পানীতোলা

পানীতোলা সমূহ পানীতোলা বাসী ৰাইজলৈ, পানীতোলা প?

05/08/2021
31/05/2021

আমি আচলতে নিজৰ বাবে যিমান জীয়াই থাকো আনৰ বাবে তাতকৈ দুগুণ নিজক জীয়াই ৰাখো ৷
আৰু আমাৰ বাবেই কোনোবা জীয়াই আছে বুলি ভাবিলেই নিজক হাজাৰ দুখতো সুখী কৰাৰ চেষ্টা কৰো ৷
আৰু আনৰ বাবে আমি নিজক জীয়াই ৰাখিলেই হয়তো সম্পৰ্কবোৰ ধুনীয়া হৈ থাকে ৷ ❤️

01/04/2021

-তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম।
-তুমি নাখালে ময়ো নাখাও।
-তুমিয়েই মোৰ প্ৰথম আৰু শেষ ভাল পোৱা
-বিদ্যা মই তোমাকেই ভাল পাওঁ।
-মই আনৰ দৰে নহয়।
-মই কেতিয়াও তোমাক এৰি নাযাওঁ।
-মই তোমাৰেই থাকিম সদায়।
এইবোৰ কথাত যিসকলে বিশ্বাস কৰে
তেওঁলোককো হেপ্পী এপ্ৰিল ফুল

28/03/2021

'ৰংগে ফাগু খেলে চৈতন্য বনমালী।
দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি।।'
......(কীৰ্ত্তন ঘোষা)

সকলোকে ৰঙৰ পৱিত্ৰ উৎসৱ ফাকুৱা তথা দৌলউৎসৱ -ৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ।সকলোৱে মিলি ভক্তি, প্ৰেম আৰু আনন্দ-উল্লাসৰ মাজেৰে এই দিনটি উদযাপন কৰক ❣🤗❤️

26/03/2021

মাস্ক পিন্ধাটো নিজৰ বাবে ভাল !!
কিন্তু নিৰ্বাচনৰ মিটিঙত Mask নাই বিহুত Mask পিন্ধি চাব যাব কৈছে ৷ ক’ৰোনা শাসকৰ ইংগিতত আহে সেইটোৱে ইয়াৰ পৰা ভালদৰে বুজিলো ৷ গাপ দিয়া হৈছে সকলো ৷ মিটিঙত না মাস্ক না চেনিটাইজাৰ কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত Rule এ Rule হ’ব...

জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম তথা আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱক ...
26/03/2021

জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম তথা আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱক তেখেতৰ ৮৩ সংখ্যক মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।🙏

