Ne Plus

Ne Plus Voice of North-East

17/07/2025

'জেলত মোক পঠোৱাৰ আগত যে ৰাহুল গান্ধী জেলত নাযাব তাৰ কি গেৰান্টি আছে।' -মুখ্যমন্ত্ৰী

17/07/2025

এফালে সংখ্যালঘুক উচ্ছেদ, আনফালে সংখ্যালঘুৰ বিজেপিত যোগদান কৰি জিন্দাবাদ ধ্বনি। 'বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ' ধ্বনি দিলে শতাধিক সংখ্যালঘুৱে। নাওবৈচাৰ সোনাপুৰ গাওঁ পঞ্চায়ত গঠনৰ পিছতে বিজেপিৰ টুপী, গামোচা লৈ দিলে জিন্দাবাদ।

17/07/2025

‘মোৰ নহ’ল যেতিয়া কাৰো হ’ব নোৱাৰে। বেলেগৰ লগত লিলিমাই কৰাৰ বাবে তাইক শে.ষেই কৰি পেলালো...!’ বোকাখাত থানাত আত্মসমৰ্পন নগাঁৱৰ কঠিয়াতলিত পত্নীৰ ঘাতক পলালক ডিম্বেশ্বৰ গগৈৰ।

16/07/2025

লখিমপুৰত অভিনেতা ৰবি শৰ্মা। 'ৰুদ্ৰ' ছবিখনক লৈ কি ক'লে ৰবি শৰ্মাই?

16/07/2025

'নিজৰ কামটোৰ ওপৰত বিশ্বাস থাকিলে পৃথিৱীত যিকোনো কামেই কৰিব পাৰি'। এটা লেপটপেৰে জীৱন আৰম্ভ কৰা ত্ৰিবেদ দত্ত আজি সফল ব্যৱসায়ী।

16/07/2025

যোৰহাটৰ এখন ৰেষ্টোৰাৰ গৰাকী সুচিত্ৰ গোস্বামীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। আইজোং হোটেলত এই নিকৃষ্ট ঘটনা। স্বত্বাধিকাৰী সুচিত্ৰ গোস্বামীৰ বিৰুদ্ধে এজাহাৰ কৰ্মচাৰীৰ।

16/07/2025

কলিয়াবৰৰ লক্ষনাবন্ধাৰ নৃশংস কাণ্ড। অভিযুক্ত মদন বিশ্বাস, ৰতন বিশ্বাস, দিলীপ বিশ্বাস আৰু শংকৰ বিশ্বাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ উলুৱনী আৰক্ষীৰ। ঘটনা সংঘটিত কৰি পলায়ন কৰা মূল অভিযুক্ত মদন বিশ্বাসক নগাঁৱৰ কঠিয়াতলিৰ ৰাঙলুৰ পৰা আটক কৰিবলৈ সক্ষম হয় উলুৱনী আৰক্ষীয়ে। মদন বিশ্বাসৰ লগৰ আন তিনিজন অভিযুক্তই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

16/07/2025

জামুগুৰিহাটৰ মাধৱ গাঁৱৰ এটা পৰিয়ালৰ মাজত হাহাকাৰ। পুৱতি নিশা অহা প্ৰচণ্ড বিজুলি ঢেৰেকণিত বিকট শব্দৰে ফুটি গ’ল ইনভাৰ্টাৰৰ বেটাৰী৷ শুই থকা অৱস্থাতে সংঘটিত এই ঘটনাত সোঁ চকুত আঘাতপ্ৰাপ্ত গৃহস্থ বিমান ভূঞা। ফুটি যোৱা বেটাৰীৰ পানীয়ে চানি ধৰে সমগ্ৰ কোঠাৰ মজিয়া৷

16/07/2025

ছয়গাঁৱত ৰাহুল গান্ধীৰ জনসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ উদাত্ত ভাষণ। মুখ্যমন্ত্ৰীক চেলেঞ্জ দিলে ৰেকিবুদ্দিনে।

16/07/2025

'মোৰ নামটো কিয় নকয়, Local MLA।' ৰাহুল গান্ধীক গামোচা দিবলৈ নাপাই মঞ্চতেই প্ৰতিবাদ বিধায়িকা নন্দিতা দাসৰ।

16/07/2025

'কিছু দিন পিছতে অসমৰ মুখ্যমন্ত্ৰী যাব লাগিব জেললৈ। মই যি কওঁ সেয়াই হয়।' অসমলৈ আহি উদ্দাত্ত কণ্ঠৰে ক'লে ৰাহুল গান্ধীয়ে।

16/07/2025

অসমত উপস্থিত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে। বিমান বন্দৰত কংগ্ৰেছ নেতা-কৰ্মীয়ে জনালে আদৰণি।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Ne Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share