14/07/2025
বুলডজাৰৰ আগত এখন ধূলিৰ প্ৰাচীৰ।
লেখকঃ বনজিৎ হুছেইন
অনুবাদকঃ অৱনী বুঢ়াগোহাঁই
ধুবুৰী জিলাত যি উন্মোচিত হৈছে সেয়া কেৱল হাজাৰ হাজাৰ পৰিয়ালৰ উচ্ছেদ নহয়—এয়া এক উদ্দেশ্যৰ ঘোষণা। এতিয়া এক বৃহৎ উচ্ছেদ অভিযান চলি আছে, কথিতভাৱে আদানী তাপ শক্তি কেন্দ্ৰৰ বাবে মাটি মুকলি কৰিবলৈ। চাপৰ আৰু আলমগঞ্জৰ গাঁওবাসী, বহুতে দশক দশক জুৰি ৰায়তী পট্টা থকা প্লাৱনভূমিৰ কাষৰীয়া সমতলত বাস কৰা গাওঁবাসীক ৰাতিটোৰ ভিতৰতে উভালি পেলোৱা হ'ল। প্ৰতিবাদকাৰীক আটক কৰি ৰখা হৈছে। বুলডজাৰ আৰু আৰক্ষীৰ কৰ্ডনে, আদালতে কোনোদিনে নকৰা কামটো কৰি আছে: সেয়া হ'ল, সম্প্ৰদায়সমূহক মানচিত্ৰৰ পৰা মচি পেলোৱা।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অসমৰ শেহতীয়া ইতিহাসৰ অন্যতম বৃহৎ এনে অভিযান বুলি অভিহিত কৰা এই অভিযানত ইতিমধ্যে ২৫০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰা হৈছে।
এয়াই শেষ উচ্ছেদ নহয়। ই প্ৰথমবোৰৰ ভিতৰত এটাহে মাত্ৰ।
||নিষ্কাশন আৰু নিয়ন্ত্ৰণৰ সৰবৰাহ বৰ্তনী ||
আহক, এই কথাটোকে কিছু আঁতৰৰ পৰা পুনৰ দৃষ্টিনিক্ষেপ কৰিলে, ধুবুৰীৰ উচ্ছেদ এক বৃহত্তৰ আৰ্হিৰ সৈতে মিলি যায়। ভাৰতৰ ভূতাত্ত্বিক জৰীপে ধুবুৰীৰ চান্দৰডিঙা অঞ্চলত আনুমানিক ১ কোটি ৮২৯ লাখ টন লোৰ খনি মজুত থকা নিশ্চিত কৰাৰ এমাহ নৌহওঁতেই অসম চৰকাৰে একেখন জিলাতে স্থায়ী সেনা শিবিৰৰ প্ৰস্তাৱ আগবঢ়ায়, — আনুষ্ঠানিকভাৱে ‘সাম্প্ৰদায়িক উত্তেজনা' নিয়ন্ত্ৰণৰ বাবে। নিজৰ মাজতে ৰাজহুৱা শৃংখলা বজাই ৰাখিবলৈ নিৰাপত্তা প্ৰতিষ্ঠান এটা স্বাভাৱিক যেন লাগিব পাৰে। তথাপিও এই কথাটো আওকাণ কৰাটো কষ্টকৰ যে একেখন জিলাতে গধুৰ সামৰিক আন্তঃগাঁথনিৰ প্ৰস্তাৱ দিয়া হৈছে য’ত এতিয়া নিলামৰ বাবে অপেক্ষা কৰি আছে এটা বিশাল আকাৰৰ নতুনকৈ মেপিং কৰা লোহাৰ খনি। আনুষ্ঠানিকভাৱে (দেখাত) সম্পৰ্কহীন হ’লেও ধুবুৰীত প্ৰস্তাৱিত সামৰিক শিবিৰ আৰু শেহতীয়াকৈ খনিজ পদাৰ্থৰ মূল্যৰ মূল্যায়ন একেলগে সংঘটিত হোৱা যেন লাগে— যিটো কাকতালীয় বুলি আওকাণ কৰিব নোৱাৰি।
