কলগাছিয়া দৰ্পণ

কলগাছিয়া দৰ্পণ বৃহত্তৰ কলগাছিয়া অঞ্চলৰ গুৰুত্বপূৰ্ণ বিষয় ও সমসাময়িক প্ৰতিচ্ছবি দাঙি ধৰাই এই পৃষ্ঠাৰ উদ্দেশ্য।

কলগাছিয়াৰ কৰাৰকুৰ বেকী নদীৰ দলঙত ফাট মেলাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি দলঙৰ ওপৰেৰে সকলো ধৰণৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি ...
09/10/2025

কলগাছিয়াৰ কৰাৰকুৰ বেকী নদীৰ দলঙত ফাট মেলাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি দলঙৰ ওপৰেৰে সকলো ধৰণৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

22/09/2025

অনুৰাগীৰ মনৰ ৰজা জুবিন গাৰ্গ!

আজি গোটেই দিনটো জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্বতঃস্ফুৰ্তভাৱে বন্ধ আছিল কলগাছিয়া বজাৰ।
এতিয়া ৰাতি ৯ পাৰ হল। এক নিতাল পৰিবেশ। তথাপি থমকি ৰোৱা নাই একাংশ জুবিন অনুৰাগী। গাড়ীত মাইক লগাই বজাই গৈছে জুবিনৰ প্ৰিয় গান।
এইয়াই জুবিনলৈ অনুৰাগী সকলৰ মৰম আৰু শ্ৰদ্ধা।


স্বৰ্গীয় জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি💐আজি কলগাছিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কলগাছিয়া আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধ...
22/09/2025

স্বৰ্গীয় জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি💐

আজি কলগাছিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কলগাছিয়া আঞ্চলিক পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধিসকল, খণ্ড উন্নয়ন বিষয়াৰ লগতে উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে গণশিল্পী, সকলোৰে প্ৰিয় জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


Zubeen Garg

21/09/2025

জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি💐
📍কলগাছিয়া

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ বৃহত্তৰ কলগাছিয়াবাসী ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।Zubeen Garg
21/09/2025

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ বৃহত্তৰ কলগাছিয়াবাসী ৰাইজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
Zubeen Garg

এইবাৰ মন্দিয়া সমষ্টিত যুঁজ এখন হবকংগ্ৰেছৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক যুঁজ তুংগত———————————————————২০২৬ চনৰ বিধানসভা নিৰ্বাচনত...
14/09/2025

এইবাৰ মন্দিয়া সমষ্টিত যুঁজ এখন হব
কংগ্ৰেছৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক যুঁজ তুংগত
———————————————————

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিত হবলগীয়া নিৰ্বাচনী যুঁজত সাম্ভাব্য প্ৰাৰ্থী সকলৰ ৰূপৰেখা কেনে হব পাৰে সেয়া সম্প্ৰতি সংবাদ মাধ্যমৰ বিভিন্ন জৰীপত পৰিলক্ষিত হৈছে।

নৱগঠিত ২২ নং মন্দিয়া সমষ্টিৰ বিভিন্ন সংবাদ মাধ্যমে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে জৰীপ চলাইছে । 'মন্দিয়া সমষ্টিৰ নতুন বিধায়ক ৰূপে কাক চাব বিচাৰে আপুনি?
সমষ্টিটোত বিধায়কৰ প্ৰাৰ্থী হিচাপে এ আই ইউ ডি এফৰ পৰা ড৽ হাফিজ ৰফিকুল ইছলাম, কংগ্ৰেছ পৰা টিকট প্ৰত্যাশী আব্দুল খালেক আৰু আজাদ হুছেইন, ৰাইজৰ দল বা নিৰ্দলীয় প্ৰাৰ্থী শ্বেৰমান আলী আহমেদৰ নাম আগবঢ়াইছে সংবাদ সংস্থাই।

সংবাদ মাধ্যমৰ এই আহ্বানৰ প্ৰতি ব্যাপক সহাৰি প্ৰদান কৰিছে মন্দিয়া সমষ্টিৰ ৰাইজে। সাম্ভাব্য প্ৰাৰ্থী সকলৰ মাজৰ পৰা নিজ পছন্দৰ প্ৰাৰ্থীগৰাকীক ভোটদানৰ লগতে লাইক, কমেন্ট কৰি সমৰ্থন জনাইছে ৰাইজে।

