
18/08/2025
📢 জাননী
ইয়াৰ দ্বাৰা অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত “চিকিৎসা বিজ্ঞান আৰু কাৰিকৰী শিক্ষা পাঠ্যক্ৰমত অধ্যয়নৰত দিব্যাংগ ছাত্র-ছাত্ৰীসকলৰ বাবে জলপানী” (Students with Disabilities Pursuing Medical & Technical Education) আঁচনিৰ অধীনত ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলৰ পৰা চলিত বিত্তীয় বৰ্ষৰ বাবে আবেদন পত্র বিচৰা হৈছে। 👉 এই আঁচনীৰ অধীনত প্ৰতিজন দিব্যাংগ ছাত্র-ছাত্ৰীএ মাহে ₹৩,০০০.০০ (তিনি হাজাৰ টকা)কৈ জলপানী লাভ কৰিব।
👉 আৰু লগতে বিভাগৰ অন্তৰ্গত “দিব্যাংগ ছাত্র-ছাত্ৰীসকলৰ জলপানী আঁচনি” (Scholarship to Differently Abled Students) অধীনত প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ অধ্যয়নৰত দিব্যাংগ ছাত্র-ছাত্ৰীসকলক মাহে ২০০.০০কৈ (দুশ টকাকৈ) জলপানী লাভ কৰাৰ ব্যৱস্থা আছে।
📅 আবেদন দাখিলৰ অন্তিম তাৰিখ — ১৫ অক্টোবৰ, ২০২৫
📍 দাখিলৰ স্থান — জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ, সোণাৰি
❌ আবেদনসমূহ সমাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ, দিশপুৰ অথবা বেলতলাস্থিত সঞ্চালকালয়ৰ কাৰ্যালয়ত পোণপটীয়াকৈ গ্ৰহণ কৰা নহ’ব।
📑 আবেদনৰ লগত দাখিল কৰিব লগীয়া নথিপত্ৰ সমূহ হল-
১) স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ (আবেদনকাৰী দিব্যাংগ ছাত্র-ছাত্ৰীসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব)
২) স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰদান কৰা শাৰীৰিক অক্ষমতাৰ প্ৰমাণপত্ৰ অথবা UDID Card (৪০% (40%) বা তাতোধিক দিব্যাংগ প্ৰমাণ পত্ৰ থাকিব লাগিব) ।
৩) আবেদনকাৰী যিকোনো শিক্ষানুস্থানত অধ্যয়ন কৰি থকা হ'ব লাগিব।
৪) আবেদন পত্ৰৰ লগত একপি পাছপৰ্ট আকাৰৰ ফটো গাঠি দিব লাগিব।
৫) আবেদনকাৰীৰ প্ৰ-পত্র সমূহ অধ্যয়ন কৰি থকা শিক্ষা অনুষ্ঠান সমূহৰ মুৰব্বীৰ স্বাক্ষৰ সম্বলিত হ'ব লাগিব।
📥 ডাউনলোড লিংক
👉 জাননী আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ ক্লিক কৰক:
🔗 Google Drive Link https://drive.google.com/drive/folders/1zrlyeyTgdJm4qSL5cVSVVz1Y7VF4ZkfH
📢 সকলো ইচ্ছুক দিব্যাংগ ছাত্র-ছাত্ৰীসকলক সময়মতে আবেদন দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে।
CMO Assam
Janasanyog Charaideo
Ministry of Social Justice and Empowerment, Government of India
District Women & Child Development Department, Charaideo
CDPO, Sapekhati ICDS Project, Charaideo