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত, ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰী সংযোগ কৰি ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ, ৫০০০ কোটিটকীয়া চাৰিলেনযুক্ত দলংখনৰ কাম শেষ হওঁ হওঁ। কেন্দ্ৰীয় চৰকাৰৰ আন্তৰ্দেশীয় জলমাৰ্গ নীতিৰ আধাৰত ধুবুৰীৰ নদী- টাৰ্মিনেলৰ নিৰ্মাণ ২০২৩অত আৰম্ভ কৰা হৈছিল। এই সকলোবোৰ প্ৰকল্পই মিলি ধুবুৰীক সামৰিক আৰু সাম্ভাৱ্যভাৱে সামৰিক অৱৰোধ বিন্দুলৈ ৰূপান্তৰিত কৰিছে—য’ত আজিৰ উচ্ছেদে কাইলৈৰ কৌশলগত আন্তঃগাঁথনিৰ বাবে জেগা প্ৰস্তুত কৰিছে।
||কয়লা আৰু তাপ শক্তিৰ উচ্চাকাংক্ষা||
ধুবুৰীৰ ‘চাফাই অভিযান’ কোনো বিচ্ছিন্ন ঘটনা নহয়। ই এক বৃহৎ তাপ শক্তি নিষ্কাশন-অভিযানৰ অংশবিশেষ—আঞ্চলিক ভিত্তিত জীৱাশ্ম-ইন্ধনৰ নিষ্কাশন। কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ পূবে ধুমুহাৰ সৃষ্টি হৈছে। ইয়াত প্ৰস্তাৱিত আদানী-এ.পি.ডি.চি.এল কয়লা চালিত বিদ্যুৎ কেন্দ্ৰটোৱে আগন্তুক ধুমুহাৰ বতৰা আনিছে। ২০২৫ চনৰ জুন মাহৰ মাজভাগত প্ৰায় ৩৪০০ বিঘা (প্ৰায় ১১২০ একৰ) কৃষিভূমি, বনাঞ্চল আৰু চৰণীয়া পথাৰ অধিগ্ৰহণৰ বাবে নিঃশব্দে চিহ্নিত কৰা বুলি জানিব পাৰি, শ শ বড়ো গাঁৱৰ লোকে চৰকাৰী আৰু কৰ্পৰেট জৰীপ দলক শাৰীৰিকভাৱে প্ৰতিহত কৰিছিল।
বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বিটিআৰ) কৰ্তৃপক্ষই—কাৰো সতে অৰ্থপূৰ্ণ আলোচনা নকৰাকৈয়ে—ভূমিখিনি “খালী” বুলি দাবী কৰিছিল। কিন্তু গাঁৱৰ কৃষক আৰু বনাঞ্চল ব্যৱহাৰকাৰীসকলৰ বাবে এই “খালী” ভূমি তেওঁলোকৰ ঘৰ, তেওঁলোকৰ ধাননি পথাৰ আৰু তেওঁলোকৰ সামূহিক জীৱনচৰ্য্যা। নাগৰিক সমাজৰ গোটসমূহে, প্ৰশাসনে বন অধিকাৰ আইন আৰু ভাৰতীয় পৰিবেশ আইনৰ অধীনত মুক্ত, পূৰ্ব আৰু অৱগত সন্মতিৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰিছে। গাঁৱৰ মানুহে অভিযোগ কৰে যে তেওঁলোকক কেৱল আওকাণ কৰাই নহয়, সক্ৰিয়ভাৱে বিপথে পৰিচালিত কৰাও হৈছিল।
