19/08/2023
বিশ্ব আলোকচিত্ৰ দিৱস (১৯/০৮/২০২৩)📸
গুৰুৰ আগত কৃতজ্ঞতা স্বীকাৰ অবিহনে গুৰু শিষ্যৰ সম্পৰ্ক ঠুনুকা
(সকলোলৈ বিশ্ব আলোকচিত্ৰ দিৱসৰ শুভেচ্ছা থাকিল😀 তলৰ কথাখিনি পঢ়ি চাব বুলি আশা ৰাখিলোঁ )
____________________________________________
আজি বিশ্ব আলোকচিত্ৰ দিৱস । আৰু এই যে ফটোখন দেখিছে এইখন মই ক্লিক কৰা কিন্তু মই ক্লিক কৰা বিষয়টো ইয়াত বিশেষত্ব বুলি নেভাবিব । কিয়নো ওপৰত ব্যক্ত কৰিয়েই দিছোঁ যে আজি বিশ্ব আলোকচিত্ৰ দিৱস । আৰু এই যে ফটোখন দেখিছে এইজনা হৈছে মোৰ গুৰু নাম Bhaben Medhi Photography মানুহজনক বহুতেই চিনি পাইয়েই 😊 তেওঁ ফটো তোলাৰ লগতে বৃক্ষৰোপণ কৰিও খুবেই ভাল পাই। আজি ভাবিলো তেওঁকেই মোৰ আৰ্হি ৰূপে লও বিশেষ দিনটোত । কিয়নো পৃথিৱীৰ সমগ্ৰ ফটোগ্ৰাফাৰৰ বাবে আজি দিনটো বিশেষ । আৰু বিশেষ দিনটোত মোৰ জীৱনৰ বিশেষ ব্যক্তিগৰাকী ফটো আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ 😊। গুৰুজনাৰ ফটোখনৰ লগতে এতিয়া আহো মূল কথালৈ -
ফটোগ্ৰাফাৰ শব্দটোৱে কিন্তু আজিও আমাৰ সমাজত বিশেষ স্থান নাই পোৱা বুলি মই অনুভৱ কৰোঁ, কিয়নো যেতিয়ালৈ ঐ কেমেৰামেন শব্দটো থাকি যাব তেতিয়ালৈ আমাৰ কামটোৱে বিশেষ মৰ্য্যদা নেপাব। ফটোগ্রাফাৰ হিচাপে আমি যিহেতু বিবাহবিশেষ ফটগ্ৰাফাৰ বিবাহস্থলীত আমি ভিন্ন কথাৰ সন্মুখীন হব লাগে যেনে - ঐ কেমেৰামেন ফটো মাৰ, ঐ কেমেৰামেণ এইটো ধৰি দেচোন, বহু ঠাইত আমিবোৰ খাইছো নে নাই তাকো সুধিবলৈ কোনো নেথাকে, খুৱাথলীত গৈ আধা খোৱাৰ পিছতেই ঐ আহচোন পিছত খাবি ডাঙৰ মানুহ এগৰাকী আহিছে ফটো মাৰ, এইবোৰতকৈও ডাঙৰ কাহিনী হৈ পৰে যেতিয়া গোটেই ৰাতিখন কাম কৰা পিছত কৈ দিয়ে আজি পইচা নিদিওঁ কালি আহি লৈ যাবি🙂। আমিবোৰেই কিয় পিছ পৰি যাও কেতিয়াবা ভাবি চাইছেনে??? যি কি নহওঁক এই ইমানবোৰ ঘটনা ঘটা পিছতো যে ফটোগ্রাফাৰ জনে হাঁহিমুখে কৈ হব দিয়ক দাদা/ বাইদেউ 😊 । এইখিনি মই শিকিছো মোৰ দাদাস্বৰূপ গুৰুজনৰেই পৰা ।
একাংশ মানুহৰ ওচৰত যে ফটগ্ৰাফাৰৰ মূল্য এতিয়াও কিঞ্চিৎ সেই কথা উত্থাপিত কৰিবলৈ আৰু মোৰ গুৰুজনাক আজিৰ বিশেষ দিনটোত উজ্বলাই তুলিবলৈ উক্ত কথাখিনি ব্যক্ত কৰিলোঁ । ভুল ভ্ৰান্তি হলে ক্ষমা কৰি দিয়ে যেন । আকৌ এবাৰ বিশ্ব আলোকচিত্ৰ দিৱসৰ শুভেচ্ছা থাকিল ।📸📸📸