17/08/2025
মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক ন্যায় দিবলৈ প্ৰাৰ্থনা অভয়াপুৰীৰ এগৰাকী দুৰ্ভগীয়া মাতৃৰ । অভয়াপুৰী চহৰৰ ১১ নং ৱাৰ্ডৰ অন্তৰ্গত নয়াপাৰাৰ দিপ্তী খানম নামৰ মহিলা এগৰাকীয়ে আজি অভয়াপুৰী থানাত ন্যায় বিচাৰি দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে নিজ পুত্ৰক যোৱা ১৫ আগষ্টৰ দিনা এটা ১০-১৫ জনীয়া যুৱকৰ দলে ৰাজবাৰীৰ সমুখত অ... ন্যায়ভাৱে অ... মানবীয়ভাবে গু... ৰুলা গু... ৰুলকৈ প্ৰ... হাৰ কৰিছে । এই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে । এজাহাৰত মুঠ ৬ গৰাকী আক্ৰ... মনকাৰী যুৱকৰ নাম উল্লেখ কৰা হৈছে যদিও অইনসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই । এজাহাৰৰ লগত আক্ৰ... মনৰ সময়ৰ এটা ভিডিঅ' আৰক্ষীক জমা দিয়া হৈছে । এজাহাৰৰ প্ৰতিলিপি মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয় আৰু আৰক্ষী সঞ্চালকপ্ৰধানলৈ দিয়াৰ ব্যৱস্থা কৰিছে ।