06/10/2025
https://www.facebook.com/100078625674721/posts/798765382754310/
১৪,৩৬২ গৰাকী কমিউনিটি কেডাৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, কেবিনেটৰ অনুমোদন ...
পূৰ্বতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৪,১৭৬ গৰাকী কমিউনিটি কেডাৰে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছিল । মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ পৌৰহিত্যত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত নতুনকৈ ১০,১৮৬ গৰাকী কমিউনিটি কেডাৰক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাবে সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই সিদ্ধান্তই নিশ্চিত ৰূপত কমিউনিটি কেডাৰসকলৰ মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব বুলি মই ভাৱো ।
এই সিদ্ধান্তৰ বাব মই বিভাগীয় মন্ত্ৰী হিচাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সহিতে সতীৰ্থ মন্ত্ৰীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
শ্ৰী ৰণজিৎ কুমাৰ দাস
মন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ
অসম চৰকাৰ ।
CMO Assam