Udalguri LIVE

Udalguri LIVE Page For Udalgurian
(1)

11/09/2026

ওদালগুৰিৰ বাবে এটি সু-খবৰ! ওদালগুৰি চহৰত মুকলি হ'ল TVS ৰ Authorised Main Dealer । ওদালগুৰিৰ দুচকীয়া বাহনপ্ৰেমীসকলৰ বাবে আহিছে আকৰ্ষণীয় খবৰ।প্ৰতিখন বাহন ক্ৰয়ত গ্ৰাহকে লাভ কৰিব সুনিশ্চিত উপহাৰ । লগতে পাব কম সুতৰ হাৰত ফাইনেন্সৰ সুচল আৰু সহজ ব্যৱস্থা।

10/09/2026

◾ ওদালগুৰিত আৰক্ষীৰ জালত চাইবাৰ অপৰাধী
◾ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নামত ধনদাবী চক্ৰটোৰ।
◾ মাটিৰ প্ৰিমিয়াম বিচাৰি বিভিন্নজনক ফোন
◾ UPI যোগে বহুতৰ পৰা সৰকাইছিল ধন
◾তেজপুৰৰ নপামত হৰিশিঙা আৰক্ষীৰ অভিযান
◾ ধনদাবীৰ ঘটনাত এজনক গ্ৰেপ্তাৰ
◾ ওদালগুৰিত আৰক্ষীৰ জালত দিলদাৰ হুছেইন
◾ চাইবাৰ প্ৰৱঞ্চনাৰ অভিযোগত যুৱকজনক গ্ৰেপ্তাৰ
◾ ঘটনাত বৃহৎ চাইবাৰ চক্ৰ জড়িত থকাৰ সন্দেহ

10/09/2026

আজিৰ পৰা ওদালগুৰি জিলাতো আৰম্ভ হৈছে এইচ আই ভি আৰু এইডছ্ সন্দৰ্ভত ৬০ দিনীয়া বিস্তৃত সজাগতা অভিযান। আজি এক অনুষ্ঠানৰ জৰিয়তে ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰিয়ে এই সজাগতামূলক অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । জিলা আয়ুক্তগৰাকীয়ে ফ্লেগ অফ কৰি এই সজাগতা অভিযানৰ শুভাৰম্ভ কৰে। আজিৰে পৰা দুমাহ ধৰি চলিব লগিয়া এই সময়ছোৱাত জিলাখনৰ ১০০খন গাঁও সামৰি লোৱাৰ লগতে ৫০খন বিদ্যালয়ত সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব।

10/09/2026

পেট আৰু পাচনতন্ত্ৰ সম্বন্ধীয় জটিল ৰোগত ভুগি থকা ৰোগীসকলৰ বাবে এটা আশাৰ খবৰ। এতিয়া ৰৌতাতে পাৱ চেন্নাইৰ বিশেষজ্ঞ গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট চিকিৎসকৰ চিকিৎসা বিধান। ৰৌতাৰ BRIMS & RC Multi-speciality Hospital ত আপুনি পাব উপযুক্ত চিকিৎসা। চেন্নাইৰ জ্যেষ্ঠ বিশেষজ্ঞ চিকিৎসক ডা° নিৰ্মল জয়াবলে দিব আপোনাক সমিধান।

◾  কলাইগাঁও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ।◾ কবিৰালীৰ স্থানীয় দোকানত অভিযান চলাই সুৰা জব্দ কৰে আৰক্ষীয়ে।◾ ব...
10/09/2026

◾ কলাইগাঁও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ।
◾ কবিৰালীৰ স্থানীয় দোকানত অভিযান চলাই সুৰা জব্দ কৰে আৰক্ষীয়ে।
◾ বিশেষ সুত্ৰৰ তথ্যৰ ভিত্তিত কলাইগাঁও থানাৰ আৰক্ষীয়ে সফল অভিযান।
◾ অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে ওদালগুৰি আৰক্ষীয়ে।

পিছ পৰি কিয় থাকিব হাগ্ৰামা মহিলাৰী? অন্য ৰাজনৈতিক নেতাৰ লগতে ৮০ দশকলৈ উভতি গল হাগ্ৰামা মহিলাৰী।Hagrama Mohilary
09/09/2026

পিছ পৰি কিয় থাকিব হাগ্ৰামা মহিলাৰী? অন্য ৰাজনৈতিক নেতাৰ লগতে ৮০ দশকলৈ উভতি গল হাগ্ৰামা মহিলাৰী।

Hagrama Mohilary

09/09/2026

◾ কলাইগাঁও অঞ্চলৰ ১৬খন জনগোষ্ঠীয় গাঁৱৰ স্ব-জৰীপৰ বাবে গঠন স্ব-জৰীপ সমিতি।
◾ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিসদৰ উদ্যোগত গ্ৰহণ বিশেষ পদক্ষেপ।
◾ গৰীয়া জনগোষ্ঠীৰ জ্যেষ্ঠ ব্যক্তিসকলক লৈ গঠন কৰা হয় স্ব-জৰীপ সমিতি।
◾ কলাইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভা।
◾ সভাত উপস্থিত থাকে জিলা সভাপতি ফাইজুল হুছেইন, কেন্দ্ৰীয় উপ-সভাপতি মোছাদ্দিক হুছেইনসহ কলাইগাঁও আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল।

বিশ্ববিশ্ৰুত শিল্পী 'ভাৰতৰত্ন' ড° ভূপেন হাজৰিকা দেৱক আজি পবিত্ৰ জন্ম শতবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
08/09/2026

বিশ্ববিশ্ৰুত শিল্পী 'ভাৰতৰত্ন' ড° ভূপেন হাজৰিকা দেৱক আজি পবিত্ৰ জন্ম শতবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

08/09/2026

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আজি ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ জিলা পৰ্যায়ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে মহান শিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰাজীক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত স্মৃতিচাৰণমূলক বক্তব্য প্ৰদান কৰাৰ লগতে ভূপেন হাজৰিকাৰ সংগীত আৰু সংগীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মানৱ শৃংখল কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। আজিৰ এই অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ফ্ৰেছ মোছাহাৰী, টংলা সমষ্টিৰ বিধায়ক বিকণ চন্দ্ৰ ডেকা , ওদালগুৰি জিলাৰ জিলা আয়ুক্ত পুলক পাটগিৰিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Fresh Muchahari

08/09/2026

এতিয়া ওদালগুৰিৰ ৰৌতাতে পাব চেন্নাইৰ বিশেষজ্ঞ ইউৰোলজিষ্ট চিকিৎসকৰ চিকিৎসা । ইউৰ’লজি আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত ৰোগীসকলে ৰৌতাৰ BRIMS and RC Multi-speciality Hospital ত পাব উপযুক্ত চিকিৎসা। চেন্নাইৰ এছিয়ান ইনষ্টিটিউট অৱ নেফ্ৰ’লজি এণ্ড ইউৰ’লজি-ৰ জ্যেষ্ঠ বিশেষজ্ঞ চিকিৎসকে দিব আপোনাক সমিধান।

আগতীয়া ৰেজিষ্ট্ৰেচন তথা অধিক তথ্যৰ বাবে যোগাযোগ কৰক 6289701906 আৰু 8822206272 নম্বৰত।

Address

Udalguri

Alerts

Be the first to know and let us send you an email when Udalguri LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category