Tezpur Buzz - Assamese

  • Home
  • Tezpur Buzz - Assamese

Tezpur Buzz - Assamese "The Tezpur Buzz - Assamese" is a part of the online English Digital Media portal, 'Tezpur Buzz'.

জাতিৰ স্পন্দন ৰঙালী বিহুৰ আজি গোঁসাই বিহু উপলক্ষে  সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন  কৰিলো। এই শুভক্ষণত আপোনাৰ পৰিয়ালৰ লগ...
16/04/2025

জাতিৰ স্পন্দন ৰঙালী বিহুৰ আজি গোঁসাই বিহু উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। এই শুভক্ষণত আপোনাৰ পৰিয়ালৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনৰ কল্যাণৰ হকে আশীৰ্বাদ বিচাৰি ভগৱন্ত প্ৰভুৰ শ্ৰীচৰনত গভীৰ শ্ৰদ্ধাৰে সেৱা জনালোঁ।

"অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো,তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি নেপাতি কেনেকৈ থাকো।"সকলোলৈ  অসমীয়া বাপতি সাহো...
15/04/2025

"অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি নেপাতি কেনেকৈ থাকো।"

সকলোলৈ অসমীয়া বাপতি
সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো | নতুন বছৰটোৱে আপোনালোকলৈ আনক অফুৰন্ত আনন্দ, সফলতা আৰু সুস্বাস্থ্য |

02/04/2025

: তেজপুৰ মাণ্ডলিক কাৰ্যালয়ত ভাৰতীয় চাহ বোৰ্ডৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ।

30/03/2025

#তেজপুৰ : ৰঙালী বিহুৰ আগমনে সকলোফালে উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰিছে। তেজপুৰত বিহু কৃষ্টি পৰিষদ, শোণিতপুৰ জিলাৰ উদ্যোগত আয়োজিত বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা সফলভাৱে সম্পন্ন হয়। প্রশিক্ষণ লাভ কৰা শিল্পীসকলে নিজ অভ্যাস প্ৰদৰ্শন কৰে, আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানে বিশেষ মান্যতা লাভ কৰে। প্ৰশিক্ষাৰ্থী, প্ৰশিক্ষক, আৰু অতিথিসকলক মানপত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠান জনসাধাৰণৰ বিশেষ প্ৰশংসা লাভ কৰে।

30/03/2025

#জামুগুৰি : ৰঙালী বিহুৰ আগত জামুগুৰিহাটৰ টুপীয়া বীনিতা ঢোল ভাণ্ডাৰত কাৰিকৰসকল ব্যস্ত হৈ ঢোল তৈয়াৰ কৰি আছে। গ্ৰাহকৰ ভিৰো বৃদ্ধি পাইছে। নৰেণ দাসে এই কাৰ্য কৰি ২২ বছৰৰ পৰা পৰিয়াল পোহপাল দি আহিছে।

14/11/2024

#জামুগুৰিহাট : জামুগুৰিহাটৰ ইটাখোলাৰ কেৰাণীপামৰ মূখা শিল্পী টংকেশ্বৰ শইকীয়াই নিৰ্ম্মান কৰা ৰাস ভাওনাৰ বিভিন্ন সামগ্ৰীৰ লগতে কাজিৰঙাৰ জীৱজন্তুৰ মুৰ্তি সমুহে অঞ্চলটোৰ ৰাইজৰ দ্বাৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

14/11/2024

#তেজপুৰ : ৰাজ্যৰ প্ৰান্তৰ চৌদিশে চলিছে এতিয়া ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি । শৰতৰ জোনাকৰ পোহৰে আওছি ধৰিব শ্রী কৃষ্ণৰ ৰাস মহোৎসৱ। বাকি আছে মাজত মাথো দুটা দিন আৰু ইয়াৰ সমান্তৰাল কৈ দেখা গৈছে তেজপুৰ বাসি ৰাইজৰ মাজত উলহ মালহৰে ৰাস মহোৎসৱৰ ব্যপক প্ৰস্তুতি ।

বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ সাংস্কৃতিক উত্তৰণ আৰু ভক্তি মার্গৰ দিশৰে পৱিত্ৰ ভাদ মাহৰ গুৰুত্ব অপৰিসীম। প্ৰতিটো নামঘৰত গুঞ্জ...
19/08/2024

বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ সাংস্কৃতিক উত্তৰণ আৰু ভক্তি মার্গৰ দিশৰে পৱিত্ৰ ভাদ মাহৰ গুৰুত্ব অপৰিসীম। প্ৰতিটো নামঘৰত গুঞ্জৰিত হোৱা হৰিনামৰ ধ্বনিয়ে বোৱাই অনা প্ৰেম অমৃতৰ নদী খনে সমূহ অসমবাসীলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সম্প্ৰীতিৰ বতৰা ।

সকলোলৈকে পৱিত্ৰ ভাদ মাহৰ ভক্তি ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো।

10/06/2024

#তেজপুৰ : Anchor : দিহানাম সংৰক্ষণ মঞ্চ অসমৰ দ্বিতীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দিহানাম সংৰক্ষণ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত আৰু ডিব্ৰুগড় সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত দুলীয়াজান কেন্দ্ৰীয় নামঘৰত দেওবাৰে দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে সম্পন্ন হয় । অসমৰ ২৪ খন জিলাৰ প্ৰতিনিধি আৰু বিষয়ববীয়াৰে অনুষ্ঠিত সভাত প্ৰায় দুশ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা দেখা যায় । উক্ত সভাত শোণিতপুৰ জিলা দিহানাম সংৰক্ষণ মঞ্চ তেজপুৰৰ পৰা তিনিজনে প্ৰতিনিধিত্ব কৰে ক্ৰমে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক ড° নয়ন জ্যোতি বৰা, শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি দিপেন শইকীয়া আৰু বিশিষ্ট সমাজকৰ্মী লুলুমণি গগৈ দাসে । সভাত দিহানাম সংৰক্ষণ মঞ্চৰ সংবিধানৰ খচৰা পাঠ আৰু সংশোধনী সংযোজন মৰ্মে গ্ৰহণ, দিহানামৰ নিয়মাৱলী প্ৰস্তুত আৰু সাংগঠনিক বিষয়ত আলোচনা আৰু সিন্ধান্ত গ্ৰহণ কৰে । দিহানাম সংৰক্ষণ মঞ্চ অসমৰ সভাপতি ড° প্ৰশান্ত খাউণ্ড আৰু আদৰণি সমিতিয়ে প্ৰতিনিধিসমূহক আন্তৰিকতাৰে শলাগ লয় ।

14/04/2024

: অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বাপতিসাহোন ৰঙালী বিহুটিক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি । ইয়াৰ মাজতে কিন্তু থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ ৯০ উৰ্দ্ধৰ সোণ বৰুৱাৰ ককাৰ পেপাৰ গুমগুমনি । আজো ককাৰ দিনৰ ২০০ বছৰীয়া পেপাটি সযতনে ৰাখি থৈছে সোণ বৰুৱা ককাই । বিহু বুলিলেই ককাৰ হেনো গা সাতখন আঠখন হৈ উঠে । যৌৱন কালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাতো ঘৰৰ পদূলিতে বহি পেপা বজাই ৰঙালী বিহুটিক আদৰণি জনোৱা দেখা গল ।

লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।’ সকলো অসমবাসীকে গৰু বিহুৰ আন্তৰিক শুভকামনা জ্...
13/04/2024

লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।’ সকলো অসমবাসীকে গৰু বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো

Address


Alerts

Be the first to know and let us send you an email when Tezpur Buzz - Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tezpur Buzz - Assamese:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share