ক্ৰমবৰ্ধমান প্ৰতিবাদৰ মাজতে অতি সোনকালে গম পোৱা গ'ল যে চৰকাৰে প্ৰস্তাৱিত উদ্যোগটো ধুবুৰী জিলাৰ বিলাসীপাৰালৈ স্থানান্তৰিত কৰাৰ কথা চিন্তা কৰিছে। স্থানান্তৰ হওক বা নহওক, দিশটো স্পষ্ট: এইটো দূৰৱৰ্তী গাঁওবোৰলৈ শক্তিৰ সুবিধা প্ৰদানৰ কথা নাহে। আহিছে শক্তি নিয়ন্ত্ৰণৰ কথা। অসমৰ নদী, বনাঞ্চল আৰু কৃষিভূমিক এক শোষণ মণ্ডলত আবদ্ধ কৰি ৰখাৰ কথা—ব্যক্তিগত খেলুৱৈৰ দ্বাৰা সঞ্চালিত, ৰাজ্যৰ ক্ষমতাৰ শক্তিৰ সহায়ত, নিৰৱতাৰে, বলপূৰ্বকভাৱে, সেউজ সংকেত দিয়াৰ ব্যৱস্থা কৰা।
||জাতিগত-সাম্প্রদায়িক পার্থক্যক অস্ত্র হিচাবে ব্যবহাৰ কৰা||
ৰাজহুৱা আখ্যানবিলাকৰ বহুখিনিয়েই—বিশেষকৈ অসমৰ অতি জাতীয়তাবাদী মহলত ধুবুৰীৰ উচ্ছেদক “অবৈধ অনুপ্ৰৱেশকাৰী”ৰ বিৰুদ্ধে দমন বুলি প্ৰশংসা কৰা হৈছে। বুলডজাৰে ভাঙি পেলোৱা ঘৰৰ ভিডিঅ’ আৰু মিঞা বিৰোধী শ্ল’গানেৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া। তথাপিও উচ্ছেদ কৰাসকলৰ অধিকাংশই দৰিদ্ৰ কৃষক, যাৰ বহুতেই ৬০ বছৰতকৈও অধিক সময় সেই মাটিত বসবাস কৰি আহিছে। যি হৈ আছে সেয়া আইনৰ প্ৰয়োগত নহয়—ৰাষ্ট্ৰ সমৰ্থিত উচ্ছেদহে।
আৰু তথাপিও এই ব্যাপক পৰিকল্পনাটো পৰীক্ষা কৰাৰ পৰিৱৰ্তে মিঞা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা কিছুমান সংগঠন আৰু বুদ্ধিজীৱীয়ে, ৰাষ্ট্ৰই ইমান সযতনে লগাই ৰখা নৃগোষ্ঠীয়-সাম্প্ৰদায়িক মুখাখনক শক্তিশালী কৰাত অটল হৈ আছে। অন্তৰ্নিহিত ৰাজনৈতিক অৰ্থনীতি বিশ্লেষণ নকৰাকৈয়ে কেৱল অহৰহ বলি হোৱাৰ দাবী কৰি, তেওঁলোকে সংকট বুজি পোৱাৰ বিতচকুযোৰ ধুঁৱলী কুঁৱলী কৰাত সহায় কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহে প্ৰায়ে অজানিতে এই একে ধাৰণাকে পুনৰবাৰ প্ৰকাশ কৰে – উচ্ছেদক ব্যৱস্থাগত বিষয় নহয়, সাম্প্ৰদায়িক বিষয় হিচাপেহে চায়।
কিন্তু এই সাম্প্ৰদায়িক 'টুইষ্ট' আকস্মিক নহয়; ই কাৰ্য্যক্ষম। ইয়াত কৰ্পৰেট ভূমি দখলক বৰ্ণবাদী ন্যায় বা অন্যায় বুলি সংজ্ঞায়িত কৰা হৈছে। ই প্ৰতিৰোধক খণ্ডিত কৰে। ই ইমানেই বিভ্ৰান্তিৰ সৃষ্টি কৰে যে সমাজে কোন সকল উচ্ছেদ কৰাৰ “যোগ্য” সেই বিতৰ্ক কৰি থকাৰ সময়তে বুলডজাৰবোৰ আহি মহটিয়াই সোমাই যায়।
