12/15/2025
বৰ্ষীয়ান সাংবাদিক পি জি বৰুৱাৰ বিয়োগত
দিছপুৰ প্ৰেছ ক্লাবৰ গভীৰ শোক প্ৰকাশ
গুৱাহাটী, ১৫ ডিচেম্বৰ : ৰাজ্যৰ বিশিষ্ট সাংবাদিক, সম্পাদক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে ।
প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক শোক বাৰ্তাত কয় যে -
বৰ্ষীয়ান সাংবাদিক বৰুৱাৰ মৃত্যুত অসমৰ সংবাদ জগতৰ এটা যুগৰ অৱসান ঘটিল । পি জি বৰুৱাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি ।
অসমৰ সাংবাদিকতা ক্ষেত্ৰখনৰ লগত সংবাদ মাধ্যম আৰু সমাজ জীৱনলৈ
তেখেতে যি অৱদান আগবঢ়াই থৈ গ'ল সেয়া চিৰস্মৰণীয় হৈ ৰব।
দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।