Dispur Press Club

Dispur Press Club News Agency

04/10/2026

‘অসমীয়া প্ৰতিদিন’ কাকতৰ লখিমপুৰৰ কাৰ্যালয়ত সংঘটিত আক্ৰমণৰ ঘটনাক দিছপুৰ প্ৰেছ ক্লাবৰ গৰিহনা । সংবাদমাধ্যমৰ কণ্ঠৰোধ কৰিবলৈ কৰা এনে অপচেষ্টাৰ সৈতে জড়িত দুস্কৃতিকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনালো।

03/29/2026
03/29/2026

দিছপুৰ প্ৰেছ ক্লাবৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ৪৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

গুৱাহাটী ২৯ মাৰ্চ: গুৱাহাটী মহানগৰীত কৰ্মৰত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক- সংবাদ কৰ্মীক লৈ গঠিত দিছপুৰ প্ৰেছ ক্লাবৰ
ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।
পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে আৰম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।
দিনৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। দিছপুৰ প্ৰেছ ক্লাবৰ সৈতে জড়িত সাংবাদিক সকলে মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে পৰিবেশন কৰে সমবেত সংগীত। মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, প্ৰথম খবৰৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা বুৰঞ্জীবিদ ড°ৰীতা বৰুৱা, দৈনিক গণ অধিকাৰ কাকতৰ সম্পাদক চন্দ্ৰ কুমাৰ শইকীয়া, বৰ্ষীয়ান সাংবাদিক অমল গুপ্ত, জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ, আসাম পাব্লিক বৰ্কছৰ সঞ্চালক আভিজিত শৰ্মা, গুৱাহাটী প্ৰেছ ক্লাবৰ উপ-সভাপতি প্ৰদীপ বৰ্মন, বিশিষ্ট সাহিত্যিক ৰমেন দাস আদি।
এই অনুষ্ঠানতে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা মুঠ ৪৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
সম্বৰ্ধিত ব্যক্তি সকল হ'ল ক্ৰমে শোভানা চৌধুৰী ডি ৱাই ৩৬৫, সমীৰণ বৰঠাকুৰ এন ডি২৪, গোকুল তালুকদাৰ দৈনিক অসম, ধৰ্মেন্দ্ৰ কলিতা নিউজ লাইভ, প্ৰণব দাস ডি ৱাই ৩৬৫, ভাস্কৰ জ্যোতি শইকীয়া নিউজ ১৮ অসম নৰ্থ ইষ্ট, বসন্ত দাস দৈনিক গণ অধিকাৰ, অলিম্পিকা বৰা নেশ্বন এন ই, মৃগাংক মোহন দত্ত এম এম ডি ফ'কাচ , দ্বীপেন ডেকা দৈনন্দিন বাৰ্তা, মিনহাজুদ্দিন আহমেদ প্ৰথম খবৰ, ছৰফৰাজ খান সংবাদ ৩৬৫, প্ৰবীণ বৰুৱা অসমীয়া প্ৰতিদিন ডিজিটেল, ৰণজিৎ পাটগিৰি অসমীয়া প্ৰতিদিন, কবৰী ডেকা অসম লাইভ ২৪, চম্পক মেধি নিউজ টাইম এন ই, পৰিস্মিতা
শ ইকীয়া চচ দ্য ৰিয়েলিটি, বিশ্বজিৎ গগৈ দ্য ভয়চ,মৃদুল লেখাৰু অসম লাইভ ২৪, সঞ্জীৱ বৰ্মন মুক্ত সাংবাদিক, ৰূপম দলৈ প্ৰতিদিন টাইম, হীৰক জ্যোতি কলিতা চচ দ‌্য ৰিয়েলিটি, ৰাণা চৌধুৰী নিউজ এন ই ৩৬৫, জ্যোৰ্তিময় শৰ্মা এন ইষ্ট লাইভ, কৰবী ডেকা প্ৰাগ নিউজ, হাফিজ আহমেদ দৈনিক গণ অধিকাৰ।

অনুষ্ঠানত সম্বৰ্ধিত সামাজিক ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তি সকল হ'ল ক্ৰমে প্ৰফুল্ল শইকীয়া, অনামিকা বৰ্মন, মহেশ তিৱাৰী, ধ্ৰুৱপ্ৰসাদ বৰুৱা, জুনাইদ খালিদ, জীৱ কান্ত নেওগ, সুমন ফুকন, কমল ডেকা, সুভাষ চন্দ্ৰ পাঠক, হেমন্ত দৈমাৰী, মানস কলিতা, প্ৰাঞ্জল প্ৰতীম মুদৈ, ৰূপ জ্যোতি দত্ত, অসীম ডেকা, ডা: সুব্ৰত দে, কল্লোল দাস, হেমন্ত জৈন ,আজাদ আলী, আনন্দ আগৰৱালা, আদি।
মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে।
অনুষ্ঠানত
অনুষ্ঠানত ৰত্ন ওজা সনাতন কলাপীঠৰ নৃত্য শিল্পীৰ দলে নাদুভংগী নৃত্য আৰু ভোৰতাল নৃত্য পৰিবেশন কৰে।
অনুষ্ঠানটো সফল কৰাৰ বাবে দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ড°নৰেন হাজৰিকা আৰু কাৰ্যকৰী সভাপতি আৰ্জেদ হুছেইন চহৰীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