ভুল নকৰিব—আজি এইসকল মিঞা খেতিয়ক। কাইলৈ সৌ তেওঁলোক হ’ব আপুৰুগীয়া পৃথিৱী সমৃদ্ধ পাহাৰৰ কাৰ্বি খেতিয়ক, তাৰ পিছত বিটিআৰৰ পৰ্বতঝোৰা/বাঁশবাৰীত থাৰ্মেল প্লাণ্টৰ প্ৰতিবাদ কৰা বড়ো পৰিয়াল; আৰু তাৰ পিছত পূৱ অসমৰ পাম তেল আৰু জলবিদ্যুৎ কৰিডৰৰ বাটত ৰৈ থকা টাই-আহোম, মিছিং আৰু চুতীয়া গাঁৱৰ মানুহ।
কোনোবাই যদি ভাবিছে যে তেওঁলোকৰ জাতি-জনগোষ্ঠীয়ে তেওঁলোকক ৰক্ষা কৰিব, তেন্তে তেওঁলোকৰ ভুল হৈছে। বুলডজাৰে বৈষম্য নকৰে— ই কেৱল চৰকাৰী কাৰ্যালয়ত অংকন কৰা আৰু মৌনতাৰে পবিত্ৰ কৰা, নতুন কৰ্পৰেট মানচিত্ৰখনকহে অনুসৰণ কৰে।
||ঐতিহাসিক দৃষ্টিভংগীৰে উচ্ছেদৰ ৰাজনীতি||
বৰ্তমান মুহূৰ্তৰ হিংসাক ভালদৰে বুজিবলৈ হ’লে ইয়াক অসমৰ ভূমি শাসনৰ দীঘলীয়া ইতিহাসৰ ভিতৰত দৃষ্টি নিক্ষেপ কৰিব লাগিব— ঔপনিৱেশিকতাৰ লাভজনকতা আৰু উত্তৰ-ঔপনিৱেশিক জড়তা দুয়োটাৰে সৈতে ই গঢ় লৈ উঠিছে। ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছে জনজাতি আৰু খিলঞ্জীয়া সম্প্ৰদায় অধ্যুষিত ভূ-প্ৰকৃতিৰ বিশাল অংশক “পতিত ভূমি” বুলি শ্ৰেণীভুক্ত কৰিছিল, যাৰ ফলত পূব বংগৰ পৰা অহা বঙালী মুছলমান খেতিয়কসকলক কৃষি ৰাজহ বৃদ্ধিৰ বাবে বসতি স্থাপন কৰিবলৈ উৎসাহিত কৰিছিল। এই হস্তক্ষেপে কেৱল প্ৰথাগত ভূমি অধিকাৰ ব্যৱস্থাকে ক্ষতিগ্ৰস্ত কৰাই নহয়, নদীৰ উপত্যকা আৰু বনাঞ্চলত Terra nullius (যিখিনি মাটি খালী বা বসবাসহীন বুলি গণ্য কৰা হয়) আমোলাতান্ত্ৰিক কল্পকাহিনীৰ প্ৰৱৰ্তন কৰিছিল।
কিন্তু যদিও ঔপনিৱেশিকতাবাদে এই ভূমিৰ জটিলতাৰ সূচনা কৰিছিল, তেন্তে উত্তৰ-ঔপনিৱেশিক কালত, ভাৰত আৰু অসমৰ ৰাজ্যচৰকাৰে কোনোদিনে ইয়াক মুক্ত কৰিবলৈ একোৱেই কৰা নাছিল। ১৯৭২, ১৯৮৯ আৰু ২০১৯ চনৰ ভূমি নীতিয়ে বহুলাংশে পূৰ্বৰ পদ্ধতিসমূহকে অব্যাহত ৰাখিছিল—বসতিসমূহৰ নিৰ্বাচিত নিয়মীয়াকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সমগ্ৰ ব’ৰ্ডতে ভূমিৰ পট্টা স্পষ্ট কৰিব পৰা এক বিস্তৃত কেডাষ্ট্ৰেল জৰীপ এৰাই চলিছিল। ফলত গ্ৰাম্য দৰিদ্ৰৰ বৃহৎ অংশ—ভৈয়ামৰ জনজাতি (যিসকলৰ বহুতেই ঔপনিৱেশিক প্ৰশাসনৰ অধীনত বাৰে বাৰে স্থানচ্যুত হৈছিল), পাহাৰৰ স্থানান্তৰিত খেতিয়ক, চাওতাল, চাহ জনজাতি আৰু মিঞা মুছলমানকে ধৰি—ভূমিহীন অথবা অস্পষ্টভাৱে অধিকাৰী হৈয়েই থাকিল।
