UNOFFICIAL::With Gunjan Borah

UNOFFICIAL::With Gunjan Borah মানৱ সেৱাই প্ৰকৃত সেৱা ।
আপোনাৰ যিদিনাই ভাল হ'ব,
সেইদিনাই মোৰো ভাল হ'ব ।
ঠিকনা :- বেছেৰীয়া , তেজপুৰ
Contact No - 7086990104

বিভিন্ন দিশত প্ৰতিভা থকা লোক সকলৰ সৈতে কিছু সময় কথা পাতি তেওঁলোকৰ মনৰ কথাবোৰ সামাজিক মাধ্যমত প্ৰকাশ কৰাটোৱেই সৈতে প্ৰধান উদ্দেশ্য । অসমখন হৈছে বিশেষকৈ কৃষি প্ৰধান ৰাজ্য । আমাৰ অসমত প্ৰতিভাৰ কোনো অভাৱ নাই । প্ৰতিখন ঘৰতেই একো একোজন শিল্পী সাহিত্যিক আছে । কিছুমানৰ প্ৰকাশ পায় কিছুমানৰ প্ৰকাশ নাপায় । তেনে বিভ লোকৰ সৈতে মত বিনিময় কৰি এক নতুন সুযোগ দিয়াৰ প্ৰয়াস কৰিম । লগতে বিভিন্ন ইতিবাচক ব্যক্তিগত ভিডিঅ

' এই মাধ্যমত প্ৰকাশ কৰিম ।
২০১৩ চনতেই "Besseria Tezpur. একতাৰ এনাজৰী" নামৰে গঠিত হোৱা এই পেজটো বৰ্তমান ২৮/০৬/২০২১ তাৰিখে "এkotar এnajori, অসম" নাম দিয়া হ'ল । তেজপুৰ চহৰৰ পৰা উত্তৰ দিশে প্ৰায় ৮ কিঃমিঃ দূৰত থকা বেছেৰীয়া নামৰ ১৪ খন গাৱঁৰ সমাহাৰৰে গঠন হোৱা অঞ্চলটোৰ পৰা এই পেজটো গঠন হৈছিল গুঞ্জন বৰাৰ একক প্ৰচেষ্টাত । এতিয়া এই পেজটো ডাঙৰ হ'ল , পৰিয়াল বাঢ়িল , আৰু নিৰ্দিষ্ট এটা অঞ্চলৰ পৰা ওলাই সমগ্ৰ অসম খনে লাহে লাহে চিনি পাব ধৰিলে । স্পৰ্শকাতৰ বিষয় বোৰ স্পষ্ট ভাষাৰে যুক্তি সংগত ভাবে আপোনালোকৰ বাবে আগবঢ়াই দিয়াৰ চেষ্টা কৰা হৈছে আৰু অসমৰ যিকোনো সুপ্ত প্ৰতিভা বোৰক আমাৰ এই পেজৰ জৰিয়তে সকলোৰে আগত চিনাকি কৰাই দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে । লগতে সমাজৰ বাবে তথা পৰিবেশৰ বাবে উপকাৰী কিছুমান পদক্ষেপ লোৱা হৈছে আৰু বহুতো ইতিবাচক বাতৰি আৰু অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে প্ৰয়াস কৰি থকা হৈছে । আপোনালোকে আদৰি লৈছে , এইয়াই হৈছে আমাৰ বাবে প্ৰেৰণা আৰু আশীৰ্বাদ । একেই নামেৰে এটা YouTube চেনেল খোলা হৈছে । আপোনালোকে আমাক পৰামৰ্শ দিব আৰু ভুলবোৰ আঙুলিয়াই দিব বুলি আশা ৰাখিলো । আজি ২৬/০৫/২০২৩ৰ পৰা পেজটোৰ নাম ::With Gunjan Borah দিয়া হ'ল ।

দৈনন্দিন জীৱনৰ পৰা কিছু আঁতৰত অৰুণাচলৰ নামচাইত ❤️ বহুত ফটো উঠিলোঁ পিছত দেখুৱাম । 📸
17/07/2025

দৈনন্দিন জীৱনৰ পৰা কিছু আঁতৰত অৰুণাচলৰ নামচাইত ❤️

বহুত ফটো উঠিলোঁ পিছত দেখুৱাম । 📸





17/07/2025

ৰংঘৰৰ বাকৰিৰ পৰা অলপমান মনৰ অনুভৱ.....