এই জৰীপত এটা কথা মনকৰিবলগীয়া যে, ইয়াত এ আই ইউ ডি এফৰ পৰা ড৽ হাফিজ ৰফিকুল ইছলাম আৰু ৰাইজৰ দল বা নিৰ্দলীয় শ্বেৰমান আলী আহমেদ দুয়োগৰাকী নেতা দুবাৰ-তিনিবাৰৰ বিধায়ক। আনহাতে কংগ্ৰেছৰ পৰা প্ৰাক্তন সাংসদ- বিধায়ক আব্দুল খালেকৰ লগত যুৱনেতা আজাদ হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। কংগ্ৰেছৰ পৰা দুগৰাকী নেতাৰ নাম ইয়াত সন্নিবিষ্ট কৰা হৈছে। কাৰণ মন্দিয়া সমষ্টিৰ তৃণমূল পৰ্যায়ৰ খবৰ অনুসৰি এইবেলি ২০২৬ ত কংগ্ৰেছৰ টিকট প্ৰত্যাশী আব্দুল খালেক আৰু আজাদ হুছেইনৰ মাজত তীব্ৰ যুঁজ এখন হব বুলি সংবাদ মাধ্যম সমুহে ইতিমধ্যে ধাৰণা কৰিছে।

সংবাদ মাধ্যমৰ এই ধাৰণা যেন সঠিক বুলিয়েই প্ৰমাণিত কৰিছে সমষ্টিৰ ৰাইজে। মন্দিয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আব্দুল খালেকৰ বিপৰীতে বেছিভাগ ৰাইজে নতুন মুখ হিচাপে সমৰ্থন জনাইছে যুৱনেতা আজাদ হুছেইনক। ২০০৬ চনৰ পৰা ২০২৪ চনলৈ পুৰ্বৰ জনিয়া সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে আব্দুল খালেক। দুবাৰ বিধায়ক, এবাৰ সাংসদ। প্ৰায় ২০ বছৰ কাল একেজন নেতা। একনায়কত্ববাদৰ বিস্তাৰে দ্বিতীয় কোনো এগৰাকী নেতাক আগবঢ়াৰ সুযোগ দিয়া নাই খালেকে। যোৱা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত আব্দুল খালেকৰ কংগ্ৰেছ দলত্যাগ আকৌ ওভতনিৰ লম্ফজম্ফৰ লগতে দলবিৰোধী কাৰ্যকলাপে আমুৱাইছে সমষ্টিটোৰ সাধাৰণ কংগ্ৰেছ নেতা কৰ্মী সকলক। বিগত পঞ্চায়ত নিৰ্বাচনতো দলীয় প্ৰাৰ্থীৰ বিৰুধীতা কৰা সম্পৰ্কত দুগৰাকীকৈ জিলা পৰিষদ সদস্যৰ প্ৰাৰ্থীয়ে অভিযোগ দি থৈছে । মন্দিয়া সমষ্টিত কংগ্ৰেছৰ এনে প্ৰেক্ষাপটত এইবাৰ ২০২৬ ত কংগ্ৰেছ হাইকামাণ্ডে নতুন মুখৰ সন্ধান কৰে নে নকৰে সেয়া হব লক্ষণীয়।


Gaurav Gogoi
Indian National Congress - Assam

৫ নং কলগাছিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু উপ-সভাপতিৰ নিৰ্বাচন সম্পন্ন।———————————————আঞ্চলিক সভানেত্ৰী পদত ৪৫ নং সোণা...
23/07/2025

৫ নং কলগাছিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু উপ-সভাপতিৰ নিৰ্বাচন সম্পন্ন।
———————————————

আঞ্চলিক সভানেত্ৰী পদত ৪৫ নং সোণাপুৰ-ৰুভী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা আজমিনা খাতুন। উপ-সভাপতি পদত ৪৮ নং চিকনী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য বাহাৰুল ইছলাম নিৰ্বাচিত হয়।

আজি কলগাছিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত প্ৰাধিকৃত বিষয়া শ্ৰীযুত তন্ময় ঘোষ, ৰাজহ চক্ৰ বিষয়া, বাঘবৰ ৰাজহ চক্ৰ আৰু কলগাছিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰীমতী মঞ্জুশ্ৰী ঘোষৰ উপস্থিতিত অনুষ্ঠিত হোৱা আঞ্চলিক পঞ্চায়তৰ প্ৰথম সভাত ভোট গ্ৰহণৰ জৰিয়তে নিৰ্বাচিত হয় সভানেত্ৰী আৰু উপ-সভাপতি।

কলগাছিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪ টা গাওঁ পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতি/সভানেত্ৰী সকলঃ৪০ নং কলগাছিয়াঃ মুস্তাক মোঃ মেহদি...
19/07/2025

কলগাছিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪ টা গাওঁ পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতি/সভানেত্ৰী সকলঃ

৪০ নং কলগাছিয়াঃ মুস্তাক মোঃ মেহদি
৪১ নং বলাইপাথাৰঃ নুৰ মহম্মদ খান
৪২ নং তাপেশ্বৰাঃ ছাইফুল ইছলাম
৪৩ নং শওঁপুৰঃ বাছিৰন নেছা
৪৪ নং জনতাঃ হাফিজুন নাহাৰ
৪৫ নং সোণাপুৰ-ৰুভীঃ আব্দুল জলিল
৪৬ নং তিতাপানীঃ ৰাওঁফা আমিন
৪৭ নং বনঘূগীঃ খাইৰুল ইছলাম মণ্ডল
৪৮ নং চিকনীঃ ৰাশিদা আনছাৰী ইয়াছমিন
৪৯ নং বৰভিটাঃ ৰুণা লাইলা তালুকদাৰ
৫০ নং তাৰাকান্দিঃ ৰাশিদা পাৰবিন
৫১ নং মইনবড়ীঃ মঞ্জুৱাৰা খাতুন
৫২ নং চতলাঃ লছমিনা আহমেদ
৫৩ নং জয়পুৰ-ছিকাটাৰীঃ আয়েশা ছিদ্দিকা

 #নিৰুদ্দেশ_বাৰ্তাবৰপেটা জিলাৰ হাউলী ১০ নং ৱাৰ্ডৰ নিউ ফাৰ্মাচীৰ স্বত্বাধিকাৰী জেহেৰুল ইছলামৰ মাতৃ পীয়াৰা খাতুন নামৰ মানস...
13/07/2025

#নিৰুদ্দেশ_বাৰ্তা

বৰপেটা জিলাৰ হাউলী ১০ নং ৱাৰ্ডৰ নিউ ফাৰ্মাচীৰ স্বত্বাধিকাৰী জেহেৰুল ইছলামৰ মাতৃ পীয়াৰা খাতুন নামৰ মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা গৰাকী কালি ৰাতি ১১ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। মহিলা গৰাকীৰ বয়স ৬৫ বছৰ।
বৃহত্তৰ কলগাছিয়া অঞ্চলৰ কোনোবাই যদি মহিলাগৰাকীৰ সন্ধান পায় তেন্তে তলত উল্লেখিত ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই।

ফোন নং 9954322844 / 7002515207

অসম প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কমিটী ঘোষণা। দ্বিতীয় বাৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব লাভ কলগাছিয়াৰ যুৱনেতা আজা...
06/07/2025

অসম প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কমিটী ঘোষণা। দ্বিতীয় বাৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব লাভ কলগাছিয়াৰ যুৱনেতা আজাদ হুছেইনৰ। উল্লেখ্য যে, যুৱনেতা আজাদ হুছেইন আগন্তক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ২২ নং মন্দিয়া সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী।

Gaurav Gogoi
Azad Hussain
Indian National Congress - Assam

অসম প্ৰদেশ কংগ্ৰেছৰ 'পৰ্যবেক্ষক' হিচাপে নিযুক্ত  হৈছে যুৱনেতা আজাদ হুছেইন। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজাদ হুছেই...
08/06/2025

অসম প্ৰদেশ কংগ্ৰেছৰ 'পৰ্যবেক্ষক' হিচাপে নিযুক্ত হৈছে যুৱনেতা আজাদ হুছেইন। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজাদ হুছেইনক এই নিযুক্তি দিয়াত উৎফুল্লিত মন্দিয়া সমষ্টিৰ কংগ্ৰেছ মহল।

Indian National Congress - Assam
Azad Hussain

Address

Barpeta
781319

Alerts

Be the first to know and let us send you an email when কলগাছিয়া দৰ্পণ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to কলগাছিয়া দৰ্পণ:

Share