আজিৰ অসমত এই গাঁথনিগত অস্পষ্টতা এক হাথিয়াৰ হৈ পৰিছে৷ ই ৰাষ্ট্ৰক বৈধতাৰ অস্ত্ৰৰে সজ্জিত কৰিবলৈ সক্ষম কৰিছে; জাতি, পৰিৱেশ বা উন্নয়নৰ পৰিবৰ্তনশীল চিন মোকামৰ অধীনত ৰাজনৈতিকভাৱে সুবিধাজনক যিকোনো গোটক লক্ষ্য কৰি। উচ্ছেদ এতিয়া ব্যতিক্ৰম নহয়; ই অন্য উপায়েৰে কৰা এক শাসনব্যৱস্থা।
|নিগমবোৰৰ বাবে অসমৰ পুনৰ্নিদ্ধাৰণ|
অসমৰ মানচিত্ৰক নীৰৱে, কিন্তু পদ্ধতিগতভাৱে, পুনৰ অংকন কৰা হৈছে—নিৰ্বাচিত বিধানসভাৰ দ্বাৰা নহয়, কৰ্প'ৰেট মানচিত্ৰ নিৰ্মাতাসকলে। জি. এছ. আই.ৰ ২০২৫ চনৰ হাতপুথিখনৰ শিৰোনাম হৈছে, উত্তৰ-পূব ভাৰতৰ ভূতাত্ত্বিক সম্ভাৱনাঃ মহিমাময় ভূ-প্ৰকৃতিৰ তলত খনিজ সম্ভাৱনাৰে লুকাই থকা ভঁৰালটোৱে সমগ্ৰ অঞ্চলটোৰ কেইবা ডজনো নিলামৰ বাবে সাজু ভূখণ্ড চিনাক্ত কৰিছে। ডিমা হাছাওত প্ৰায় ১৫০০ মিলিয়ন টন চূণশিল। কাৰ্বি আংলঙত ২.৮ কোটি টনতকৈ অধিক "আপুৰুগীয়া মাটি ( Rare earth) ধাৰণ কৰা 'চায়েনাইট (Syenite)। নগাঁৱত ৪০ লাখ টন চিলিকা বালি(Silica sand)।
কিন্তু প্ৰকৃত হিংসুকতা টনেজ হিচাবৰ ওজনত নাই— আছে, মচি পেলোৱাত। এনে নথি-পত্ৰবোৰৰ ক’তো এই মাটিত বসবাস কৰা লোকসকলৰ কথা উল্লেখ নাই। ক’তো তেওঁলোকে ষষ্ঠ অনুসূচীৰ সুৰক্ষা, বন অধিকাৰ বা প্ৰথাগত আইন স্বীকাৰ কৰা হোৱা নাই। এইবোৰ কেৱল অংক নহয়।সেইবোৰ হৈছে বেদখলৰ স্থানাংক।
পূব অসমত লখিমপুৰ আৰু ধেমাজিত— ঐতিহাসিকভাৱে মিছিং জনগোষ্ঠীয়ে মাছ ধৰা আৰু বান-মন্দাৱস্থাত কৃষিৰ বাবে ব্যৱহাৰ কৰা অঞ্চলৰ মাটিত, হাজাৰ হাজাৰ হেক্টৰ ভূমিত পাইলট পাম-অইল বাগিচা স্থাপন কৰা হৈছে। যদিও অনুজ্ঞাপত্ৰ নিৰৱে জাৰি কৰা হৈছে, ইতিমধ্যে এই সম্প্ৰসাৰণে পৰম্পৰাগত বহু খেতিৰ অঞ্চলসমূহক একক কৃষিৰ বাৰীলৈ ৰূপান্তৰিত কৰাৰ ভাবুকি আহিছে। পশ্চিমৰ কয়লা, লোৰ খনি আৰু থাৰ্মেল কৰিডৰ, পাহাৰবোৰৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, আৰু পূব দিশৰ পাম অইল খেতিৰ বাগিছাৰ মাজত অসমক কৰ্পৰেট ক্ষেত্ৰত বিভাজিত কৰা হৈছে।
|| আন্তঃগাঁথনি শূণ্য হাতে নাহে ||
