08/06/2026
🛑 বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীলৈ 'ভাৰতীয় সাহিত্য বঁটা ২০২৬' #
🛑 ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত আৰু অনুমোদিত বাংগালোৰুস্থিত সৰ্বভাৰতীয় অন্যতম সামাজিক প্ৰতিষ্ঠান ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছ'চাইটিয়ে যোৱা ২ জুন তাৰিখৰ এখন চিঠিত উল্লেখ কৰা মতে এইবেলি 'ভাৰতীয় সাহিত্য বঁটা ২০২৬'ৰ বাবে কাৰ্বি আংলং জিলাৰ ডিফু নিৱাসী বিশিষ্ট সাহিত্যিক,কবি ভৱপ্ৰসাদ দেউৰীৰ নাম ঘোষণা কৰিছে । উল্লেখ্য যে দেশৰ সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশেষ বৰঙনি আগবঢ়োৱা বিশিষ্ট সাহিত্যিকসকলক উক্ত প্ৰতিষ্ঠানটোৱে বছৰি সাহিত্যৰ বঁটা প্ৰদান কৰি আহিছে । দেশৰ কেইবাগৰাকী বৰেণ্য সাহিত্যিকৰ লগতে ডিফুৰ ভৱপ্ৰসাদ দেউৰীৰ উক্ত বঁটা প্ৰাপ্তিৰ সংবাদে পাহাৰীয়া জিলা কাৰ্বি আংলং তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
দেউৰীয়ে যোৱা তিনি দশকৰো অধিক কালধৰি অসমৰ জাতীয় জীৱন, সামাজিক মূল্যবোধ, সমাজ-চিন্তা আৰু বাস্তৱতা আদি বিষয়ত পাঁচশৰো অধিক নিবন্ধ সাপ্তাহিক জনমভূমি, আমাৰ অসম, নিয়মীয়া বাৰ্তা, সাদিন, আদি বিভিন্ন কাকত–আলোচনী আৰু স্মৃতিগ্ৰন্থত লেখা প্ৰকাশ কৰি আহিছে । সমান্তৰালভাৱে তেওঁৰ স্বৰচিত গ্ৰন্থ 'সামাজিক মূল্যবোধ আৰু বুদ্ধিজীৱীৰ ভূমিকা (২০০৮), 'অসমৰ জাতীয় চিন্তা' (২০১৮)',ভিন্ন দৃষ্টি আৰু ভিন্ন চিন্তা' (২০২২)'কে ধৰি তথ্যসমৃদ্ধ একডজনতকৈ অধিক গ্ৰন্থ প্ৰকাশেৰে অসমৰ সাহিত্য ক্ষেত্ৰত সুকীয়া আসন দখল কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত সক্ৰিয় অংশগ্ৰহণ কৰি অসমৰ জনগোষ্ঠীয় সাহিত্যক্ষেত্ৰখনলৈ অতুলনীয় অৱদান আগবঢ়াইছে ।
ভৱপ্ৰসাদ দেউৰী জন্মসূত্ৰে কাৰ্বি আংলং জিলাৰ নিৱাসী। ১৯৬২ চনৰ ১৩ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলিৰ কেঞা পুখুৰী (বৰ্তমান ডাকফাৰ্ম )ত জন্মগ্ৰহণ কৰা ভৱপ্ৰসাদ দেউৰী পিতৃ স্বৰ্গীয় খগেন দেউৰী আৰু মাতৃ স্বৰ্গীয়া সমীবালা দেউৰীৰ জ্যেষ্ঠ পুত্ৰ । বৰ্তমান ডিফু, ৰংমিলি, ৱাৰ্ড নং-৬ ৰ নিৱাসী আৰু অসম গ্ৰামীণ বেংকৰ অৱসৰ প্ৰাপ্ত এজন বেংক বিষয়া । প্ৰাবন্ধিক, কবি আৰু সমাজসেৱক দেউৰী অসম সাহিত্য সভাৰ মাতৃভাষা উপসমিতিৰ প্ৰাক্তন আহ্বায়ক, কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু কাৰ্বি আংলং জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক, হাওৰাঘাট প্ৰেছ ক্লাবৰ প্ৰতিস্থাপক মুখ্য সম্পাদককে ধৰি উত্তৰ পূৰ্বাঞ্চল মফচলীয় সাংবাদিক সন্থা,কাৰ্বি আংলং জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন কাৰ্য নিৰ্বাহক সদস্য তথা আজিৰ অসম, গণতন্ত্ৰ, পাহাৰীদূত কাকত আদিৰ লগত জড়িত এগৰাকী সাংবাদিক আৰু স্তম্ভ লেখক ।
বৰ্তমান সদৌ অসম কবি সন্মিলনৰ কাৰ্বি আংলং জিলাৰ উপ-সভাপতি, তিৱা বুদ্ধিজীৱী মঞ্চৰ মুখপত্ৰ-সম্পাদক, ডিফু সাহিত্য সভাৰ প্ৰকাশন সচিবকে ধৰি তিৱা সাহিত্য সভা, তিৱা সমাজ, অসম জনজাতীয় সাংস্কৃতিক মঞ্চ আদি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত হৈ আছে ।