Safar TV

Safar TV Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Safar TV, Digital creator, Guwahati.
(4)

12/03/2026

12/03/2026

10/03/2026

09/03/2026

মই OLA চলাওঁ, বেছিভাগ নাইট শ্বিফ্ট। যোৱা সপ্তাহত ৰাতি প্ৰায় ১১ মান বজাত বগা কুৰ্তা চুৰিয়া পিন্ধা এজন বৃদ্ধ মানুহ আহি মোৰ বাহনত বহিল। বগা সাজ পাৰ, দেখাত ক্লান্ত কিন্তু মাত কথাত এক অদ্ভুত দৃঢ়তা। গাড়িত বহিয়ে ক'লে-
"মোক আজি ৫ খন ঠাইলৈ লৈ যাব লাগিব। চহৰৰ মাজতে। তোমাক ৫০০০টকা দিম। কিন্তু ভ্ৰমণ শেষ নোহোৱা লৈকে মোক একো প্ৰশ্ন নকৰিবা।"
কৈয়ে মোৰ হাতত ঠিকনা বোৰ লিখা কাগজ এখন দিলে।
প্ৰথম ষ্টপ...
গুৱাহাটীৰ এখন পুৰণি ঘৰ। তেওঁ গাড়িতে বহি গ্লাছ নমাই অলপ দেৰি সেই ঘৰখনৰ ফালে চাই থাকিল। কিছু চকুলো নিগৰি আহিল তেওঁৰ চকুৰে। মোক পুনৰ যাবলৈ নিৰ্দেশ দিলে।
দ্বিতীয় স্টপ...
এখন প্রাথমিক স্কুল। গেইট বন্ধ। ভিতৰৰ মুকলি পথাৰখন এন্ধাৰ। তেওঁ নামি গৈ গেইট খন লাহে কৈ খুলি ভিতৰলৈ সোমাই গ'ল। ফিল্ডৰ মাজত ওলোমাই থোৱা জুলনা খনত অলপ দেৰি বহি গুচি আহিল।
"ইয়াত মই শিক্ষকতা কৰিছোঁ, ৪৩ বছৰ। জীৱনৰ শ্ৰেষ্ঠ সময় আছিল সেইয়াই।"
তৃতীয় স্টপ....
এটি সৰু পুৰণি কফি হাউচ।
ভিতৰলৈ সোমাই এক কাপ চাহ অর্ডাৰ কৰিলে। চুকৰ টেবুল এখনত অকলে বহি থাকিল। চাহৰ কাপত হাতো নলগালে। কেৱল চাৰিওফালে চাই থাকিল। পোন্ধৰ মিনিট মান পাছত উভতি আহি এটা মিঠা হাঁহিৰে কলে, "ইয়াতেই মোৰ আৰু মিতালীৰ প্ৰথম দেখা।
১৯৬৯ চন।"
চতুর্থ স্টপ...
ভূতনাথ শ্মশান।
তেওঁ নামি গ'ল।
চিতাভস্ম খিনিৰ কাষত থিয় হৈ কিবা ফুচফুচাই কথা অলপ ক'লে। মই দূৰৰ পৰা একো শুনি নাপালোঁ। আধা ঘণ্টা মান তাত ৰৈ উভতি আহিল। চকু কেইটা তেওঁৰ ৰঙচুৱা। "আজি তিনি বছৰ হৈছে, তাই গুচি যোৱাৰ।"
পঞ্চম স্টপ...
এখন ডাঙৰ হস্পিতাল।
গাড়িখন পার্ক কৰিব ক'লে। তাৰপাছত মোৰ ফালে তেওঁ চালে।
“এতিয়া মই এটা কথা কওঁ। মোৰ চতুর্থ স্টেইজ কেন্সাৰ। ডাক্তৰে কৈছে আৰু কেইটামান সপ্তাহ...... হয়তো আৰু কেইটামান দিন। আজি মই মোৰ গোটেই জীৱনটো শেষ বাৰৰ বাবে চাই আহিব বিচাৰিছিলো।"
মই ষ্টিয়াৰিঙত মূৰ নমাই কান্দিব আৰম্ভ কৰিলোঁ।
তেওঁ ক'লে, "ঘৰ খন - যত মই মোৰ সন্তান সকলক ডাঙৰ দীঘল কৰিছোঁ।
স্কুল - যত জীৱনৰ উদ্দেশ্য বিচাৰি পাইছিলোঁ।
কফি হাউচ - যত প্ৰেমত পৰিছিলোঁ।
শ্মশানঘাট—যত তাইক শেষ বিদায় জনাইছিলোঁ। ।
আৰু এই হস্পিটেল— যত আজি মই ভৰ্তি হম। আৰু ঘৰলৈ ওভতা নহয়।"
তেওঁ মোৰ হাতত ৫০০০ টকা গুজি দিলে।
"ধন্যবাদ। তুমি মোক মোৰ জীৱনটোত এবাৰ ফুৰাই আনিলা। মোৰ জীৱনৰ অন্তিম অপৰিচিত মানুহ, যিজনে মোৰ লগত অত্যন্ত ভাল ব্যবহাৰ কৰিলে।"
মই টকা খিনি লব বিচৰা নাছিলোঁ।
