Assam Bulletin

Assam Bulletin Welcome to super Fast and Fact News channel

01/06/2026

# # #

তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে মটক ছাত্ৰ সন্থা আৰু মটক যুৱ-ছাত্ৰ পৰিষদৰ যৌথভাৱে প্ৰতিবাদী কায্যসূচী।

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সংগঠন দুটাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

প্ৰতিবাদৰ জৰিয়তে অতিশীঘ্ৰে পেট্ৰল-ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই।

সমান্তৰালভাৱে ঐতিহাসিক বেংমৰা ৰাজ্যৰ কৃতিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধণ কৰিবলৈ চৰকাৰক দাবী জনাই।

নিষিদ্ধ হ'ল গাহৰি মাংস জিলা প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা গাহৰি মাংস ক্ৰয় - বিক্ৰিয়ক লৈ প্ৰশাসনৰ নিষেধাজ্ঞা আফ্ৰিকান ...
01/06/2026

নিষিদ্ধ হ'ল গাহৰি মাংস
জিলা প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা
গাহৰি মাংস ক্ৰয় - বিক্ৰিয়ক লৈ প্ৰশাসনৰ নিষেধাজ্ঞা

আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধিৰ বাবেই প্ৰশাসনৰ এই নিষেধাজ্ঞা

28/05/2026

বহিৰাগত কোম্পানীৰ চাকৰিৰ প্ৰলোভনেৰে ৩৩শিক্ষাৰ্থীৰ পৰা ধন লৈ পলায়ন দালাল চক্ৰৰ ।

দিল্লীত সৰ্বস্ব হেৰুৱালে তিনিচুকীয়াৰ ৩৩জন যুৱকে।

এল জি কোম্পানীত চাকৰি দিম বুলি লৈ গৈছিল দালাল চক্ৰই ।

সাক্ষাৎকাৰ অনুষ্ঠিত কৰা তিনিচুকীয়া আই টি আইৰ অধ্যক্ষৰ ভূমিকাত ক্ষোভ ভুক্তভোগীৰ ।

বহিঃৰাজ্যত চাকৰিৰ আশা লৈ যোৱা ৩৩ অসমীয়া যুৱকৰ ঠগবাজিৰ কৰুণ কাহিনী । ৰেলৰ শৌচাগাৰৰ বাহিৰত ঠেলা হেঁচাকৈ বহি আৰু কেতিয়াবা থিয় হৈ ঘৰলৈ উভতি আহিছে কেইগৰাকীমান নিবনুৱা অসমীয়া যুৱক ।পিতৃ মাতৃৰ কষ্টৰ ধন হেৰুৱাই হতাশ হৈ পৰা যুৱকসকলে যোৱা 20 এপ্ৰিলত তিনিচুকীয়াত অৱস্থিত থকা এখন চৰকাৰী আই টি আইৰ অধ্যক্ষৰ ওচৰলৈ Lg কোম্পানীৰ নামত এখন ইমেইল আহিছিল । উল্লেখ্যোগ্য যে ইমেইলত উল্লেখ আছিল যে উক্ত কোম্পানীটোৱে ভাল বেতনত প্ৰতিষ্ঠানটোৰ পৰা ৮0 গৰাকী যুৱকক নিযুক্তি দিব ।চাকৰিৰ আশা আৰু উজ্জল ভৱিষ্যতৰ সপোনে সকলোকে আনন্দিত কৰি তুলিছিল । যোৱা ১১মেত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয় আৰু ১৯ মে তাৰিখে ৩৩ গৰাকী যুৱকে লাভ কৰে ভুৱা নিযুক্তিপত্ৰ । ভুৱা নিযুক্তিপত্ৰত উল্লেখ আছিল যে তেওঁলোকে ২৩মেত দিল্লীত উপস্থিত হৈ চাকৰিত যোগদান কৰিব লাগিব।নিবনুৱা জীৱনৰ অন্ত পৰিব বুলি ভাবি জীৱকসকলে প্ৰস্তুতি আৰম্ভ কৰে। বিভিন্নজনৰ ঋণ লৈ ,কষ্টৰে সাঁচি থোৱা ধন খৰছ কৰি সন্তানক বিদায় দিয়ে ।সেয়ে আশা লৈ ১৯ মেত ৩৩গৰাকী যুৱকে বহিঃৰাজ্যলৈ যাত্ৰা আৰম্ভ কৰে। তাৰ পিছতে ২১মেৰ সন্ধিয়া তেওঁলোক দিল্লীৰ সলনি গাজিয়াবাদত উপস্থিত হয়। পূৰ্বৰ পৰা উপস্থিত নিজকে এল জি কোম্পানীৰ এজেন্ট বুলি চিনাকি দিয়া শুভম নামৰ ব্যক্তিজন । শুভমে যুৱকসকলক আশ্বস্ত কৰি গাজিয়াবাদৰ এখন হোটেলত ৰখোৱাৰ ব্যৱস্থা কৰে । বহু দূৰৰ পৰা অহা যুৱসকলে ভাবিছিল হয়তো এতিয়া চাকৰিৰ নতুন জীৱন আৰম্ভ হব । কিন্তু সেই ৰাতিয়েই আৰম্ভ হয় ঠগবাজিৰ আচল নাটক । শুভমে ৰুম ভাড়া,প্ৰশিক্ষণ ,আৰু এসেচৰিজৰ নামত প্ৰতিজন যুৱকৰ পৰা সংগ্ৰহ কৰে 6000 টকা । ৩৩জন যুৱকৰ পৰা ভালে সংখ্যক ধন লৈ উধাও হৈ ধুৰন্ধৰ শুভম । তাৰ পাছত সেই যুৱকসকলে শুভ্ৰমৰ ফোন অফ হোৱাৰ পাছতে অসহায় হৈ পৰে দুদিন ষ্টেচনত থাকিব লগীয়া হয়। এতিয়া ভুক্তভোগী যুৱকেইজনে কাষ চাপিছে আৰক্ষী আৰু সংবাদমাধ্যমৰ । তিনিচুকীয়াৰ আই টি আই প্ৰতিষ্ঠানৰ অধ্যক্ষ গৰাকীৰ নীৰৱ ভূমিকাক ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