#শিৱসাগৰ
#ৰংঘৰ

প্ৰতিটো যাত্ৰাৰ সুৰক্ষাৰ সাক্ষী হালধিবাৰী বুঢ়ী মাই মন্দিৰ । সেৱা লব সকলোৱে 🙏🚩🚩       #হালধিবাৰী  #বুঢ়ীমাইমন্দিৰ
16/07/2025

প্ৰতিটো যাত্ৰাৰ সুৰক্ষাৰ সাক্ষী হালধিবাৰী বুঢ়ী মাই মন্দিৰ । সেৱা লব সকলোৱে 🙏🚩🚩




#হালধিবাৰী
#বুঢ়ীমাইমন্দিৰ

15/07/2025

জীৱন জিন্দাবাদ ❤️
জয় শ্ৰী ৰাম 🚩
জয় বজৰংৱলী🚩


#হনুমান_চালিশা



15/07/2025

আমি হনুমান চালিশা পঢ়িলে আপোনাৰ কিয় আপত্তি হয় । মঙলবাৰৰ নিয়ম । কালিলৈ শিৱসাগৰ হৈ ওজনি যাত্ৰা । JAI SHREE RAM


#হনুমান_চালিশা


আজিৰ এই শুভ দিনটোত নিজৰ লগতে আপোনালোক সকলোৰে মঙ্গলৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ । ঈশ্বৰ একে অদৃশ্য শক্তি । ঈ...
15/07/2025

আজিৰ এই শুভ দিনটোত নিজৰ লগতে আপোনালোক সকলোৰে মঙ্গলৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ । ঈশ্বৰ একে অদৃশ্য শক্তি । ঈশ্বৰৰ কৃপাত আমাৰ জীৱন ধন্য হয় , আমি কৰ্ম কৰাৰ প্ৰেৰণা পাওঁ, জীয়াই থকাৰ সাহস পাওঁ ।
হিন্দু ধৰ্মৰ সকলো দেৱ দেৱতাৰ ভিতৰত আপুনি কাক আৰাধনা কৰে কোনজন ভগৱানৰ কৃপা পাব বিচাৰে সেইয়া আপোনাৰ ব্যক্তিগত কথা। সেই বিষয়ত আমি ইজনে আনজনক বাধ্য কৰিব নোৱাৰো । ময়েই শ্ৰেষ্ঠ , মোৰ পদ্ধতিয়ে শুদ্ধ , আপুনি মোৰ মতেই চলিব লাগিব এনেবোৰ কথা আমাৰ সমাজত বেছিকৈ দেখিবলৈ পোৱা যায় । যাৰ বাবে আমাৰ নিজৰ মাজতেই ঈশ্বৰক লৈ খোৱা-কামোৰা ।
মই আগৰে পৰাই কৈ আহিছোঁ আমি থকা সমাজ খনত গুৰু আসনৰ সন্মুখত মহাবীৰ হনুমানৰ মূৰ্তি নামৰ দ্বাৰা প্ৰতিষ্ঠা কৰি আসনৰ সুৰক্ষাৰ বাবে ৰখা হয় । ঠাই ভেদে বেলেগ বেলেগ নিয়ম । আমি আমাৰ নিয়মত আছোঁ আপুনি আপোনাৰ মতেই থাকক মই কেতিয়াও আমাৰ প্ৰথা আপোনাক লবলৈ কোৱা নাই আপুনিও সেই গোড়ামী নকৰিব । গতিকে এনেবোৰ কথাত বিতৰ্ক নকৰি কেনেদৰে এখন সুস্থ সমাজ গঠন কৰিব পাৰো সেইটোহে গুৰুত্বপূৰ্ণ ।
মই অসমৰ প্ৰায় প্ৰতিখন জিলাৰ লোকসকলৰ ওচৰলৈ পোনপটীয়াকৈ গৈছোঁ । জাতি-জনজাতি ভাই ভনী , সোণোৱাল কচাৰী , মিচিং , আহোম , কোঁচ , কলিতা , নাথ , মহন্ত , গোস্বামী , কৈৱৰ্ত ,শৰ্মা , নাথ , বড়ো , ৰাভা , চাহ-জনজাতি সকলোৰে গৃহতে গৈছোঁ । সংঘ , আশ্ৰম , শৰণীয়া , বামুনীয়া ইত্যাদি সকলো লোকৰে নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ গতিকে মই মানুহৰ দুখ দেখিছোঁ , মই মানুহৰ বেদনা বুজিছোঁ । মোক লৈ অনাহকত বিতৰ্ক কৰাতকৈ সকলো সুখে শান্তিৰে একেলগে বাস কৰাটোহে প্ৰধান ।