25/03/2021

তলৰ কথাখিনি অলপ ধৈর্য্য ধৰি পঢ়ক, জাতিৰ সংকটৰ সময়ত নিজক প্ৰস্তুত কৰি লওঁক.....
আমি যিখিনি অসমীয়া সামাজিক মাধ্যমৰ লগত জড়িত হৈ আছো সকলোৱে বৰ্তমান সময়ত অসম চুক্তিৰ ৬নং দফাৰ কথা কৰবাত নহয় কৰবাত পাইছো। যিসকলে ৬নং দফা কি জানে তেওঁলোকে বাৰু জানেই, নজনা খিনিয়েও গুগলত খুচৰি জানি বুজি লৈছে। তাৰ পিছতো কিছুমান আছে যিবোৰে নাজানেও আৰু জানিবৰ ইচ্ছাও নকৰে। তৃতীয় বিধৰ বাবে কব লগা একো নাই, তেওঁলোকে নিজৰ তথা সতি-সন্ততিৰ ভৱিষ্যত কাৰ ওচৰত বন্ধকিত থৈছে জনা গৈছে। SMৰ মানুহখিনিৰ বাহিৰেও আচল দুনিয়াত থকা খাতি খোৱা মানুহখিনিৰ বহুতে কিন্তু এই ৬নং দফা কি নাজানে। আপুনি আপোনাৰ ঘৰত থকা মানুহখিনিকে শুধি চাওঁক এবাৰ, মোৰ কথাৰ সত্যাসত্য গম পাই যাব। আপোনালোকে জানে নে যে সাধাৰণ মানুহৰ এই অজ্ঞতাই ৰাজনৈতিক দলবোৰক সুবিধা কৰি দি আছে? এই সুবিধা প্ৰথমে কংগ্ৰেছে ল'লে আৰু অবৈধ বাংলাদেশী অবৈধ ভাবে আনি খিলঞ্জীয়াৰ ভাত মাৰিলে, (প্ৰমান লাগিলে এবাৰ গুৱাহাটীৰ ক'ৰ্ট এখনত এনেই ভুমুকি মাৰি চাওঁক। )। তাৰ পিছত এই সুবিধা লব বিচাৰিছে বিজেপিয়ে আৰু অবৈধ বাংলাদেশীক বৈধ কৰিব বিচাৰিছে। এইবাৰতো বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ৬নং দফাৰ কথা উল্লেখেই নকৰিলে। কোনোৱে প্ৰশ্নও কৰা নাই কিয় ৬নং দফাৰ কথা উল্লেখ কৰা নাই। প্ৰশ্ন কৰিবই বা কিদৰে, নিজে জানিবওতো লাগিব ৬নং দফাত কি আছে। ৬নং দফাৰ কথা থুলমুলকৈ কব গলে এয়াইযে এইটো দফাই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰে আৰু অসমত অসমীয়াৰ অধিকাৰ নিশ্চিত কৰে। ৬নং দফা কাৰ্যকৰী হলে জানি থওঁক প্ৰায়খিনিতে প্ৰথমে অসমীয়াই সুবিধা পাব, পিছত হে আনবোৰে পাব। অ, এইটো ঠিক যে ৬নং দফাই 'কা' বলৱত হোৱাত বাধা দিব নোৱাৰে, কিন্তু অসমীয়াক বহিৰাগতৰ আগ্ৰাসনৰ পৰা বছোৱাৰ ক্ষমতা ৬নং দফাৰ আছে। গতিকে আপোনাৰ ওচৰত ভোট বিছাৰি কোনো নেতা আহিলে ৬নং দফাৰ ক্ষেত্ৰত কি কৰিব তেওঁৰ চৰকাৰখনে সেয়া ভালদৰে শোধক, যদিহে বিশ্বাসযোগ্য উত্তৰ দিয়ে তেন্তে তেনে নেতা ভোট পোৱাৰ উপযোগী। কংগ্ৰেছ-বিজেপি আহিলেওঁ শোধক এই কথা, লগতে শোধক কংগ্ৰেছে ১৫ বছৰ আৰু বিজেপিয়ে যোৱা ৫ বছৰত কিয় ৬নং দফা কাৰ্যকৰীকৰণ নকৰিলে। এইবাৰ নিৰ্বাচনী ইস্তাহাৰত কিয় এই বিষয়ে একো উল্লেখ নাই সেয়াও শোধক। জাতীয়তাবাদক ভৰিৰে থেলি ৰাষ্ট্ৰীয়তাবাদক আকোৱালি লোৱা সকলৰ উদ্দেশ্যে এটা কথা কওঁ, প্ৰথমে নিজৰ ঘৰখনৰ বাবে কাম কৰক তাৰ পিছতহে নিজৰ গাঁওখনৰ বাবে কাম কৰিবলৈ আগবাঢ়ক। ঘৰত থকা নিজৰ আইৰ ফালে এবাৰো গুৰুত্ব নিদি যদি গাঁৱৰ কাম কৰিবলৈ আগবাঢ়ে তে দুদিন পিছত গাঁওবাসীয়ে আপোনাকে ঠাট্টা কৰিব। কি বুলি কব জানে? নিজৰ ঘৰ মাটি নোহোৱা, ঠাই নোহোৱা শৰনাৰ্থী, অৰ্থাৎ Refugee.

25/03/2021

জয় জয়তে সমূহ পানীতোলা বাসী ৰাইজলৈ আগন্তুক অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
সকলোৱে‌ যাতে আমাৰ পেজখনক Like আৰু Follow কৰে।
।।ধন্যবাদ।।

Address

Tinsukia
786183

Website

Alerts

Be the first to know and let us send you an email when পানীতোলা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to পানীতোলা:

Share