তেওঁ জোৰ দি ক'লে, "লোৱা, মোৰ আৰু কাকো দিবলৈ নাই। ল'ৰা ছোৱালীয়ে কথা নাপাতে। বন্ধু বান্ধৱ কোনো নাই। তুমি প্ৰায় ৩ ঘণ্টা সময় দিছা। তিনি ঘণ্টাৰ মানৱিকতা। ইয়াৰ দাম এই সামান্য টকাত কৈ বহু বেছি।"
তেওঁ সৰু চুটকেচ এটা হাতত লৈ ভিতৰলৈ সোমাই গ'ল।
পাছদিনা মই পুনৰ সেই হস্পিটেললৈ গলোঁ, তেওঁৰ খবৰ ললোঁ।
“শ্রী অনিৰুদ্ধ বৰুৱা। কেবিন ৪১২।”
হাতত ফুল লৈ ভিতৰলৈ সোমাই গলো। মোক দেখি তেওঁ এটা মিচিকিয়াই হাঁহি মাৰিলে।
"তুমি আহিছা?"
এনেকৈ এৰি থৈ যাব নোৱাৰিলোঁ।
প্ৰায় দুই ঘণ্টা কথা পাতিলোঁ। তেওঁৰ মিতালী, ছাত্ৰ ছাত্ৰী, তেওঁৰ অভিমানী ল'ৰা ছোৱালীৰ কথা।
প্রতিদিন যোৱা আৰম্ভ কৰিলোঁ। চাহ লৈ যাওঁ। বাতৰি কাকত পঢ়ি শুনাই আহোঁ মাজে মাজে। কেতিয়াবা মনে মনে বহি কেৱল তেওঁৰ কথা শুনি থাকোঁ।
এদিন ক'লে, "ভাবিছিলোঁ অকলেই মৰিম। কিন্তু এতিয়া তুমি আছা। শেষ জীৱনত এজন অচিনাকি মানুহ পৰিয়ালৰ দৰে হৈ গ'ল - এইয়াই মোৰ বাবে আশীৰ্বাদ।"
মই তেওঁৰ হাতখন ধৰিলোঁ।
আপুনি অকলে নহয়।
মঙ্গলবাৰ কাহিলিপুৱা ৩ বাজি ১৭ মিনিটত তেওঁ গুচি গ'ল। মই তেতিয়াও তেওঁৰ হাতখন ধৰি বহি আছোঁ।
শেষ কথা আছিল,
"সকলোকে কবা ... অচিনাকি মানুহৰ ফালে এবাৰ চাবলৈ। সঁচাকৈ চাবলৈ। আমি সকলোৱে কোনোবা ফালে গৈ আছোঁ। কোনোবাই লাহে লাহে আৰু কোনোবা দ্ৰুতগতিত। কিন্তু যোৱাৰ পথত দয়া কৰিবা। তুমি কৰিছিলা। তুমি মোৰ শেষ দিনবোৰ জীৱন্ত কৰি দিলা।"
মনিটৰৰ শব্দটো এটা পোন ৰেখা যেন হৈ গ'ল।
শ্মশানত তেওঁৰ দেহ দাহ কৰাৰ সময়ত আছিল মাত্ৰ ৬ জন মানুহ।
মই, তিনিগৰাকী নাৰ্ছ, এজন উকীল আৰু এজন প্ৰাক্তন ছাত্ৰ।
৪৩ বছৰৰ শিক্ষকতা। ৫২ বছৰৰ দাম্পত্য। ৮১ বছৰৰ জীৱন।
ছ’জন মানুহ।
“অনিৰুদ্ধ দেৱে মোক শিকালে —
প্ৰতিজন অপৰিচিত মানুহ কাৰোবাৰ বাবে সম্পূৰ্ণ পৃথিৱী।
প্ৰতিজন যাত্ৰী একোটা গল্প।
প্ৰতিজন মানুহ জীয়াই আছে, মৃত্যু হৈছে, অপেক্ষা কৰিছে - কোনোবাই যেন তেওঁক এবাৰ চাই যায়।
তেওঁ মোক ৫০০০ টকা দিছিল জীৱনৰ পথত
গাড়ি চলাবলৈ।
কিন্তু তেওঁ মোক যি শিক্ষা দি গ'ল, ইয়াৰ মূল্য টকাতকৈ বহু বেছি।
আচলতে মানৱিকতা অতিৰিক্ত একো নহয়। কিন্তু এইটোৱে সকলো।
আজিও মই সেই ৫০০০ টকা গ্ল'ভ বক্সত সযতনে সাচি ৰাখিছোঁ। খৰচ কৰা নাই।
কাৰণ প্ৰতিজন যাত্ৰী হয়তো জীৱনৰ শেষ ভ্ৰমণত ওলাইছে।
প্ৰতিজন অপৰিচিত মানুহেই যেন শেষ বিদায় জনাইছে।
সেইবাবেই আজিকালি মই অলপ অন্য ভাৱে বাহন চলাওঁ। প্ৰশ্ন কৰোঁ। শুনো। মানুহক চাওঁ। কাৰণ এজন বৃদ্ধ শিক্ষকে মোক এটি অতি মিঠা ৰাতি দিছিলে আৰু এজন অচিনাকি মানুহ ৰৈ গৈছিল।
তুমিও সেই মানুহ জন হোৱা। আজি ৰাতিও হয়টো কোনোবা তেওঁৰ শেষ চফৰত ওলাইছে। তুমিও সেইয়া মিঠা কৰি দিয়া।
নিঃশব্দ মুহূর্ত, উচ্চাৰণহীন সত্য।