আন্তঃগাঁথনি অবিহনে এনে লুণ্ঠনৰ এবিধো হ’ব নোৱাৰে। অৰুণাচল প্ৰদেশকে ধৰি একাধিক নতুন ৰেলহে'ড নিৰ্মাণ কৰা হৈছে য'ত ভেনাডিয়াম, ৰেয়াৰ-আৰ্থ এলিমেণ্টৰ(Rare earth elements)দৰে "জটিল খনিজ" পোৱা গৈছে, মেপিং কৰা হৈছে আৰু নিলামৰ বাবে সাজু কৰা হৈছে; লগতে কয়লা আৰু চূণশিলৰ বেল্টক ৰাষ্ট্ৰীয় গ্ৰিডৰ সৈতে সংযোগ কৰা নদী আৰু পথ, ৰছদ অনা নিয়াৰ ক্ষেত্ৰত, নতুনধৰণে মনোনিৱেশ কৰা হৈছে। ট্ৰান্স-অৰুণাচল ঘাইপথ আৰু অসমত চলি থকা ঘাইপথ নেটৱৰ্ক সম্প্ৰসাৰণ একেটা যুক্তিৰে অংশ: সীমান্ত মুকলি কৰা, ৰাস্তা-পথ সুৰক্ষিত কৰা, আৰু গৰ্ভত যি আছে তাক উলিয়াই লৈ লোৱা।
নব্য উদাৰবাদী যুগত আন্তঃগাঁথনি নিৰপেক্ষ নহয়। ইয়ে নিৰ্ধাৰণ কৰে কাৰ সতে সংযোগ হ’ব—আৰু কোন স্থানচ্যুত হ’ব। ই সংযোগৰ পোছাকত আহে আৰু নিষ্কাশন কৰাত সহায় কৰে।
||এইটো কোনো পৰিবৰ্তন নহয়, এয়া এক বিজয়||
উন্নয়নৰ ভাষাই সদায় বিজয়ৰ যুক্তিক ঢাকি আহিছে। কিন্তু মুখাখন ইমান নিৰ্লজ্জভাৱে পিছলি যোৱাটো খুব কমেইহে দেখা যায়। ধুবুৰী উচ্ছেদ কোনো বিচ্ছিন্ন ঘটনা নহয়—এয়া নতুন অসমৰ অগ্ৰগামী অশ্বাৰোহীৰ পদশব্দ ৷ এনে এখন অসম, য’ত প্ৰতিৰোধক ‘সাম্প্ৰদায়িক’ বুলি ব্ৰেণ্ড কৰা হয়, য’ত সন্মতিৰ পূৰ্বেই বুলডজাৰ আহি পৰে, আৰু য’ত নাগৰিকতকৈ খনিজ আৰু মেগাৱাটৰ গুৰুত্ব বহু বেছি।
এয়া কোনো সৌম্য বিকাশাত্মক স্বপ্নলোক নহয়। ই হৈছে শোষণকাৰীৰ নিৰংকুশতা, কৰ্পৰেটৰ চিয়াঁহীৰে মানচিত্ৰখন পুনৰ অংকন কৰা। কিন্তু কাহিনীটো এতিয়াও শেষ হোৱা নাই।
ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা কাৰ্বি আংলঙৰ ৰিজলাইনলৈকে ইয়াৰ পিছত কি হ’ব সেয়া নিৰ্ভৰ কৰে কোন থিয় হয়— আৰু কেনেকৈ থিয় হয় তাৰ ওপৰত। অসমৰ ভৱিষ্যত চৰকাৰী নিবিদা বা বিনিয়োগকাৰীৰ ৰোড শ্ব’ত নহয়, বৰং মচ খাই যাবলৈ ৰাজি নোহোৱাবোৰৰ কামতহে লিখা হ’ব৷
( অনুবাদকৰ ত্ৰুটি বিচ্যুতিৰ বাবে অনুবাদকেই দায়ী, লেখক নহয়।)
(এই প্ৰৱন্ধৰ লেখক বনজিৎ হুছেইন (Bonojit Hussain) অসমৰ নলবাৰী জিলাৰ বড়িদতৰা গাঁৱত বাস কৰা এজন পূৰ্ণকালীন কৃষক আৰু স্বতন্ত্ৰ গৱেষক।)
চিত্ৰ: AI-উৎপন্ন