অজয় শৰ্মা ,তিনিচুকীয়া ।

27/05/2026

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পৰ্বতীয়াবাসী ৰাইজৰ সহযোগত বুধবাৰে পৰ্বতীয়া গড়কাপ্তানি পথ অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবীত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পথটোত যাতায়তৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে নানান সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। বিশেষকৈ বৰষুণৰ সময়ত পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ ফলত ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু দৈনিক যাতায়ত কৰা লোকসকল যথেষ্ট সমস্যাত পৰিছে বুলি কয় স্থানীয় ৰাইজে।

প্ৰতিবাদস্থলীত সংগঠনটোৰ কৰ্মী আৰু স্থানীয় বাসিন্দাসকলে চৰকাৰ তথা গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে আৰু শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনায়। তেওঁলোকে কয় যে বহু সময় ধৰি সমস্যা অৱ্যাহত থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে।

প্ৰতিবাদকাৰীসকলে অতি সোনকালে পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।

26/05/2026

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিবাদত তিনিচুকীয়াত আছুৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰিৰ পুত্তলিকা দাহ কায্যসূচী ।

বাণিজ্যিক চহৰ তিনিচুকীয়াত আছুৰ উত্তাল প্ৰতিবাদ ।
মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যত আছুৱে উত্তাল প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে উত্তাল সাব্যস্ত কৰে। ইন্ধনজাত সামগ্ৰী ,জীৱনদায়িনী ঔষধ ,অত্যাৱশ্যকীয় সমগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তিনিচুকীয়া আছুৱে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰিৰ প্ৰতিমূৰ্তি দাহ কৰে। উক্ত প্ৰতিবাদ ৰ মাজতে আছু কৰ্মী সকলৰ আৰক্ষীৰ মাজত তীব্ৰ হতাহতি হোৱাও দেখা পৰিলক্ষিত হয়।

অজয় শৰ্মা ,তিনিচুকীয়া ।

25/05/2026

অসম আদিবাসী জাগ্ৰিতি সমিতিৰ উদ্যোগত AAJ Sewa service য়ে তিনিচুকীয়া জিলাৰ ১ নং বালুপাৰা গাঁৱত এখনি Service centre স্থাপন।
ডাক্তৰ: উপস্থিত থাকে পৰ্মদ বাৰ্য্য

