BTR Asomiya News

  • Home
  • BTR Asomiya News

BTR Asomiya News Bodoland Asomiya Pratidin Paper Head Office Kokrajhar,BTR (Assam)

আজিৰে দিনটোত চলিত উন্নয়নমূলক প্ৰচেষ্টাসমূহৰ পর্যালোচনাৰ হেতু বাক্সা জিলাত উপস্থিত থাকিম। আপোনাসৱৰ সহযোগিতা একান্তই কাম্য...
07/07/2025

আজিৰে দিনটোত চলিত উন্নয়নমূলক প্ৰচেষ্টাসমূহৰ পর্যালোচনাৰ হেতু বাক্সা জিলাত উপস্থিত থাকিম। আপোনাসৱৰ সহযোগিতা একান্তই কাম্য।

আৰু মাত্ৰ কেইটিমান ঘণ্টাৰ অপেক্ষা!নিৰ্ধাৰিত সময়সীমাৰ আধা সময়তে নিৰ্মাণ সম্পূৰ্ণ কৰি আপোনালোকৰ সেৱাৰ অৰ্থে সাজু গুৱাহাটীৰ...
07/07/2025

আৰু মাত্ৰ কেইটিমান ঘণ্টাৰ অপেক্ষা!

নিৰ্ধাৰিত সময়সীমাৰ আধা সময়তে নিৰ্মাণ সম্পূৰ্ণ কৰি আপোনালোকৰ সেৱাৰ অৰ্থে সাজু গুৱাহাটীৰ ভগদত্ত উৰণ সেতু!

মহানগৰৰ সুৰক্ষা ব্যৱস্থাক অধিক কটকটীয়া কৰাৰ লক্ষ্য! গুৱাহাটী মহানগৰত সুৰক্ষা আৰু নিৰাপত্তাৰ মান উন্নীত কৰিবলৈ ২,০০০ চিচি...
07/07/2025

মহানগৰৰ সুৰক্ষা ব্যৱস্থাক অধিক কটকটীয়া কৰাৰ লক্ষ্য!

গুৱাহাটী মহানগৰত সুৰক্ষা আৰু নিৰাপত্তাৰ মান উন্নীত কৰিবলৈ ২,০০০ চিচি টিভি কেমেৰা, ৰাজহুৱা ঘোষণা ব্যৱস্থা, জৰুৰীকালীন কল বক্স আদি সংস্থাপনৰ এক পদক্ষেপ কৰা হৈছে। প্রযুক্তিৰ সৈতে সহাৱস্থান কৰি সামগ্রিকভাৱে নাগৰিকৰ সুৰক্ষাত এই পদক্ষেপ নিশ্চিতকৈ সহায়ক হ’ব বুলি আমি বিশ্বাস কৰোঁ।

07/07/2025

আপোনালোকলৈ আগবঢ়ালোঁ ভগদত্ত উৰণ সেতু ২🙏🏻

ৰাইজৰ আশীৰ্বাদে আজি আমাৰ মন ভৰাই তুলিলে৷

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে আমি ৰোগীৰ বাবে সঠিক সময়ত ৰোগ চিনাক্ত কৰাৰ লগতে ব্যাপক চিকিৎসা সুবিধাৰে কর্কটৰ যত...
07/07/2025

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে আমি ৰোগীৰ বাবে সঠিক সময়ত ৰোগ চিনাক্ত কৰাৰ লগতে ব্যাপক চিকিৎসা সুবিধাৰে কর্কটৰ যত্নমূলক প্রতিষ্ঠানৰ এক আধাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। এই চিকিৎসালয়সমূহে গুণগত মানৰ কর্কট ৰোগৰ চিকিৎসা অতি সুলভ হাৰত প্ৰদান কৰি আহিছে। বর্তমান এনে ৯খন চিকিৎসালয় কাৰ্যক্ষম হোৱাৰ সমান্তৰালভাৱে আন ৮খন নির্মাণৰ বিভিন্ন পৰ্যায়ত আছে।

অসমৰ কৃষিজাত সামগ্রীয়ে উচ্চ গুণগত মান আৰু পুষ্টিতত্ত্বৰে সমৃদ্ধ হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত সুখ্যাতি অর্জন কৰিবলৈ স...
03/07/2025

অসমৰ কৃষিজাত সামগ্রীয়ে উচ্চ গুণগত মান আৰু পুষ্টিতত্ত্বৰে সমৃদ্ধ হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে।
সম্প্ৰতি মাজুলীৰ কৃষকে মধ্য এছিয়া আৰু ইউৰোপীয় বজাৰত প্ৰৱেশ কৰি ২৬৭ মেট্রিক টন ৰঙা বাও ধান ৰপ্তানি কৰিছে—ইয়াৰ জৰিয়তে তেওঁলোকে অধিক লাভ অর্জন কৰাৰ লগতে অসমৰ চিনাকিকো দুগুণে বঢ়াইছে।

