02/12/2025
হাউলী পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডত (জলজলীত) মৰা মানাহ নদী মাটিৰে পুতি অবাধ বেদখলৰ দুষ্কাৰ্য পৰিলক্ষিত হৈছে। কিন্তু দেখিও নেদেখাৰ ভাও জুৰি নিমাত এতিয়া জিলা প্ৰশাসন অথবা পৌৰ প্ৰশাসন। কৃত্ৰিম বানত ককবকাই থকা হাউলী নগৰৰ পানী ওলাই যোৱা একমাত্ৰ মাধ্যম এই মৰা মানাহ নদীত দুষ্কিতিকাৰীয়ে এনেদৰে বেদখল কৰি থাকিলে অনাগত দিনত হাউলীবাসীয়ে যে ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হ'বলগীয়া হ'ব সেয়া ধুৰুপ।
DC Barpeta