Kaushik’s Friends Vlogs

Kaushik’s Friends Vlogs This is an Assamese Automative & travel vlogging page.Mail- [email protected]

04/06/2026

Toliet থকা Bus 🔥 Titabor Jorhat ৰ পৰা Guwahati লৈ যোৱা Bikash Das ৰ Sleeper Bus 🔥
*
*

02/06/2026

Travelling from Guwahati to Sibasagar in Rhino Express 🔥

🎉 Facebook recognised me as a top rising creator this week!
01/06/2026

🎉 Facebook recognised me as a top rising creator this week!

30/05/2026

অসমৰ দুই Famous Poster থকা বাছ 😍

*
*

Rhino Express Running between Guwahati Sibasagar Nazira and Geleki.. 🚎 **
29/05/2026

Rhino Express Running between Guwahati Sibasagar Nazira and Geleki.. 🚎
*
*

28/05/2026

🌙 পবিত্ৰ ঈদ-উল-আজহাৰ আন্তৰিক ওলগ যাচিলোঁ! ✨

26/05/2026

Tezpur to Guwahati Bus Journey mini vlog 3 🔥😍
*
*

Good morning Friends 🫶🏼
25/05/2026

Good morning Friends 🫶🏼

24/05/2026

চাৱক। অন্ধ লোকজনে কি ধুনীয়া গাণ গাইছে! 😍
*
*

মইনাৰ আত্মাই চিৰশান্তি লাভ কৰক l 🙏🏼🙏🏼
24/05/2026

মইনাৰ আত্মাই চিৰশান্তি লাভ কৰক l 🙏🏼🙏🏼

●●●নাইটচুপাৰ আৰু দুৰ্ঘটনা●●●
(Share কৰিব পাৰিব)

বৰ দুখ পালোঁ মইনাৰ বিয়োগত। এজন তেজস্বী, সপোনেৰে ভৰা অসমীয়া ডেকাক আমি অকালতে হেৰুৱালোঁ। কিছুমান মৃত্যুৰ খবৰ শুনিলে মনটোৱে সহজে মানি ল'ব নোৱাৰে। মইনাৰ মৃত্যুৰ খবৰটোও তেনেকুৱাই।

বহুতে মোক মেছেজ কৰিছে— এই দুৰ্ঘটনাৰ বিষয়ে কিবা এটা কওক।

কিনো কম? মইনাৰ মুখখন বাৰে বাৰে চকুৰ আগত ভাহি উঠিছে। বিয়া ঠিক হৈ আছিল, চাকৰিত যোগদান কৰাৰো কথা আছিল। এটা নতুন জীৱনৰ সপোন বুকুত লৈ আগবাঢ়ি গৈছিল সি। হয়তো ঘৰখনতো আনন্দৰ পৰিৱেশ আছিল। কিন্তু কোনেও ভবা নাছিল, এদিনৰ ভিতৰতে সকলো সপোন, সকলো আশা, সকলো পৰিকল্পনা এনেদৰে থমকি ৰ'ব।

আজিও ভাবিলে বুকুখন গধুৰ হৈ উঠে। এজন ডেকাৰ মৃত্যু কেৱল এজন মানুহৰ মৃত্যু নহয়। তাৰ লগত মৰি যায় বহু সপোন, বহু আশা, বহুজনৰ হাঁহি।

দুৰ্ঘটনা কোনেও ইচ্ছা কৰি নঘটায়। কিন্তু বহু দুৰ্ঘটনা ৰোধ কৰিব পাৰি। এই কথাটো আমি মানিবই লাগিব।
সঁচা কথা ক'বলৈ গ'লে, আজিকালি বহু ড্ৰাইভাৰক মই হেণ্ডিমেন হিচাপে কাম কৰি ধাপে ধাপে ওপৰলৈ উঠা দেখা নাপাওঁ। বহুতে প্ৰয়োজনীয় অভিজ্ঞতা নোহোৱাকৈয়ে দীঘলীয়া পথৰ যাত্ৰীবাহী বাছৰ ষ্টিয়াৰিং হাতত তুলি লয়।
ইয়াত চৰকাৰী ব্যৱস্থাৰো ডাঙৰ আসোঁৱাহ আছে। আমাৰ সময়ত যাত্ৰীবাহী বাছ চলাবলৈ PHV with Badge বাধ্যতামূলক আছিল। কেৱল গাড়ী চলাব জানিলেই নহ'ল, যাত্ৰীৰ জীৱনৰ দায়িত্ব ল'ব পৰা যোগ্যতা আৰু অভিজ্ঞতাৰো স্বীকৃতি লাগিছিল।

কিন্তু সময়ৰ লগে লগে সেই ব্যৱস্থা শিথিল হৈ গ'ল। এতিয়া বহু ক্ষেত্ৰত কেৱল উপযুক্ত শ্ৰেণীৰ লাইচেন্স থাকিলেই হয়। মোৰ দৃঢ় বিশ্বাস, যাত্ৰীবাহী বাছ চলোৱা চালকৰ বাবে পুনৰ PHV with Badge বাধ্যতামূলক হ'ব লাগে। কেৱল বাছৰ ক্ষেত্ৰতে নহয়, যাত্ৰী কঢ়িয়াই নিয়াৰ দায়িত্ব থকা সকলো বাণিজ্যিক বাহনৰ ক্ষেত্ৰতে এই নিয়ম কঠোৰভাৱে প্ৰয়োগ হ'ব লাগে।

ইয়াৰ লগতে ড্ৰাইভাৰসকলৰ নিয়মীয়া প্ৰশিক্ষণ, দক্ষতা পৰীক্ষা আৰু অভিজ্ঞতাৰ মূল্যায়নো বাধ্যতামূলক হ'ব লাগে। কিয়নো ষ্টিয়াৰিঙৰ সিটো পাৰে কেৱল এজন চালক নাথাকে, বহু মানুহৰ জীৱন আৰু বহু পৰিয়ালৰ সপোন থাকে।

মালিকসকলেও ড্ৰাইভাৰ নিযুক্তি দিয়াৰ সময়ত অধিক সাৱধান হ'ব লাগে। এজন অনভিজ্ঞ চালকৰ হাতত এখন বাছ তুলি দিয়াৰ অৰ্থ হৈছে বহু জীৱনক বিপদৰ মুখলৈ ঠেলি দিয়া।

আজি মইনাক ঘূৰাই অনা সম্ভৱ নহয়। কিন্তু যদি এই মৃত্যুৱে আমাৰ ব্যৱস্থাৰ দুৰ্বলতাবোৰ আঙুলিয়াই দেখুৱাই দিয়ে, যদি ইয়াৰ পিছত এটা জীৱনো ৰক্ষা পায়, তেন্তে সেয়াই হ'ব মইনাৰ স্মৃতিৰ প্ৰতি সঁচা সন্মান।

মইনাৰ আত্মাই শান্তি পাওক। আৰু তেওঁৰ পৰিয়ালক এই অসহনীয় শোক সহ্য কৰাৰ শক্তি প্ৰদান কৰক। কিন্তু আমাৰ সকলোৰে মনত এটা প্ৰশ্ন থাকি যাব— এই মৃত্যু সঁচাকৈয়ে কেৱল ভাগ্যৰ খেল আছিল নে আমি ক'ৰবাত দায়িত্ব পালনত ব্যৰ্থ হৈছিলোঁ?■■■




Address

Tezpur Chowk, Tezpur 784150
Tezpur
784001

Alerts

Be the first to know and let us send you an email when Kaushik’s Friends Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kaushik’s Friends Vlogs:

Shortcuts

Share