দিছপুৰ প্ৰেছ ক্লাবৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী লৈ সকলোকে সাদৰে নিমন্ত্ৰণ জনালো। তাৰিখ: ২৯/০৩/২০০২৬স্হান:...
03/28/2026

দিছপুৰ প্ৰেছ ক্লাবৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা
দিৱসৰ কাৰ্যসূচী লৈ সকলোকে সাদৰে নিমন্ত্ৰণ জনালো।
তাৰিখ: ২৯/০৩/২০০২৬
স্হান: দিছপুৰ প্ৰেছ ক্লাব প্ৰাংগণ

03/27/2026

দিছপুৰ প্ৰেছ ক্লাব
ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
২৯ মাৰ্চ ২০২৬

বৰ্ষীয়ান প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান আমি অতিকৈ মৰ্মাহত হৈছোঁ।দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেওঁৰ বি...
02/22/2026

বৰ্ষীয়ান প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান আমি অতিকৈ মৰ্মাহত হৈছোঁ।
দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।

স্বৰ্গীয় হৰেন্দ্ৰ নাথ বৰুৱা মিডিয়া ফুটবল প্ৰতিযোগিতাত দিছপুৰ প্ৰেছ ক্লাবৰ অংশগ্ৰহণ।খেলত হৰা জিকা ডাঙৰ কথা নহয়। আমি খে...
01/04/2026

স্বৰ্গীয় হৰেন্দ্ৰ নাথ বৰুৱা মিডিয়া ফুটবল প্ৰতিযোগিতাত দিছপুৰ প্ৰেছ ক্লাবৰ অংশগ্ৰহণ।
খেলত হৰা জিকা ডাঙৰ কথা নহয়।
আমি খেলিলো --
হৃদয় জিনিলো।

12/15/2025

বৰ্ষীয়ান সাংবাদিক পি জি বৰুৱাৰ বিয়োগত
দিছপুৰ প্ৰেছ ক্লাবৰ গভীৰ শোক প্ৰকাশ

গুৱাহাটী, ১৫ ডিচেম্বৰ : ৰাজ্যৰ বিশিষ্ট সাংবাদিক, সম্পাদক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে ।

প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক শোক বাৰ্তাত কয় যে -
বৰ্ষীয়ান সাংবাদিক বৰুৱাৰ মৃত্যুত অসমৰ সংবাদ জগতৰ এটা যুগৰ অৱসান ঘটিল । পি জি বৰুৱাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি ।
অসমৰ সাংবাদিকতা ক্ষেত্ৰখনৰ লগত সংবাদ মাধ্যম আৰু সমাজ জীৱনলৈ
তেখেতে যি অৱদান আগবঢ়াই থৈ গ'ল সেয়া চিৰস্মৰণীয় হৈ ৰব।
দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।

দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ প্ৰবীন সাংবাদিক - সাহিত্যক প্ৰয়াত বৈকুণ্ঠ নাথ গোস্বামীৰ বাসগৃহত উপস্থিত ...
10/29/2025

দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ প্ৰবীন সাংবাদিক - সাহিত্যক প্ৰয়াত বৈকুণ্ঠ নাথ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ আজি প্ৰেছ ক্লাবৰ প্ৰতিনিধি সদস্যৰ দল এটাই পৰিয়ালৰ সুখ -দুখৰ সমভাগী হোৱাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায় ।
লগতে পৰিয়াল সদস্যৰ হাতত প্ৰেছ ক্লাবৰ তৰফৰ পৰা অৰ্পণ কৰা হয় এটি শোক বাৰ্তা।

আগষ্টত অনুষ্ঠিত হৈ যোৱা দিছপুৰ প্ৰেছ ক্লাবৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত আমাৰ 2025 বৰ্ষৰ উদীয়মান জনপ্ৰিয় অভিনেত্ৰী বঁ...
10/28/2025

আগষ্টত অনুষ্ঠিত হৈ যোৱা দিছপুৰ প্ৰেছ ক্লাবৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত আমাৰ 2025 বৰ্ষৰ উদীয়মান জনপ্ৰিয় অভিনেত্ৰী বঁটা প্ৰাপক ৰাজমুকুট থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী মযূৰী গৌতম ব্যক্তিগত অসুবিধাৰ বাবে উপস্থিত থাকিব পৰা নাছিল।
27 অক্টোবৰত গণেশগুৰিৰ থিয়েটাৰ পেণ্ডেলত লগ কৰি তেখেতক এই বঁটাতো প্ৰদান কৰিলোঁ।

Address

Guwahati, CO
781001

Telephone

+19706143889

Website

Alerts

Be the first to know and let us send you an email when Dispur Press Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dispur Press Club:

Share