06/09/2021
দুলীয়াজানত প্ৰহৰীৰ শিক্ষক দিৱস পালন
____________________________________
দুলীয়াজান ৫ ছেপ্তেম্বৰ ২০২১ঃ
নেতাজী সুভাষ বসুৱে কৈছিল- "শিক্ষক হৈছে এডাল মমবাতি, যি নিজে গলি আনক পোহৰ দিয়ে।" এই কথাষাৰকে সাৰোগত কৰি ৫৯ সংখ্যক শিক্ষক দিৱসটি দুলীয়াজানৰ উষাপুৰ তিনিআলিস্থিত প্ৰহৰী গ্ৰাম্য বিকাশ কেন্দ্ৰত পালন কৰা হয়। এই অনুষ্ঠান উপস্থিত থাকে উষাপুৰ উচ্চ বিদ্যালৰ প্ৰধান শিক্ষক অজিত বড়া, যতিন বড়া, নাহৰকটীয়া কলেজৰ প্ৰৱক্তা দিগন্ত তামুলী, চি-চিয়া বকুলনী বালিকা বিদ্যালয়ৰ শিক্ষক প্ৰশান্ত শইকীয়া, যুৱ সাহিত্যিক অভিজিৎ পাঠক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমণি ৰঞ্জন বৰদলৈ আৰু প্ৰহৰী গ্ৰাম্য বিকাশ সমিতিৰ সভাপতি মানিক শইকীয়া দেৱৰ লগতে প্ৰায় ডেৰকুৰী আমন্ত্ৰীত ছাত্ৰ-ছাত্ৰী।