পৰিচালক সঞ্চালক দেবিড লাকৰা
লগতে ,
অসম ৰাজ্যিক চাহ জনগোষ্ঠী মৰ্চা সম্পাদিকা সুনীতা খাৰিয়া

এই কেন্দ্ৰত বিশেষকৈ চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ বাবে অন্য কেন্দ্ৰতকৈ প্ৰায় আধা মূল্যত নথি-পত্ৰ বনোৱাৰ সুবিধা আছে। যেনে পান কাৰ্ড, আধাৰ কাৰ্ড, জন্ম প্ৰমাণ পত্ৰ, জাতি প্ৰমাণ পত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ,PRC certificate, আদি বনোৱাৰ সুবিধা আছে।লগতে স্বাস্থ্যজনিত বহু ৰোগৰ চিকিৎসাৰ সুবিধা আছে

25/05/2026

অসম চাহ জনজাতি তিনিচুকীয়া জিলা মহিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতিৰ সমূহ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

যোৱা ইংৰাজী ২১ মে' ২০২৬ তাৰিখে কোকৰাঝাৰ জিলাৰ ঢোলামাৰা লালকুৰা চাহ বাগিচাৰ দুগৰাকী কন্যা ক্ৰমে অনামিকা বাৰা আৰু চৰপিতা লাকৰাক অতি নৃশংসভাৱে হত্যা কৰা অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ নিমিত্তে এই প্ৰতিবাদ

25/05/2026

কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা চাহ বাগিছাত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ অসমবাসীক স্তম্ভিত আৰু ব্যথিত কৰি তুলিছে। এনে অমানৱীয় ঘটনাৰ কোনো ক্ষমা নাই।
এই ঘটনাত জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (BNS) আৰু শিশু সুৰক্ষা আইন POCSO Act অনুসৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰিবলৈ অসম আৰক্ষী আৰু চৰকাৰক জোৰ দাবী জনাইছোঁ। নাবালিকাৰ ওপৰত যৌন নিৰ্যাতন আৰু হত্যাৰ দৰে জঘন্য অপৰাধৰ ক্ষেত্ৰত দ্ৰুত তদন্ত আৰু ফাষ্ট-ট্ৰেক আদালতৰ জৰিয়তে ন্যায়বিচাৰ প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়।

অসম চাহ জনজাতি মহিলা সমিতি কেন্দ্ৰীয় সমিতিৰ হৈ আমি স্পষ্টকৈ ক’ব বিচাৰোঁ যে — নাৰী আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা সহ্য কৰা নহ’ব। দোষীয়ে যাতে কোনো ৰাজনৈতিক, সামাজিক বা অন্য প্ৰভাৱৰ জৰিয়তে ৰক্ষা নাপায়, সেয়া নিশ্চিত কৰিব লাগিব।
দুগৰাকী নিষ্পাপ কিশোৰীয়ে ন্যায় লাভ কৰক আৰু দোষীয়ে আইন অনুসৰি কঠোৰতম শাস্তি পাওক — সেয়াই আমাৰ দৃঢ় দাবী।

24/05/2026

BIG BRAKING
⭕মৃত্যুৰ উপত্যকালৈ যেন পৰিগণিত হৈছে ডুমডুমা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰহাপজান আমতলী ।

⭕আজি পুনৰ সেই একেটা স্থানতে AS02AH5487 নম্বৰৰ এখন BAJAJ PULSER বাইকৰ তীব্ৰ বেগী খুন্দাত বৰহাপজানৰ বাসিন্দা পূণ্য ডেকা নামৰ যুৱক এজন নিহত হয়।

⭕জানিবলৈ পোৱা অনুসৰি বাইক আৰোহী জনৰ নাম ৰঞ্জু বৰদলৈ আৰু দুৰ্ঘটনাত মৃত্যু হোৱা পূণ্য ডেকাই ঘৰলৈ বুলি উভতি আহিছিল।

ডুমডুমা: অভিজিত নাগ lll

24/05/2026

মাউন্ট এভাৰেষ্ট জয় লখিমপুৰৰ যুৱতী ৰূপামণি গড়ৰ।

Address

Tinsukia
786125

Alerts

Be the first to know and let us send you an email when Assam Bulletin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Bulletin:

Share