
04/10/2024
আজি ইং 04/10/2024 তাৰিখে নদুৱাৰ সমষ্টিৰ কুসুমটোলাত জলসম্পদ বিভাগ,সংসদীয় বিষয় ইত্যাদিৰ মন্ত্রী,অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী পিযুষ হাজৰিকা ডাঙৰীয়াই নদুৱাৰ সমজিলাৰ শুভ-উদ্বোধন কৰাৰ লগতে সমজিলাৰ সৈতে সংগতি ৰাখি সমজিলা আয়ুক্তৰ কাৰ্যালয়টিৰো শুভ-উদ্বোধন কৰে। এই অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ সন্মানীয়বিধায়ক শ্ৰী যুত পদ্ম হাজৰিকাদেৱ,কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীদিগন্ত কলিতা ডাঙৰীয়া, শোণিতপুৰৰ জিলা আয়ুক্ত শ্ৰী অংকুৰ ভৰালী ডাঙৰীয়া, আৰক্ষী অধীক্ষক শ্ৰীবৰুণ পুৰকায়স্থ ডাঙৰীয়া, নদুৱাৰ সমজিলাৰ প্ৰথমগৰাকী সমজিলা আয়ুক্ত শ্ৰীৰাজ বৰুৱা ডাঙৰীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Biswa Sharma
Hazarika
Hazarika