বন্ধু হৈ অচিনাকি মানুহৰ লগত মানৱিক হবলৈ চেষ্টা কৰক.... 🙏 একান্ত অনুৰোধ 🙏"

বিদিশা ঘোষৰ এটা পোস্ট কপি পেস্ট নকৰি নোৱাৰিলোঁ। গল্পৰ স্থান কলকাতা যদিও অসমীয়ালৈ অনুবাদ কৰা বাবে গুৱাহাটী বুলি উল্লেখ কৰা হ'ল।।

09/03/2026

মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন জমিয়ত উলামাৰ নিয়মীয়া কাৰ্যসূচী

ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উজ্জ্বল সফলতা লাভ কৰিলে জামিয়া মিলিয়া ইসলামিয়া বিশ্ববিদ্যালয়ৰ Residential Coaching A...
07/03/2026

ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উজ্জ্বল সফলতা লাভ কৰিলে জামিয়া মিলিয়া ইসলামিয়া বিশ্ববিদ্যালয়ৰ Residential Coaching Academy-ৰ ছাত্ৰসকলে। এই বছৰ একেলগে ৩৮ জন ছাত্ৰ-ছাত্ৰীয়ে এই কঠিন পৰীক্ষাত সফলতা লাভ কৰি নিৰ্বাচিত হৈছে।।

বিৰোধী ঐক্যত 3G নহয় 2G তে থাকিব, মিত্ৰতাজোঁটত নাথাকিব ৰাইজৰ দল!অখিল গগৈৰ তাৎপৰ্যপূৰ্ণ পোষ্ট...
07/03/2026

বিৰোধী ঐক্যত 3G নহয় 2G তে থাকিব, মিত্ৰতাজোঁটত নাথাকিব ৰাইজৰ দল!

অখিল গগৈৰ তাৎপৰ্যপূৰ্ণ পোষ্ট...

05/03/2026

অৱশেষত আনুষ্ঠানিক ভাৱে BJP মিত্ৰযোটত চামিল হ'ল আন্তৰ্জাতিক সফল ব্যৱসায়ী বদৰুদ্দিন আজমল
নেতৃত্বাধীন AIUDF

ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেইৰ হ/ত্যাৰ পোতক তুলিবলৈ ইৰাণে ক্লাষ্টাৰ ৱাৰহেড মিছাইল নিক্ষেপ কৰিছে ইজৰাইললৈ ৷ এই ক্লাষ্টাৰ ৱা...
04/03/2026

ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেইৰ হ/ত্যাৰ পোতক তুলিবলৈ ইৰাণে ক্লাষ্টাৰ ৱাৰহেড মিছাইল নিক্ষেপ কৰিছে ইজৰাইললৈ ৷ এই ক্লাষ্টাৰ ৱাৰহেড মিছাইলে বায়ুৰ মাজত বি/স্ফোৰণ ঘটাই বি"স্ফোৰক বিস্তৃত অঞ্চলত সিঁচৰতি হৈ পৰে ৷ একেসময়তে জনসমুদ্ৰক আ/ক্ৰ/মণ কৰিব পাৰি এই ক্লাষ্টাৰ ৱাৰহেড মিছাইলেৰে৷

ইতিমধ্যে ইজৰাইলে এই কথা সদৰি কৰিছে ৷

Address

Guwahati

Telephone

+919101397962

Website

Alerts

Be the first to know and let us send you an email when Safar TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Safar TV:

Share