CHITRALEKHANEWS

CHITRALEKHANEWS CHITRALEKHANEWS:
Get the News as it breaks. Now keep yourself updated with the latest News & Information in 24hrs.

Our service provider-
SMS GupShup & SMS Google. For getting FREE news,write-
ON9435856185 & it sent to 9870807070

তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ বলেৰ' পিকআপ ভেন আৰু ব্যক্তিগত বাহনৰ মাজত মুখামুখি সংঘৰ্ষ৷ সংঘৰ্ষত বাহ...
29/10/2019

তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ বলেৰ' পিকআপ ভেন আৰু ব্যক্তিগত বাহনৰ মাজত মুখামুখি সংঘৰ্ষ৷ সংঘৰ্ষত বাহনখনৰ সন্মুখভাগ বিধস্ত হৈ পৰিছে৷ পৰোৱা দিশৰ পৰা গৈ আছিল বক্তিগত বাহনখন৷ বিপৰীত দিশৰ পৰা আহিছিল শিলভৰ্তি বলেৰ' পিকআপ বাহনখন৷ শিল-বালি কঢ়িওৱা একাংশ বাহনৰ দৌৰাত্ম্যৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা চালকসহ যাত্ৰীৰ৷ দুৰ্ঘটনা সংঘটিত কৰি বলেৰ' চালকৰ পলায়ন৷ দুৰ্ঘটনা সংঘটিত হৈছে লিচু বাগানৰ সমীপত৷ দুৰ্ঘটনাস্হলীত উপস্হিত হৈছে আৰক্ষী আৰু যান-বাহন আৰক্ষী৷

চেন্নাইত সন্ধানহীন তেজপুৰৰ যুৱক৷ কৰ্মৰ সন্ধানত যোৱা ফাৰজুল আলম ওৰফে বাবুল নামৰ যুৱকজন তিনিদিন ধৰি সন্ধানহীন হৈ আছে৷ সন্ধ...
29/10/2019

চেন্নাইত সন্ধানহীন তেজপুৰৰ যুৱক৷ কৰ্মৰ সন্ধানত যোৱা ফাৰজুল আলম ওৰফে বাবুল নামৰ যুৱকজন তিনিদিন ধৰি সন্ধানহীন হৈ আছে৷ সন্ধানহীন যুৱকজনৰ ঘৰ আলিচিঙা উৰিয়ামগুৰিত৷ পাপা নামৰ এজন বন্ধুৰ স'তে কামৰ সন্ধানত ২৬ অক্টোবৰত তেজপুৰৰ পৰা ৰাওনা হৈছিল যুৱকজন৷ চেন্নাইত নিৰ্দিষ্ট স্হান পোৱাৰ আগতে যুৱকজন ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে৷ তেজপুৰত পৰিয়ালৰ মাজত হাঁহাকাৰ অৱস্হাৰ সৃষ্টি৷

তেজপুৰৰ ৩ সন্ধানহীন ছাত্ৰক অৱশেষত উদ্ধাৰ৷ তেজপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ছাত্ৰ তিনিজনক উদ্ধাৰ কৰিছে শ্ৰীনগৰৰ পৰা৷ মা...
28/10/2019

তেজপুৰৰ ৩ সন্ধানহীন ছাত্ৰক অৱশেষত উদ্ধাৰ৷ তেজপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ছাত্ৰ তিনিজনক উদ্ধাৰ কৰিছে শ্ৰীনগৰৰ পৰা৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰিছিল অষ্টম, নৱম আৰু দশম মানৰ তিনি ছাত্ৰ৷ বিদ্যালয়লৈ যোৱাৰ পথত ১৪ অক্টোবৰত সন্ধানহীন হৈছিল ছাত্ৰ কেইজন৷ সোমবাৰে আৰক্ষীৰ দল ৩ ছাত্ৰক লৈ উপস্হিত হয় তেজপুৰত৷ অভিযানকাৰী আৰক্ষীৰ দলটোক নেতৃত্ব দিছিল বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ভড়ালীয়ে৷

ভাতৃ দ্বিতীয়া উপলক্ষে অসম চৰকাৰে কাইলৈ স্হানীয় বন্ধ ঘোষণা কৰিছে৷ বন্ধ থাকিব শোণিতপুৰ জিলাৰ লগতে বাক্সা, চিৰাং, ওদালগুৰি,...
28/10/2019

ভাতৃ দ্বিতীয়া উপলক্ষে অসম চৰকাৰে কাইলৈ স্হানীয় বন্ধ ঘোষণা কৰিছে৷ বন্ধ থাকিব শোণিতপুৰ জিলাৰ লগতে বাক্সা, চিৰাং, ওদালগুৰি, লখিমপুৰ, তিনিচুকীয়া আৰু বিশ্বনাথ জিলা৷ বন্ধৰ সময়চোৱাত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান সকলো বন্ধ থাকিব৷

24/10/2019

ৰঙাপৰা উপঃনিৰ্বাচন
৫০,১০৪ টা ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ৷

24/10/2019

ৰঙাপৰা উপঃনিৰ্বাচন

Breaking:তেজপুৰৰ পাঁচমাইলত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ৷ আৱকাৰী বিভাগৰ সহযোগত সুৰাৰ ঘাটি উচ্ছেদ কৰে নপাম আঞ্চলিক আমছু আৰু শোণি...
20/10/2019

Breaking:
তেজপুৰৰ পাঁচমাইলত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ৷ আৱকাৰী বিভাগৰ সহযোগত সুৰাৰ ঘাটি উচ্ছেদ কৰে নপাম আঞ্চলিক আমছু আৰু শোণিতপুৰ জিলা আমছুৰ সদস্যই৷ উচ্ছদকালত গোপনে মজুত কৰি ৰখা বৃহৎ সংখ্যক সুৰাৰ বটল জব্দ কৰিছে আৱকাৰী বিভাগে৷ ঘটনা সংক্ৰান্তত আব্দুল জলিল নামৰ এটা মদ বেপাৰীক আটক৷ ধৃত মদ বেপাৰীটোৰ ঘৰ পাঁচমাইল বৰগুলিত৷

Breaking:নিৰ্বাচনৰ পূৰ্বে জব্দ অবৈধ সুৰা৷ ভালুকপুঙৰ সমীপত জব্দ কৰা হৈছে অৰুণাচলী সুৰা৷ সুৰা সৰবৰাহকাৰী ৰাকেশ পগাদ নামৰ এ...
19/10/2019

Breaking:
নিৰ্বাচনৰ পূৰ্বে জব্দ অবৈধ সুৰা৷ ভালুকপুঙৰ সমীপত জব্দ কৰা হৈছে অৰুণাচলী সুৰা৷ সুৰা সৰবৰাহকাৰী ৰাকেশ পগাদ নামৰ এজন লোকক আটক৷ জব্দ কৰিছে সুৰা সৰবৰাহকাৰী বাহনখনো৷ ৰঙাপৰাৰ পৰা যোৱা এটা আৱকাৰী দলে চলায় অভিযান৷ সহঃপৰিদৰ্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান৷ শুক্ৰবাৰেও একেটা অভিযানকাৰী দলে ৰঙাপৰাত অভিযান চলাই জব্দ কৰিছিল গোপনে মজুত কৰা অৰুণাচলী সুৰা৷

19/10/2019

Address

Tezpur
784001

Telephone

+913712222000

Website

Alerts

Be the first to know and let us send you an email when CHITRALEKHANEWS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to CHITRALEKHANEWS:

Share