10/06/2026
দিশা বৈঠকত জিলাৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা।
সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত গুৰুত্বপূৰ্ণ আলোচনাত।
ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দিশা বৈঠক উপস্থিত হয়। মানকাচৰস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।
পথ-ঘাট, শিক্ষা, স্বাস্থ্য, পানীয় জল, কৃষি আৰু বানপানী প্ৰতিৰোধক লৈ আলোচনা।
বৈঠকত পথ-ঘাট নিৰ্মাণ, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন, বিশুদ্ধ খোৱা পানীৰ যোগান, কৃষি খণ্ডৰ অগ্ৰগতি, বানপানী প্ৰতিৰোধ ব্যৱস্থা আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ ৰূপায়ণৰ ওপৰত বিস্তৃত আলোচনা কৰে।
লগতে চৰকাৰী আঁচনিসমূহ যাতে সঠিকভাৱে হিতাধিকাৰীৰ ওচৰ পায় তাৰ ওপৰত গুৰুত্ব আলোচনা কৰে।