন কৰা হয়৷ সভাত উপস্হিত সাংবাদিক সকলে জিলাখনৰ সাংবাদিকৰ স্বাৰ্থত জাফাক আৰু অধিক সক্ৰিয় কৰি তোলাৰ ওপৰত মত পোষণ কৰে৷ ইয়াৰোপৰি উপষ্ঠিত সাংবাদিক সকলে জাফাক শক্তিশালী ৰূপত পুণৰ আগুৱাই নিয়াৰ সমৰ্থনত ঐক্যমত প্ৰকাশ কৰে৷ আনহাতে, আজিৰ এই সভাতে প্ৰবীণ সাংবাদিক প্ৰশান্ত মহন্তক সভাপতি, মৃনাল শৰ্মাক কাৰ্যকৰী সভাপতি, কুষ্মাকাৰ উপ্যধায়ক উপঃসভাপতি, হেমন্ত কুমাৰ নাথক সাধাৰণ সম্পাদক, ভূপেন নাথক সহকাৰী সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া শক্তিশালী জাফাৰ শোণিতপুৰ জিলা সমিতি ন-ৰূপত গঠন কৰা হয়৷ আজিৰ সভাত ঐক্যমতত উপনিত হোৱা সাংবাদিক সকলে সাংবাদিক সকলৰ নিৰাপত্তাৰ স্বাৰ্থত আপোচবিহীন স্থিতি গ্ৰহণ কৰাৰ সংকল্প লয়৷

 #ওপজা দিনৰ ওলগ...
18/11/2019

#ওপজা দিনৰ ওলগ...

18/11/2019

Get the News as it breaks..
Now keep yourself updated with the latest News & Information in 24hrs.

 #তেজপুৰত অঃজাঃযুঃছাঃপঃৰ লাচিত দিৱস৷ #কেন্দ্ৰীয় দিৱসটিত সকলোৰে উপস্হিতি কামনা কৰিছে৷
17/11/2019

#তেজপুৰত অঃজাঃযুঃছাঃপঃৰ লাচিত দিৱস৷
#কেন্দ্ৰীয় দিৱসটিত সকলোৰে উপস্হিতি কামনা কৰিছে৷

 #টেটঃ শোণিতপুৰ জিলা প্ৰশাসনৰ নিয়মাৱলী১০ নবেম্বৰত ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শোণিতপুৰ জিলাতো অনুষ্ঠিত হ’ব লগীয়া টেট পৰীক...
09/11/2019

#টেটঃ শোণিতপুৰ জিলা প্ৰশাসনৰ নিয়মাৱলী

১০ নবেম্বৰত ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শোণিতপুৰ জিলাতো অনুষ্ঠিত হ’ব লগীয়া টেট পৰীক্ষাৰ সময়ত পৰীক্ষা গৃহৰ ভিতৰত মোবাইল ফোন, পেজাৰ, ব্লুটুথ, হেডফোন, টেবলেট আদি সামগ্ৰীৰ ব্যৱহাৰৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে বাধা আৰোপ কৰিছে৷ তদুপৰি জিলা প্ৰশাসনে কেলকুলেটৰ, কিতাপ, স্কেল, বেগ, পানীৰ বটল আৰু তেনেধৰণৰ আন সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰতো পৰীক্ষাগৃহৰ ভিতৰত নিষেধাজ্ঞা থাকিব বুলি উল্লেখ কৰিছে। একেদৰে কোনো পৰীক্ষাৰ্থীয়ে উল্লেখিত যিকোনো সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'লেও কেন্দ্ৰত এনে ধৰণৰ সামগ্ৰী জমা ৰখাৰ কোনো ব্যৱস্থা উপলব্ধ নহ'ব৷ অৱশ্যে পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড আৰু পৰীক্ষাৰ অ’ এম আৰ উত্তৰ বহীত লিখিবলৈ ক’লা বা নীলা চিয়াহীৰ ড’ট কলম পৰীক্ষাগৃহৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰিব আৰু পৰীক্ষা শেষ হোৱাৰ পাছত পৰিদৰ্শকক প্ৰশ্ন বহী আৰু অ’ এম আৰ উত্তৰ বহী জমা দিয়াৰ পূৰ্বে ৯ নং ফৰ্মত স্বাক্ষৰ কৰিব লাগিব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰীক্ষাৰ্থী সকলক জনোৱা হৈছে৷ আনহাতে, যদি কোনো পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত সামান্য ভুল থাকে, তেন্তে তেনে পৰীক্ষাৰ্থীক আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স আদি চৰকাৰীভাৱে জাৰি কৰা যিকোনো পৰিচয় পত্ৰ পৰীক্ষা কৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰিবলৈও পৰিক্ষা কেন্দ্ৰ সমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক নিৰ্দেশ জাৰি কৰা হৈছে৷

তেজপুৰত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ৷ পুত্তলিকা দাহ কৰিলে আমছুৰ শোণিতপুৰ জিলা সমিতিয়ে৷ মধ্যাহ্ন ভোজন NGO ক দিয়াৰ প্ৰতিবা...
08/11/2019

তেজপুৰত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ৷ পুত্তলিকা দাহ কৰিলে আমছুৰ শোণিতপুৰ জিলা সমিতিয়ে৷ মধ্যাহ্ন ভোজন NGO ক দিয়াৰ প্ৰতিবাদ৷ প্ৰতিবাদ কৰিলে সংখ্যালঘু ছাত্ৰছাত্ৰীৰ জলপানি উদৰস্হ কৰাক লৈও৷

তেজপুৰত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতি৷ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই সমদল উলিয়াছিল জিলা কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ স...
08/11/2019

তেজপুৰত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতি৷ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই সমদল উলিয়াছিল জিলা কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ নেতৃত্বত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা উলাইছিল ৰেলী৷ আৰক্ষীৰ বাধা নামানি প্ৰতিবাদকাৰী উপস্হিত হয় উপায়ুক্ত কাৰ্যালয়ত৷ ইয়াকে লৈ সৃষ্টি হয় হতাহতিৰ৷ পিছত প্ৰশাসনিক বিষয়াৰ উপস্হিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্হিতি৷

Address

Ushanagar, By Lane/21 (B)
Tezpur
784001

Alerts

Be the first to know and let us send you an email when CNN_TezpurLive posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to CNN_TezpurLive:

Share