22/07/2025
📌 হঠাতে জনশূন্য হৈছে হাজোৰ এখন গাঁও।
📌গাঁওবাসীয়ে ঘৰ-দুৱাৰ ভাঙি টালিটোপোলা বান্ধি উধাও হৈছে অন্য স্থানলৈ।
📌যিয়েই যেনেকৈ পাৰে তেনেকৈ কেৱল ত্যাগ কৰিছে সেই স্থান।
📌দৃশ্যটো হাজোৰ ১নং দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ।
📌 প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে গো-পালক সকলৰ বাবে তীৰ্থনগৰীত সংৰক্ষণ কৰিছিল এইখন দোকণীয়া গ্ৰেজিং ৰিজাৰ্ভ।
📌২২ হাজাৰ ভূমিত সংৰক্ষণ কৰা ৰিজাৰ্ভখন কিন্তু এতিয়া হাজাৰ-হাজাৰ সন্দেহজনক লোকৰ দখলত।
📌বছৰ বছৰ ধৰি এইসকল লোকে বসতি স্থাপন কৰাত এতিয়া যেন অস্তিত্বৰ সংকটত পৰিছে তীৰ্থনগৰী হাজো।
📌একাংশ দালালে গ্ৰেজিং ৰিজাৰ্ভ খনৰ ভূমি এইসমূহ সন্দেহজনক লোকক বিক্ৰী কৰাৰ কথাও এতিয়া আহিছে পোহৰলৈ।
📌কিন্তু হঠাতে হাজো চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী লাভ কৰাৰ পিছতে এতিয়া এইসকল লোকে এনেদৰে নিশাৰ ভিতৰতে খালী কৰিছে ৰিজাৰ্ভৰ ভূমি।ঘৰ ভাঙি অন্য ঠাইলৈ স্থানান্তৰ কৰিছে অবৈধভাবে বসতি কৰি অহা শ-শ পৰিয়ালে।মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক সন্মান জনাই তেওঁলোকে নিজাকৈ ৰিজাৰ্ভৰ ভূমি খালী কৰি দিয়া বুলি কলে এনেদৰে।