জয় শ্ৰী কৃষ্ণ🕉️
জয় শ্ৰী ৰাম🚩
জয় হনুমান 🚩






14/07/2025

এই মায়াৰ ধৰাত দুদিন মাথোঁ থাকিবা তুমি .....
মানৱ ধৰ্মৰ ওপৰত আৰু কোনো ধৰ্ম নাই । কেতিয়াবা নিশা ২ বজাটো এনেদৰে অকলে আপোনাৰ বাবে যাত্ৰা কৰো । মোৰ এই সামান্য সহায়ে যদি আন দহজনৰ উপকাৰ কৰিব পাৰে তাতোকৈ ডাঙৰ ধৰ্ম কি হ'ব পাৰে।


#হনুমান_চালিশা



আপোনালোকেই উত্তৰটো দিয়কচোন বাৰু মই নোৱাৰিছোঁ । মানে প্ৰতি বছৰে গৰমৰ বন্ধত দুই-এদিনৰ বাবে ফুৰিবলৈ যাওঁ এইবাৰো দুমাহৰ আগৰ ...
14/07/2025

আপোনালোকেই উত্তৰটো দিয়কচোন বাৰু মই নোৱাৰিছোঁ । মানে প্ৰতি বছৰে গৰমৰ বন্ধত দুই-এদিনৰ বাবে ফুৰিবলৈ যাওঁ এইবাৰো দুমাহৰ আগৰ পৰা পৰিকল্পনাঃ কিন্তু কলৈনো যাম ঠাইডোখৰ আমি বুঢ়া-বুঢ়ী দুইটাই একেলগে ১ ঘণ্টা ভালদৰে বহি আলোচনা কৰিবলৈ পৰা নাই । মানে ফোনটো অফ ৰাখিলে আপুনি বেয়া পাব খোলা ৰাখিলে মানুহজনীৰ সৈতে কথা পাতিব নোৱাৰি । এটাৰ পিছত এটা ফোন , মেছেজৰ উত্তৰ ....
তেওঁ বোলে তোমাৰ দ্বাৰা নহ'ব । মই বোলো আপোনালোককে প্ৰশ্নটো কৰো কলৈনো যাম...
কওকচোন এডোখৰ ধুনীয়া ঠাই য'ত এদিন বা দুদিন কিছু সময় প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰো...

আজিৰ ভিতৰত ঠাই বিচাৰি উলিয়াব নোৱাৰিলে মানে যুদ্ধহে হ'বগৈ 😓




এখন ঘৰ , এখন গাঁও বা এটা অঞ্চল নহয় । এখন ৰাজ্যত পৰিবৰ্তন আনিব পৰাটো মোৰ বাবে সহজ নাছিল । ৰাইজৰ মৰম , আশীৰ্বাদ আৰু মোৰ প্...
14/07/2025

এখন ঘৰ , এখন গাঁও বা এটা অঞ্চল নহয় । এখন ৰাজ্যত পৰিবৰ্তন আনিব পৰাটো মোৰ বাবে সহজ নাছিল । ৰাইজৰ মৰম , আশীৰ্বাদ আৰু মোৰ প্ৰতি থকা বিশ্বাসৰ বাবে অসমত এক আধ্যাত্মিক পৰিবৰ্তন আনিবলৈ পাৰিলোঁ । প্ৰভু হনুমানৰ মন্দিৰ আমাৰ অসমত বহু আগৰে পৰাই আছিল বহু ভক্ত আগৰে পৰাই আছিল । কিন্তু আমাৰ অসমীয়া লোক সকলৰ বহুতেই প্ৰভু হনুমানৰ মহত্ব আৰু চালিশা পঢ়াৰ কথা জনা নাছিল ।
এতিয়া অসমৰ ভিন্ন প্ৰান্তৰ পৰা খবৰ আহে এবছৰৰ পৰা হনুমান মন্দিৰ সমূহত ভক্তৰ ভিৰ বহু পৰিমানে বাঢ়িছে, বহু পুৰোহিতে মোক লগ পালে এই কথা জানিবলৈ দিয়ে । আগতে আমাৰ অসমৰ মন্দিৰ সমূহত মাৰোৱাৰী , বিহাৰী ইত্যাদি ভক্তৰ সমাগম বেছি আছিল । এতিয়া যেন সেই ধাৰা পৰিবৰ্তন হৈছে । সকলো মন্দিৰৰ পুৰোহিত সকলে মোক লগ নাপালেও মোৰ বিষয়ে তেওঁলোকৰ মাজতো প্ৰচাৰ হৈছে ।

