Abdul Wahab Official

Abdul Wahab Official I haven't changed. Now I just to shut up!"

17/02/2024
এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ (২০২৩) ফাইনেলত বীৰদৰ্পে ভাৰতৰ প্ৰবেশ: নিউজিলেণ্ডক বিশাল ব্যৱধানত পৰাজিত কৰিলে ভাৰ...
17/11/2023

এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ (২০২৩) ফাইনেলত বীৰদৰ্পে ভাৰতৰ প্ৰবেশ: নিউজিলেণ্ডক বিশাল ব্যৱধানত পৰাজিত কৰিলে ভাৰতে।
মাত্ৰ তিনিদিনৰ ব্যৱধানত আকৌ দীপাৱলী পালিত হ'ল সমগ্ৰ ভাৰতত।
কোহলিৰ ৫০ তম শতৰাণ আজিৰ ছেমি ফাইনেলৰ অন্যতম উল্লেখযোগ্য ঘটনা।
মহম্মদ শ্বামীৰ ৭ উইকেট - এক অবিস্মৰণীয় কৃতিত্ব। বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত শ্বামী কেৱল সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰেই নহয়; উইকেট দখলৰ হাৰ বিবেচনা কৰিলে তেওঁ বিশ্বকাপৰ ইতিহাসত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বলাৰ হিচাপে নিজৰ স্থান দখল কৰিব পাৰিছে। বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক উইকেট দখল কৰা বলাৰ সকলৰ পৰিসংখ্যা চালেই এই কথা স্পষ্ট হৈ পৰে।
বলাৰৰ নাম ---- মেচ------ উইকেটৰ সংখ্যা
১) গ্লেন মেকগ্ৰাথ : ৩৯ ------------- ৭১
২) মুথিয়া মুৰলিধৰণ : ৪০ --------------৬৮
৩) মিচেল ষ্টাৰ্ক : ২৬ --------------৫৯
৪) লাচিথ মালিংগা : ২৯ --------------৫৬
৫) ৱাচিম আক্ৰাম : ৩৮ ---------------৫৫
৬) মহম্মদ শ্বামী : ১৭ --------------৫৪
৭) ট্ৰেণ্ট ব'ল্ট : ২৯ -------------- ৫৩
৮) চামিন্দা ভাছ : ৩১ -------------- ৪৯
৯) জাহিৰ খান : ২৩ ---------------৪৪
১০) জভাগল শ্ৰীনাথ: ৩৪ ---------------৪৪

ওপৰৰ পৰিসংখ্যাৰ পৰা দেখা যায় যে মহম্মদ শ্বামী মাত্ৰ ১৭ খন মেচ খেলি ৫৪ টা উইকেট দখলেৰে বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত ষষ্ঠ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছে। বাকী বলাৰ সকলৰ ভিতৰত কেৱল ভাৰতৰ জাহিৰ খানৰ বাহিৰে সকলো বলাৰেই বিশ্বকাপৰ ২৫ ত কৈ অধিক মেচত খেলি ১০ গৰাকী শ্ৰেষ্ঠ বলাৰৰ তালিকাত স্থান লাভ কৰিছে। এই পৰিসংখ্যা চালে অনুমান হয় যদি মহম্মদ শ্বামী বিশ্বকাপ ক্ৰিকেটৰ ৩৫ খন মেচত খেলাৰ সুবিধা লাভ কৰিলেহেঁতেন তেনেহলে হয়তো শতাধিক উইকেট দখলৰ এক বিৰল কৃতিত্বৰ অধিকাৰী হ'ব পাৰিলেহেতেন।

মূঠৰ ওপৰত আজিৰ দিনটো ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এক স্বৰ্ণোজ্জল দিন হিচাপে চিহ্নিত হৈ থাকিব আৰু আমাৰ বিশ্ব বিজয়ী ক্ৰিকেট দলটোক লৈ আমি গৌৰৱান্বিত।

31/10/2023

Address

Tezpur
784026

Website

Alerts

Be the first to know and let us send you an email when Abdul Wahab Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share