11/09/2026
* | ১ নং নোৱাপাৰা উন্নয়ন সমিতি (মানিকপুৰ)ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত*
বঙাইগাঁওঃ ১ নং নোৱাপাৰা উন্নয়ন সমিতিৰ আজি অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সৰ্বসন্মতি মৰ্মে গৃহীত কৰা হয়।
সভাত সিদ্ধান্ত লোৱা হয় যে, গাঁৱত কোনো ব্যক্তিয়ে নিচাযুক্ত সামগ্ৰী বা মাদক দ্ৰব্যৰ ব্যৱসায় কৰিলে ১০ হাজাৰ টকা জৰিমনা বিহাৰ লগতে গাঁৱৰ পৰা এঘৰীয়া কৰা হ’ব।
লগতে মাদক দ্ৰব্য ব্যৱসায় কৰা সকলক কালিৰে পৰা মাদক দ্ৰব্য বিক্ৰী বন্ধ কৰাৰ বাবে জাননী দিয়া হ’ব বুলিও সমিতিয়ে প্ৰস্তাৱ গ্ৰহণ কৰে। তদুপৰি নিয়ম ভংগ কৰি পুনৰ মাদক দ্ৰব্য বিক্ৰী কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো সিদ্ধান্ত লোৱা হয়।