এজন অসমীয়া ল'ৰা হিচাপে ইমানখিনি পৰিবৰ্তন আনিব পৰাটো মোৰ বাবে ইমান সহজ নাছিল , এবছৰ আগৰে পৰা প্ৰত্যাহ্বান আছিল এতিয়াও নানান প্ৰতিযোগিতা কৰিব বিচাৰে বহুতে । নানান ভয় ভাবুকি মোৰ জীৱনত । তথাপি আপোনালোকৰ মৰম আশীৰ্বাদ আছে বাবেই থমকি ৰোৱা নাই । অসমৰ এনে এক সম্প্ৰদায় , জাতি - জনজাতি নাই যিসকলে মোক বিচৰা নাই । আনকি সংকটত পৰি ভয়ে ভয়ে অসমৰ বহু সংঘ , গুৰু আশ্ৰম , অমুক শৰণীয়া ইত্যাদি সকলোৱে আনে নেদেখাকৈ হ'লেও প্ৰভু হনুমানৰ চৰণত আহিছে মোৰ দ্বাৰা ঘৰখনৰ মঙ্গলৰ বাবে মোৰ দ্বাৰা বজৰং বান পাঠ কৰাই সুফল পোৱা বুলিও জনাইছে ।

মই নাজানো মোৰ কালিলৈ কি হ'ব পাৰে । মই নাথাকিলেও এই যে পৰিবৰ্তন আনিলোঁ বহু হাজাৰ জনক যে উদ্ধাৰ কৰিলোঁ হয়তো কেতিয়াবা হলেও মোৰ কথা আপোনালোকৰ মনলৈ আহিব ।

গুঞ্জন বৰা নামৰ এজনে কিবা এটা পৰিবৰ্তন আনিলে

(আহোম সাজযোৰ শিৱসাগৰৰ অঞ্জলি ফুকন বাইদেউৱে পিন্ধাই দিছিল ।)


#হনুমান_চালিশা




13/07/2025

কেতিয়াবা মন যায় উত্তৰ দিবলৈ ....
এইখন অসমত কাৰোৰে বাবে ভাল কথা ভাবিব নোৱাৰি নেকি !


#হনুমান_চালিশা


"ওঁ নমো ভগবতে বাসুদেবায়"নামঘৰত হনুমান আৰু মোৰ ক'বলগীয়া । এইয়া হৈছে আমাৰ অঞ্চলৰ এখন ৰাজহুৱা গুৰু আসন যত আসনৰ   উত্তৰ দিশ...
13/07/2025