পথত সংঘটিত দুৰ্ঘটনা কাৰোৰে জীৱনত নহওক, সেয়া প্ৰতিজনেই বিচাৰে৷ আমি এই দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে বহু সজাগতামূলক কামকে ধৰি ব...
03/07/2025

পথত সংঘটিত দুৰ্ঘটনা কাৰোৰে জীৱনত নহওক, সেয়া প্ৰতিজনেই বিচাৰে৷ আমি এই দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে বহু সজাগতামূলক কামকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ ইয়াৰ অংশ হিচাপে পথ দুৰ্ঘটনাত পতিতসকলৰ নগদবিহীন বিশেষ চিকিৎসাৰো ব্যৱস্থা কৰিছোঁ৷

সকলোৰে জীৱন সুৰক্ষিত থাকক, সেয়াই কামনা কৰিলোঁ৷

03/07/2025

নতুন দিল্লীত এটি বিশেষ দিন!

আজি নতুন দিল্লীত বহুকেইখন গুৰুত্বপূর্ণ বৈঠক তথা সৌহার্দ্যপূর্ণ সাক্ষাতেৰে সময়খিনি অতিবাহিত কৰোঁ। ইয়াৰে অন্যতম হিচাপে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীনীতিন গাডকাৰী ডাঙৰীয়াৰ সৈতে ফলপ্ৰসূ বৈঠকত মিলিত হৈ অসমৰ ধ্বজাবাহী আন্ত:গাঁথনি প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে সেইসমূহ সময় নিৰ্ধাৰিতভাৱে সম্পূৰ্ণকৰণত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সহযোগিতাৰ কথা ব্যক্ত কৰোঁ।

ষোড়শ বিত্ত আয়োগৰ অধ্যক্ষ শ্ৰীঅৰবিন্দ পানাগাৰিয়া ডাঙৰীয়াৰ সৈতে হোৱা সাক্ষাৎ সদায় বিশেষ। আমি পুঁজি হস্তান্তৰৰ ক্ষেত্ৰত অসমৰ অনন্য দিশবোৰ আলোচনাত আলোকপাত কৰাৰ সুবিধা গ্রহণ কৰিছিলোঁ।

দিনটোৰ ভিন্ন সময়ত বিহাৰ চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীঅশোক চৌধৰী ডাঙৰীয়াৰ সৌহার্দ্যপূর্ণ সাক্ষাতৰ উপৰি কেনিয়াস্থিত কোম্পানী লাইফ কেয়াৰ লিমিটেডৰ অধ্যক্ষ শ্ৰীজয়েশ চাইনী তথা আই চি আই চি আই ফাউণ্ডেশ্যন আৰু আই চি আই চি আই বেংকৰ প্ৰতিনিধি দলৰ সৈতে বৈঠকযোগে কেতবোৰ অসমকেন্দ্রিক পদক্ষেপৰ নির্ধাৰিত বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ।

আমাৰ চৰকাৰ ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে সমানে দায়বদ্ধ। আমি কেৱল যুৱক-যুৱতীৰ বাবে নিয়োগ সৃষ্টি কৰাতেই সীমাবদ্ধ থকা ...
03/07/2025

আমাৰ চৰকাৰ ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে সমানে দায়বদ্ধ। আমি কেৱল যুৱক-যুৱতীৰ বাবে নিয়োগ সৃষ্টি কৰাতেই সীমাবদ্ধ থকা নাই, আমি আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ। এই সুবিধাসমূহৰ ভিতৰত আমি ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীকে ব্যয়শূন্যভাৱে (Zero Cost) বীমাৰ সুবিধা প্ৰদান কৰিছোঁ। আমি নিশ্চিত যে আমাৰ এই পদক্ষেপে চৰকাৰী কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাব।

কৃতজ্ঞতা প্ৰকাশো কেতিয়াবা আধৰুৱা যেন লাগে, ৰাইজৰ মৰম-আশিসে যেতিয়া সময়ক অধিক বিশেষ কৰি তোলে!!ধন্যবাদ ওদালগুৰি 🙏Thank you ...
03/07/2025

কৃতজ্ঞতা প্ৰকাশো কেতিয়াবা আধৰুৱা যেন লাগে, ৰাইজৰ মৰম-আশিসে যেতিয়া সময়ক অধিক বিশেষ কৰি তোলে!!

ধন্যবাদ ওদালগুৰি 🙏

Thank you Udalguri 🙏🏼

01/07/2025

বেডমিণ্টনৰ ৰুচি ব্যস্ততাৰ মাজতো মোৰ বাবে বিনোদনৰ এক মাধ্যম৷ ৰেকেট, ছাটল দেখাৰ পাছত এপাক নেখেলাকৈ কেনেকৈ থাকোঁ!

Address


Telephone

+919365654302

Website

Alerts

Be the first to know and let us send you an email when BTR Asomiya News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BTR Asomiya News:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share