Dmj News

Dmj News NEWS & ENTERTAINMENT টেলিভিছনত নেদেখা প্ৰকৃত খবৰ যোগান।

02/07/2025
02/07/2025

ওখমাটি চাংমাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সাবিত্ৰী ডেকাৰ বিদায় সম্বৰ্ধনা।

23/06/2025

'আমোল মোল শেৱালি গোন্ধ...'
ধেমাজি বৰদলনি জ্যোতিপ্ৰকাশ সংঘৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ ৰূপালী জয়ন্তীৰ‌ সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই চিৰসেউজ শিল্পী লোকনাথ গোস্বামী।

21/06/2025

ধেমাজিত শুক্ৰবাৰে চমৰাজানত শোকাবহ ঘটনা। ৮ বছৰীয়া ছাত্ৰ নুপু গগৈক মহতিয়াই নিলে এখন এন ফিল্ড মটৰ চাইকেলে। থিতাতে অচেতন হৈ পৰা কণমাণিক ধেমাজি অসমাৰিক চিকিৎসালয়ৰলৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল‌ কলেজলৈ প্ৰেৰণ কৰে। কিন্তু আধা বাটতে মৃত্যুক সাৱতি ল'লে কণমাণি নিপুৱে। তাৰ পিছতে শোকস্তব্ধ সমগ্ৰ অঞ্চল। উত্তেজিত ৰাইজে ৰাজপথত বাইক-গাড়ীৰ দ্ৰুত গতিত চলোৱা যান বাহনক শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ দাবী।

19/06/2025

বিষ্ণুৰাভালৈ শংকৰ পাটোৱাৰীৰ চিঠি✍️

তোমালৈ লিখিছো চিঠি
সাৰে থাকি দোভাগ ৰাতি
বিষ্ণু ৰাভা অ' বিষ্ণু ৰাভা
বুটলি খবৰ চৰাইপুংৰ
বুটলি খবৰ মেৰাপানী
আৰু গোঁসাইগাঁওৰ
চোৰাংচিকাৰী আৰু
পোচাকী ব্যাধৰ
মৃগয়াৰ বাৰ্তা ৰাজপথৰ
বিষ্ণু ৰাভা অ' বিষ্ণু ৰাভা
এতিয়া বাৰু তাত কিমান ৰাতি ?
ইয়াত এতিয়া জয়াল ৰাতি।

আজি বঙহে বঙহৰ চকুলে নেচায়
বুকুৱে বুকুৱে সোৱাদ নেপায়
চিফুং মাদলৰ দ্বন্দত কলিংগ
শগুণৰো বিতৃষ্ণা জাগে মৰাশৰ
বিষ্ণু ৰাভা অ' বিষ্ণু ৰাভা...

সাতভনীৰ মিল নাই
কোনে কাৰ কিল খায়।
আজি শিবিৰে শিবিৰে
অস্ত্ৰোপচাৰ চলে
তোমাৰ মতৰ
নবাবেও আজি
স্বভাব সলায় দেখো
বিশ জুনত ।
নিৰ্দিষ্ট বক্তা
মূখ্য অতিথিৰ ভাষণ
তোমাৰ আদৰ্শৰ
হয় এদিনীয়া প্ৰশিক্ষণ ।
এটি দুটি গীত মাত
কি যে সোঁৱৰণ!
বিষ্ণু ৰাভা অ' বিষ্ণু ৰাভা...

https://youtu.be/cgA_cyXnW48?si=jANDA7W4Kv8c_iKA

28/05/2025

বৃহৎ নদীবান্ধ সমৰ্থন কৰাৰ বাবে ৰাইজৰ ৰোষত অৰুণাচল প্ৰদেশৰ পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক অজিং টাছিং। ৰাইজৰ পহুখেদা। সামাজিক মাধ্যমত ভাইৰেল এই দৃশ্য।

17/05/2025

বৰবাম হাইস্কুলৰ সহ: শিক্ষক ধনী গগৈৰ বিদায় সভা।

16/05/2025

গোগামুখত নতুন সংযোজন বিত্তীয় প্ৰতিষ্ঠান এক্সিচ বেংক গোগামুখ শাখা কাৰ্যালয়
বৃহস্পতিবাৰে মুকলি গোগামুখ-গেৰুকামুখ পথত আটকধুনীয়াকৈ স্থাপন কৰা বেংক প্ৰতিষ্ঠানটো
আনুষ্ঠানিক ভাৱে মুকলি কৰে গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনামিকা গগৈয়ে।

Address

TX

Telephone

+19365810961

Website

Alerts

Be the first to know and let us send you an email when Dmj News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dmj News:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share