"ওঁ নমো ভগবতে বাসুদেবায়"
নামঘৰত হনুমান আৰু মোৰ ক'বলগীয়া ।
এইয়া হৈছে আমাৰ অঞ্চলৰ এখন ৰাজহুৱা গুৰু আসন যত আসনৰ উত্তৰ দিশে হনুমানৰ মূৰ্তি আৰু দক্ষিণ দিশত গৰুন্দৰ মূৰ্তি আছে । অসমৰ ভিন্ন প্ৰান্তৰ নামঘৰ বা সত্ৰ কিছুমানত হনুমানৰ মূৰ্তি দেখিবলৈ পোৱা যায় । শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ মানিতেই সত্ৰ সমূহ স্থাপন কৰা হৈছিল লগতে নামঘৰ সমূহো তেওঁৰেই প্ৰাণ স্বৰূপ । ঠাই ভেদে সকলোৰে নীতি আদৰ্শ বেলেগ যদিও মূল থাপনাত সকলোৱে গুৰু দুজনাৰ কীৰ্তন বা নামঘোষা , ভাগৱত ইত্যাদিকেই মূল স্থান দিয়ে ।
ঠিক তেনেদৰে আমাৰ ঘৰৰ গোঁসাই গৃহটো তেনেদৰেই ৰখা হৈছে । মই নকওঁ যে কথাখিনিয়েই শুদ্ধ কিন্তু আপুনি কেনেদৰে কব পাৰে যে আপোনাৰ কথাবোৰেই শুদ্ধ ! নে আপোনাক গুৰুজনাই নিজে আহি কৈ গৈছিল !
এই যে মোৰ কথা খিনিয়েই শুদ্ধ বুলি ধৰ্মীয় গোড়ামিবোৰ চলি আছে তাৰ পৰা আমাৰ সমাজখন কিমান তললৈ গৈছে সেইবোৰ সকলোৱে দেখি আহিছো । এইটো নকৰিবা , সেইটো ভূল এইবোৰ ধৰ্মীয় গোড়ামী বোৰৰ বাবেই বিপথে সমাজখন পৰিচালিত হৈছে ।
আমাৰ কথাটো হ'ল মূল থাপনাৰ সন্মুখত বীৰ হনুমানে গদা লৈ ৰখীয়া হিচাপে থাকে যাতে মূল অসমখনৰ প্ৰতি কোনো বেয়া শক্তিৰ কু-দৃষ্টি নপৰে পৰিলেও যাতে বীৰ হনুমানে সেইবোৰ অপশক্তিক নষ্ট কৰে । আনহাতে গৰুন্দ থাকে থাকে সমাজৰে হওঁক বা আমাৰ বেয়া বিষ বোৰ যাতে তেওঁ গ্ৰহণ কৰি এখন সুস্থ সমাজ গঠন কৰে । এইয়া আমাৰ সমাজৰ কথা কিন্তু আমাৰ সমাজখনেই শুদ্ধ বুলি যদি মই কওঁ সেইয়া হব আপোনাৰ সমাজখনৰ প্ৰতি মোৰ চূড়ান্ত অপমান । যিখিনি আমাৰ আসনখনক লৈ বহুতেই কৰি আছে ।
আমাৰ গুৰু আসন খনত সেৱা লৈ অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ লোক সকলৰ যেতিয়া বিভিন্ন ৰোগ নিৰাময় হৈছে , মনৰ আশা পূৰণ হৈছে তেতিয়া আপুনি সমৰ্থন কৰিবলৈ ক'ত হেৰাই !

বেজ-বেজালি বন্ধ কৰিবলৈ যে নিজৰ জীৱন উচৰ্গা কৰিছোঁ তেতিয়া আপুনি কলৈ যায় ?

কলি যুগত একমাত্ৰ হনুমান প্ৰভুৱেই জীৱন্ত অৱস্থাত আছে , তেওঁক অপমান কৰা মানে প্ৰভু ৰামচন্দ্ৰক অপমান কৰা আৰু ৰাম চন্দ্ৰক অপমান কৰা মানে আপুনি বিতৰ্ক কৰা গুৰুআসনৰ মূল ভগৱান বিষ্ণুক অপমান কৰা ।
আপুনি কাক উপাসনা কৰে সেইটো আপোনাৰ ব্যক্তিগত কিন্তু মোৰ খিনি ভুল বুলি কোৱা মানে আপোনাৰ ধৰ্মীয় গোড়ামী ।

অসমীয়া হিন্দু সমাজত হনুমানৰ স্থান নাই বুলি কোৱা জন হিন্দু হয় জানো ?

নামঘৰত যেতিয়া কৃষ্ণৰ নাম লওঁ , ৰামৰ নাম লওঁ তাৰ আগত বা পাছত ৰাম দূত তথা জনৰ ৪০ টা ছন্দৰ চালিশা খন পাঠ কৰাত আপত্তি ক'ত ?
হনুমান হৈছে সংকটমুছন সংকটত পৰিলেহে তেওঁক মতাতকৈ আগতীয়াকৈ তেওঁক বিশ্বাস কৰক আৰাধনা কৰক ।
জয় শ্ৰীকৃষ্ণ 🕉️
জয় শ্ৰীৰাম 🚩
জয় হনুমান 🚩

#হনুমান_চালিশা

Address

Tezpur

Alerts

Be the first to know and let us send you an email when UNOFFICIAL::With Gunjan Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share