The Talks

The Talks Welcome to “The Talks”, a fully registered web portal under the Company Act, with registration number U63910AS2025PTC027572.
(3)

Our portal name is also a registered trademark, ensuring our commitment to authenticity.

28/09/2025

জুবিন দাক সোঁৱৰী
জুবিন দা আমাৰ...

Live at Theme Park, Bongaigaon

28/09/2025

বঙাইগাঁও সদৰ চহৰৰ মাজমজিয়াত বৃহৎ চুৰিকাণ্ড

মবাইল, লেপটপ, টিভিকে ধৰি নগদ ধন চুৰি

চিচি কেমেৰাৰৰ যন্ত্ৰাংশও চুৰি

সদৰ চহৰখনৰ এম এছ ইনফটেকত সংঘটিত হয় এই চুৰিকাণ্ড

চাটাৰৰ তলা ভাঙি প্ৰৱেশ কৰে চোৰৰ দল

হাগ্ৰামা মহিলাৰী আজি উপস্থিত জুবিন গাৰ্গৰ ঘৰত !
28/09/2025

হাগ্ৰামা মহিলাৰী আজি উপস্থিত জুবিন গাৰ্গৰ ঘৰত !

আজি 28-09-2025 সন্ধিয়া ৬ বজাত  নতুনপাৰা সার্বজনীন দুর্গামন্দিৰৰ প্রাঙ্গণত শ্রদ্ধাৰ জুবিন গার্গৰ প্রতি শ্রদ্ধাঞ্জলিৰ  আয়...
28/09/2025

আজি 28-09-2025 সন্ধিয়া ৬ বজাত নতুনপাৰা সার্বজনীন দুর্গামন্দিৰৰ প্রাঙ্গণত শ্রদ্ধাৰ জুবিন গার্গৰ প্রতি শ্রদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে । সেয়েহে বঙাইগাঁৰ সকলো বাসিন্দাকেই উপস্থিত থকাৰ বাবে অনুৰোধ কৰা হ’ল ৷

সার্বজনীন শ্রী শ্রী দুর্গা পূজা,
নতুনপাৰা কমিটি ২০২৫

অহা নাট্যবৰ্ষৰ বাবে থিয়েটাৰ সূৰ্য্য ই মঞ্চস্থ কৰিবলৈ ঘোষনা কৰা অভিজিত ভট্টাচাৰ্য ৰ "মায়াবিনী ৰাতিৰ বুকুত" নাটকখনক লৈ এ...
28/09/2025

অহা নাট্যবৰ্ষৰ বাবে থিয়েটাৰ সূৰ্য্য ই মঞ্চস্থ কৰিবলৈ ঘোষনা কৰা অভিজিত ভট্টাচাৰ্য ৰ "মায়াবিনী ৰাতিৰ বুকুত" নাটকখনক লৈ একাংশ মহলত বিতৰ্কৰ সৃষ্টি হৈছিল তাৰ পাছতে থিয়েটাৰ সূৰ্য্যৰ কতৃপক্ষই নাটখনি ৰ উপস্থাপন ৰ সিদ্ধান্ত বাতিল কৰিলে।।

28/09/2025
বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত উজান ৰাভাপাৰাত কালি আনুষ্ঠানিকভাৱে বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়।অ...
28/09/2025

বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত উজান ৰাভাপাৰাত কালি আনুষ্ঠানিকভাৱে বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়।অসমৰ যি যি পৰ্যটন স্থলী আছে তাৰ ভিতৰত বাচনি কৰি এইবাৰ বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত উজান ৰাভাপাৰাত ৰাজ্যিক পৰ্যায়ত বিশ্ব পৰ্যটন দিৱস বিভাগীয়ভাৱে পালন কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতেই সদ্য প্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়।কালিৰ বিশ্ব পৰ্যটন দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি পৰ্যটন বিভাগৰ সচিব ডঃ দেৱজিত খনিকৰে আদৰণি ভাষণ দিয়ে।
অনুষ্ঠানত পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকী,বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত নৱদ্বীপ পাঠক,জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা আদিকৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
পৰ্যটনৰ লগত বহুবছৰ ধৰি ওতঃপ্ৰোতভাৱে জড়িত থকা বিশিষ্ট ব্যক্তি আশীষ ফুকন সভাত উপস্থিত থাকি ভাষণ আগবঢ়ায়।তেওঁ কয় যে পৰ্যটন এটা উদ্যোগ। পৰ্যটন উদ্যোগত আত্মনিয়োগ কৰি উঠি অহা যুৱচামে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে।পৰ্যটকৰ গাইড হিচাপে কাম কৰি,ফটোগ্ৰাফী-ভিডিঅ গ্ৰাফীৰ জৰিয়তে বা পৰ্যটকৰ বাবে থকা-খোৱাৰ ব্যৱস্থা কৰি দিও আত্মনিৰ্ভৰ হ'ব পাৰি।পৰ্যটনৰ জৰিয়তে আত্মনিৰ্ভৰ হ'বলৈ যুৱচাম আগবাঢ়ি আহিব লাগিব-শ্ৰী ফুকনে এনেদৰে কয়।
অনুষ্ঠানত পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই ভাষণ প্ৰসংগত পৰ্যটন নো কি সেই বিষয়ে কয়।আগতেও পৰ্যটকসকলে বিভিন্ন দেশ ভ্ৰমণ কৰিছিল,বিভিন্ন ঠাইৰ বিষয়ে বৰ্ণনা কৰি কিতাপো লিখিছিল।যেনেদৰে চীনা পৰিব্ৰাজক হিউৱেন চাঙ আহিছিল কামৰূপলৈ আৰু কিতাপ লিখিছিল। এনেদৰে আমাৰ সংস্কৃতি,খাদ্যাভ্যাস, পিন্ধন-উৰণ সকলো আন সংস্কৃতিৰ মানুহৰ লগত বিনিময় হয়।ইঠাইৰ মানুহৰ লগত সিঠাইৰ মানুহৰ পৰিচয় ঘটে,ঘনিষ্ঠতা বাঢ়ে।আজিকালি পৰ্যটন এটা উদ্যোগত পৰিণত হোৱা বুলি শ্ৰী বৰাই ভাষণত উল্লেখ কৰে।আজিৰ সভাত উপস্থিত সকলো ব্যক্তিক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানত কাকৈজানা উজান ৰাভাপাৰা গাঁও উন্নয়ন সমিতিৰ উপদেষ্টা ভৱেশ্বৰ ৰাভায়ো বক্তব্য আগবঢ়ায়।
অনুষ্ঠানৰ অংশ হিচাপে ফটোগ্ৰাফী,ভিডিঅগ্ৰাফী, টুৰিষ্ট গাইড,হোম স্তে আদিৰ লগত জড়িত অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলক বঁটা হিচাপে নগদ ধন আৰু প্ৰশস্তিপত্ৰ প্ৰদান কৰা হয়।হলৌ বান্দৰৰ লগত সহবাস কৰা তিনিচুকীয়াৰ প্ৰকৃতিপ্ৰেমী বাৰেকুৰি গাঁৱৰ ৰাইজক আজিৰ অনুষ্ঠানতে প্ৰশস্তিপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়।তদুপৰি কাকৈজানা উজান ৰাভাপাৰা গাঁৱৰ প্ৰকৃতিপ্ৰেমী ৰাইজকো আজি সম্বৰ্ধনা জনোৱা হয়।

লগ পাম, আহিব
28/09/2025

লগ পাম, আহিব

27/09/2025

অৰুণাচলৰ জিৰো ফেষ্টিৱেলত স্মৰণ কৰা হ’ল আমাৰ প্ৰিয় জুবিনদাক

27/09/2025

কাইলৈ বেলবৰণ অৰ্থাৎ ষষ্ঠী !

মা দুৰ্গাৰ প্ৰতিমাসমুহত শেষ স্পৰ্শ খনিকৰৰ !

প্ৰতিমাসমুহ লৈ যোৱা হ’ব পেণ্ডেলসমুহলৈ !

প্ৰতিমা সমুহ বিদায় দিবলৈ গৈ খনিকৰৰ চকুত পানী !

কিছু ক্ষোভ ও নথকা নহয় !

আঁতৰ হওঁক এই পুজাতেই অসূয়া অমংগল !

জুবিন দায়ে ন্যায় পাওঁক , এইয়াইএইবাৰ অসমবাসীৰ প্ৰাৰ্থনা !

Address

Bongaigaon
783380

Alerts

Be the first to know and let us send you an email when The Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Talks:

Share