20/07/2025
🛑শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দ্বিতীয়খন ৰে'ল তথা পথ দলং
📌শীঘ্ৰেই আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম
📌আগিয়াঠুৰী–কামাখ্যা ৰে'লপথৰ দ্বৈতকৰণ কাৰ্যৰ অংশ হিচাপে নিৰ্মাণ হ'ব দ্বিতীয়খন ৰেল-কাম-ৰোড সেতু
📌আন্তঃগাঁথনিমূলক প্ৰকল্পটো ২০২৩–২৪ বিত্তীয় বৰ্ষত ১,৪৭৩.৭৭ কোটি টকা ব্যয় সাপেক্ষে মঞ্জুৰ হৈছিল
📌ইয়াক ২০২৯ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে
📌প্ৰকল্পটোত আগিয়াঠুৰীৰ পৰা কামাখ্যালৈ ৭.০৬২ কিঃমিঃ দৈৰ্ঘ্যৰ এটা অংশৰ নিৰ্মাণ অন্তৰ্ভুক্ত আছে
📌ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১.৩ কিঃমিঃ দীঘল ষ্টীল কম্পোজিট গাৰ্ডাৰ সেতু থাকিব
📌সেতুখনৰ তলৰ ডেকত দ্বৈত-লাইনৰ ৰে'লপথ আৰু ওপৰৰ ডেকত ফুটপাথৰ সৈতে তিনি লেনযুক্ত পথ থাকিব